অহা ৪ অক্টোবৰত ৰাজ্যসভাত খালী হৈ থকা ৬ খন আসনৰ বাবে দেশত নিৰ্বাচন অনুষ্ঠিত হব বুলি ইতিমধ্যেই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বৰ্তমান অসমৰ এখন, পশ্চিম বংগৰ এখন, মধ্য প্ৰদেশৰ এখন, তামিলনাডুৰ দুখন আৰু মহাৰাষ্ট্ৰৰ এখন আসন খালী হৈ আছে।
পশ্চিম বংগৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ মানস ভূঞাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পিছৰে পৰা উক্ত আসনখন খালী হৈ আছে। এতিয়া চৰ্চা চলিছে যে ৰাজ্যসভাৰ এই বিশেষ আসনখনৰ বাবে পশ্চিম বংগৰ প্ৰাৰ্থী হব অসমৰ সুস্মিতা দেৱ। উল্লেখ্য যে সুস্মিতা দেৱ দীৰ্ঘদিন ধৰি বৰাক উপত্যকাৰ শিলচৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল। কিন্তু ২০১৯ চনৰ নিৰ্বাচনত পৰাজিত হৈছিল সুস্মিতা। তাৰ পিছতে চলিত বৰ্ষত কংগ্ৰেছ এৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে আৰু কোৱা হৈছে যে আগন্তুক ৰাজ্যসভা নিৰ্বাচনত পশ্চিম বংগৰ আসনখনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হব অসমৰ সুস্মিতা দেৱ। অৱশ্যে সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছ গমনে বংগৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.