Investigative reporting with dedication.

গুজৰাটত উপায়ুক্তৰ পদত এগৰাকী ১১ বছৰীয়া কিশোৰী। ২৪ ঘণ্টাৰ বাবে উপায়ুক্তৰ পদত অধিষ্ঠিত হ’ল ফ্লৰা এছোডিয়া’ নামৰ কিশোৰী গৰাকী। জটিল ৰোগত আক্ৰান্ত ফ্লৰাৰ ইচ্ছা পূৰণ কৰিলে গুজৰাটৰ আহমেদাবাদ প্ৰশাসনে। ভৱিষ্যতে এগৰাকী উচ্চ প্ৰদস্থ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছিল ফ্লৰাৰ কিন্তু বিগত ৭ মাহ ধৰি ফ্লৰা আক্ৰান্ত হৈ আছে জটিল ব্ৰেইন টিউমাৰত। সেইবাবেই আহমেদাবাদ প্ৰশাসনে এদিনৰ বাবে উপায়ুক্তৰ আসননত বহাই ইচ্ছা পূৰণ কৰে কিশোৰী গৰাকিৰ। প্ৰশাসনৰ এই পদক্ষেপত এতিয়া উৎফুল্লিত হৈ পৰে ফ্লৰাৰ অভিভাৱক তথা পৰিয়ালবৰ্গ।




