সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ শিক্ষাৰ্থীক ৰামায়ণ আৰু মহাভাৰত শিকাবলৈ সাজু হৈছে বিজেপি

RSSৰ প্ৰতিষ্ঠাপক কে বি হেডগেৱাৰ আৰু জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ৰ জীৱন পাঠ MBBS পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ অভিসন্ধি উন্মোচন হোৱাৰ পিছত এইবাৰ মধ্য প্ৰদেশৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে ৰামায়ণ, মহাভাৰত আৰু লগতে ৰামে লংকাত উপস্থিত হ’বলৈ ব্যৱহাৰ ৰামসেতুৰ কথা অন্তৰ্ভুক্ত কৰাৰ কথা কথা ঘোষণা কৰিছে।
সোমবাৰে মধ্য প্ৰদেশৰ উচ্চ শিক্ষা মন্ত্ৰী ড০ মোহন যাদৱে কয় যে ইয়াত কোনো ভুল নাই। এই বিষয়বোৰ অন্তৰ্ভুক্ত কৰিলে যিয়ে ভগৱান ৰামৰ চৰিত্ৰ আৰু সেই সময়ছোৱাত ৰামৰ অৱদানৰ বিষয়ে জানিব বিচাৰে তেওঁ সেই বিষয়ে জানিব পাৰিব। আনকি গজলৰ জৰিয়তে পাঠ্যক্ৰমত উৰ্দুক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰীজনে।
বিজেপি চৰকাৰে উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত ৰামচৰিতমানস আৰু মহাভাৰত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰামচৰিত মানস কে ব্যৱহাৰিক দৰ্শন শীৰ্ষক পাঠ্যক্ৰম উচ্চ শিক্ষা বিভাগৰ দ্বাৰা ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে। এই বিষয়ৰ প্ৰশ্নকাকত ১০০ নম্বৰৰ হ’ব আৰু এপ্লাইড ফিলছফী বাছনি কৰা BA শিক্ষাৰ্থীসকলে এই বিষয় অধ্যয়ন কৰিব পাৰিব। অৱশ্যে বিষয়টো বৈকল্পিক হ’ব। এই পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে আজিৰ পৃথিৱীত প্ৰয়োজনীয় মূল্যবোধবোৰ বিষয়ে শিক্ষাৰ্থীসকলক সম্যক ধাৰণা প্ৰদান কৰা তথা ব্যক্তিত্ব বিকাশ, নেতৃত্বৰ দক্ষতা আৰু মানৱীয় দৃষ্টিভংগীৰ দৰে বিশেষত্ব বিকশিত কৰা। পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক মানসিক চাপ নিয়ন্ত্ৰণ আৰু ব্যক্তিত্ব বিকাশৰ বাবে অনুপ্ৰেৰণাদায়ক বক্তাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে।
পাঠ্যক্ৰমৰ বিষয়বস্তুৰ সম্পৰ্কে মন্তব্য কৰি ড০ যাদৱে নিউজ18 নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আগত কয় যে নতুন শিক্ষা নীতি (এনইপি) ২০২০-ৰ অধীনত অধ্যয়ন পৰিষদে এই পাঠ্যক্ৰমৰ পৰামৰ্শ দিছে। পৰিষদে ৰামচৰিতমানসক ১০০ নম্বৰৰ প্ৰশ্নকাকত হিচাপে অন্তৰ্ভুক্ত কৰিছে। ড০ যাদৱে লগতে প্ৰশ্ন উত্থাপন কৰিছে যে যদি ৰামচৰিতমানসক ভাৰতৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা নহয় তেন্তে ইয়াক পাকিস্তান বা আফগানিস্তানত শিকোৱা হ’ব নেকি? আমি গৌৰৱান্বিত যে ভগৱান ৰামৰ জন্ম আমাৰ দেশত হৈছিল। আনকি মহাত্মা গান্ধীয়েও ৰাম ৰাম উচ্চাৰণ কৰিহে মৃত্যুবৰণ কৰিছিল। সেয়েহে আমাৰ সংস্কৃতিত ৰাম ব্যাপকভাৱে বিয়পি আছে। যদি আমি ভগৱান ৰামৰ জীৱন পাঠক এক বৈকল্পিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰোঁ তেন্তে ইয়াত সমস্যা কি?
নতুন পাঠ্যক্ৰমত উৰ্দু ভাষা-সাহিত্যকে ধৰি আন ২৪ টা বৈকল্পিক বিষয়ো অন্তৰ্ভুক্ত কৰা হৈছে যিবোৰ আগ্ৰহী শিক্ষাৰ্থীয়ে বাছনি কৰিব পাৰিব। উচ্চ শিক্ষা বিভাগে নতুন শৈক্ষিক অধিৱেশনৰ পৰা এই পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে।
ইফালে মধ্য ভূপালৰ বিধায়ক আৰিফ মাছুদে দাবী কৰিছে যে যদি ৰামচৰিতমানস আৰু মহাভাৰত মহাবিদ্যালয়ত পঢ়োৱা হয় তেন্তে কোৰাণ, বাইবেল আৰু গুৰুগ্ৰন্থ চাহিবৰ পাঠো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু মধ্য প্ৰদেশৰ শিক্ষা বিভাগে দাবী কৰিছে যে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা বিষয়বোৰ কেৱল ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ ওপৰত আধাৰিত।

Leave A Reply

Your email address will not be published.