Investigative reporting with dedication.

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।
১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৩৩ কিলোমিটাৰ। উত্তৰ পাৰৰ গহপুৰৰ পৰা দক্ষিণ পাৰৰ নুমালিগড় পৰ্যন্ত সংযোগ কৰিব এই দ্বৈত সংযোগী পথে। ৪ লেন যুক্ত এই পথচোৱা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ NHIDCL-এ প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছে। বৈদেশিক সম্পৰ্ক তথা যুদ্ধৰ ৰণকৌশলগত দিশটোৰ পৰা গুৰুত্বপূৰ্ণ হব সুৰংগটো আৰু সেই উদ্দেশ্যেৰেই ডাইৰেক্টৰ অব মিলিটাৰী অপাৰেচনে চোৱা চিতা কৰিব সুৰংগ নিৰ্মাণৰ কাম-কাজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুকো সুৰক্ষা প্ৰদান কৰিব এই সুৰংগটোৱে।




