শ্ৰেণী ৰাষ্ট্ৰীয়

টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব নেকি কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী?

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত ফিল্ডত নামিবলৈ সাজু হৈছে বিশ্বৰ শ্ৰেষ্ঠ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। আগন্তুক টি-২০ বিশ্বকাপ ভাৰতীয় ডাগআউটত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। অৱশ্যে এইবাৰ খেলুৱৈ হিচাপে নহয় দলৰ মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপেহে নিৰ্বাচন কৰা হৈছে ধোনীক।…

আগন্তুক ৰাজ্যসভা নিৰ্বাচনত পশ্চিম বংগৰ প্ৰাৰ্থী হ’ব অসমৰ সুস্মিতা দেৱ

অহা ৪ অক্টোবৰত ৰাজ্যসভাত খালী হৈ থকা ৬ খন আসনৰ বাবে দেশত নিৰ্বাচন অনুষ্ঠিত হব বুলি ইতিমধ্যেই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বৰ্তমান অসমৰ এখন, পশ্চিম বংগৰ এখন, মধ্য প্ৰদেশৰ এখন, তামিলনাডুৰ দুখন আৰু মহাৰাষ্ট্ৰৰ এখন আসন খালী হৈ…

৭০ লাখ টকীয়া ঘৰত বাস কৰা দেশৰ সবাতোকৈ ধনী ভিক্ষাৰি জনক আপুনি চিনি পাইনে ?

এজন ভিক্ষাৰিৰ মাহিলী আয় কিমান ? দেশৰ এজন বিশেষ ভিক্ষাৰিৰ মাহিলী আয় শুনিলে চকু কপালত উঠিব আপোনাৰ। একোজন চৰকাৰী কৰ্মচাৰীতকৈ বহু বেছি ব্যয়বহুল জীৱন কটাই এইজন ভিক্ষাৰিয়ে। এওঁৰ নাম ভৰত জৈন। তেওঁ মূলতঃ মুম্বাইৰ প্যাৰেল এলেকাত ভিক্ষা খোজে। ভৰতৰ মাহিলী…

ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক ৰামায়ণ আৰু মহাভাৰত শিকাবলৈ সাজু হৈছে বিজেপি

RSSৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জীৱন পাঠ MBBS পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ অভিসন্ধি উন্মোচন হোৱাৰ পিছত এইবাৰ মধ্য প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰামায়ণ, মহাভাৰত আৰু লগতে ৰামে লংকাত উপস্থিত হ’বলৈ ব্যৱহাৰ ৰামসেতুৰ কথা অন্তৰ্ভুক্ত কৰাৰ কথা…

কিয় দেশত অত্যাধিক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত শিশুৰ সংখ্যা?

দেশত ক’ভিডৰ দ্বিতীয় ঢৌয়ে তাণ্ডৱ চলাই থকাৰ সময়ত বহু বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছিল যে ক’ভিডৰ তৃতীয় ঢৌয়ে দেশৰ শিশু সকলক বিশেষভাৱে সংক্ৰমিত কৰিব পাৰে। এক বিশেষ প্ৰতিবেদনৰ শেহতীয়া পৰিসংখ্যা অনুসৰি ১-১০ বছৰীয়া শিশুৰ ক্ষেত্ৰত ক’ভিড সংক্ৰমণ প্ৰায় দুগুণ বৃদ্ধি হৈছে।…

আজি হিন্দী দিৱস। কিন্তু ভাৰতৰ চৰকাৰী ভাষা হিন্দী কেনেকৈ হ’ল?

আজি হিন্দী দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতেই হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। দৰাচলতে যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰত বহু গুৰুতৰ সমস্যাৰ মুখামুখি হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ দৰে নানা জাতি নানা ধৰ্মৰ নাগৰিক একেখন সমাজত…

প্ৰবীণ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ বিয়োগ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য অস্কাৰ ফাৰ্ণাণ্ডেজৰ মঙলবাৰে মাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ফাৰ্ণাণ্ডেজ ইউপিএ চৰকাৰৰ কেন্দ্ৰীয় পথ – পৰিবহন , শ্ৰম আৰু নিযুক্তি দপ্তৰৰ  মন্ত্ৰী আছিল।  ফাৰ্ণাণ্ডেজ কংগ্ৰেছৰ শীৰ্ষ নেতা ছোনিয়া…

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰিলে পেটেলে। উল্লেখ্য যে পেটেল হৈছে গুজৰাটৰ ১৭তম মুখ্যমন্ত্ৰী।…

ব্ৰহ্মপুত্ৰৰ তলেৰে ক’ত নিৰ্মান হ’ব সুৰংগ?

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৩৩ কিলোমিটাৰ। উত্তৰ…

ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছতে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ভূপেন্দ্ৰ পেটেল। উল্লেখ্য যে পেটেল ঘাটলোডিয়া সমষ্টিৰ বিধায়ক। অৱশ্যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত বিজয় ৰূপানিৰ পদত্যাগ আৰু ভূপেন্দ্ৰ পেটেলৰ দায়িত্ব গ্ৰহণে কি প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষণীয়।