গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

Share This Article

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ কৰিলে পেটেলে। উল্লেখ্য যে পেটেল হৈছে গুজৰাটৰ ১৭তম মুখ্যমন্ত্ৰী। গুজৰাটী ভাষাত শপত গ্ৰহণ কৰা পেটেলে আজি অমিত শ্বাহক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হৈছিল।
মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ আগতে ভূপেন্দ্ৰ পেটেলে থালাতেজত সাই বাবাৰ মন্দিৰ আৰু আদালাজৰ দাদা ভগৱান মন্দিৰ দৰ্শন কৰিছিল। তাৰ পিছত পোনপটীয়াকৈ নিতিন পেটেলৰ ঘৰলৈ আশীৰ্বাদ বিচাৰি গৈছিল পেটেল। নিতিনৰ আশীৰ্বাদ লোৱাৰ পিছত জামনগৰৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ প্ৰথম টুইটটো টুইট কৰিছিল পেটেলে। ক্ষতিগ্ৰস্ত লোকসকলক বিমানেৰে স্থানান্তৰ কৰাৰ নিৰ্দেশো ইতিমধ্যেই জাৰি কৰিছে পেটেলে।
সময়সূচী অনুসৰি দুপৰীয়া ২ বজাত ৰাজভৱনত শপত গ্ৰহণ কৰিছিল ভূপেন্দ্ৰ পেটেলে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.