প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত ফিল্ডত নামিবলৈ সাজু হৈছে বিশ্বৰ শ্ৰেষ্ঠ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। আগন্তুক টি-২০ বিশ্বকাপ ভাৰতীয় ডাগআউটত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। অৱশ্যে এইবাৰ খেলুৱৈ হিচাপে নহয় দলৰ মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপেহে নিৰ্বাচন কৰা হৈছে ধোনীক। স্বাভাৱিকতেই BCCIৰ এই ঘোষণাই সুখী কৰিছে ধোনী অনুৰাগীসকলক। কোনো কোনো সংখ্যক বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে BCCIৰ এই পদক্ষেপে ধোনীৰ বাবে টীম ইণ্ডিয়াৰ ভৱিষ্যতৰ প্ৰশিক্ষক হোৱাৰ পথ মুকলি কৰিছে। অৱশ্যে প্ৰাক্তন ক্ৰিকেটাৰ অজয় জাদেজাই সিদ্ধান্তটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
মেন্টৰ বা পৰামৰ্শদাতা মানে কি?
খেলুৱৈসকলক সহায় কৰিবলৈ মেন্টৰ বা পৰামৰ্শদাতা নিয়োগ কৰা হয়। সাধাৰণতে মেন্টৰ জন এজন প্ৰাক্তন খেলুৱৈ হয় যিয়ে নিজৰ অভিজ্ঞতা আৰু দক্ষতাৰে খেলুৱৈসকলৰ প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে। খেল জিকাৰ বাবে পৰামৰ্শদাতাই খেলুৱৈ আৰু চাপোৰ্টিং ষ্টাফৰ সৈতে মিলি ৰণকৌশল প্ৰস্তুত কৰে।
টীম ইণ্ডিয়াৰ পৰামৰ্শদাতা হিচাপে ধোনীৰ উভতি অহাৰ অৰ্থ কি?
ধোনীৰ অধিনায়কত্বত ভাৰতে সীমিত অভাৰ ইভেণ্টত তিনিটা ICC ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে। ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ আইচিচি চেম্পিয়নছ ট্ৰফী। ভাৰতে ২০১৩ চনৰ পৰা কোনো ICC ইভেণ্ট জিকিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো ধোনী ক্ৰিকেটত সক্ৰিয় হৈ আছে। IPLত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক হৈয়েই আছে ধোনী। অৰ্থাৎ ধোনী বৰ্তমানৰ টি-২০ ক্ৰিকেটৰ ৰণকৌশল আৰু প্ৰয়োজনীয়তা সম্পৰ্কে সম্পূৰ্ণৰূপে অৱগত।
প্ৰাক্তন ক্ৰিকেটাৰ আৰু প্ৰাক্তন নিৰ্বাচক অশোক মালহোত্ৰাই কয় প্ৰশিক্ষকৰ উপস্থিতিত পৰামৰ্শদাতাৰ কাম হৈছে কেৱল পৰামৰ্শ দিয়া। মই বিশ্বাস কৰোঁ যে ধোনীক টি-২০ বিশ্বকাপত পৰামৰ্শদাতা হিচাপে নিৰ্বাচন কৰা হৈছে কাৰণ বিৰাট কোহলি আৰু ৰবি শাস্ত্ৰীৰ যুটিয়ে এখনো ডাঙৰ প্ৰতিযোগিতা ভাৰতক ট্ৰফী উপহাৰ দিব পৰা নাই। ধোনীৰ অধিনায়কত্বত ভাৰতে ইতিমধ্যেই এদিনীয়া আৰু টি-২০ বিশ্বকাপ জয় কৰিছে। ধোনী ড্ৰেছিং ৰুমত থাকিহে খেলুৱৈসকলে এক বেলেগ উৎসাহ পাব।
ধোনীৰ ভূমিকা কি হ’ব?
UAEত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ সময়ত পিটছ স্পিনাৰৰ বাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে। সেইকাৰণেই টীম ইণ্ডিয়াত ৫ জন স্পিনাৰ বাছনি কৰা হৈছে। প্ৰায়েই ধোনীক IPLৰ সময়ত বেটছমেনৰ বিৰুদ্ধে চেন্নাইৰ স্পিনাৰসকলক ভাল বলিং কৰাত সহায় কৰা দেখা যায়। আশা কৰা হৈছে যে ডাগআউটত ধোনীৰ উপস্থিতিয়ে দলটোক লাভান্বিত কৰিব। ধোনীয়ে বিৰাট কোহলীক সিদ্ধান্ত লোৱাত সহায় কৰিব। বৰ্তমানৰ দলৰ বেছিভাগ খেলুৱৈয়েই ধোনীৰ অধিনায়কত্বত খেলিছে। তেনে ক্ষেত্ৰত ধোনী ড্ৰেছিং ৰুমত থকাৰ ফলত এই খেলুৱৈসকল লাভান্বিত হ’ব।
বিচিচিআইৰ এই পদক্ষেপক কিয় মাষ্টাৰ ষ্ট্ৰোক বুলি কোৱা হৈছে?
ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ পিছত শেষ হ’ব। BCCI এতিয়া শাস্ত্ৰীৰ কাৰ্যকাল বৃদ্ধি কৰাত আগ্ৰহী নহয়। কোহলী আৰু শাস্ত্ৰীৰ সৈতে ধোনীৰ সম্পৰ্ক যথেষ্ট ভাল আছিল। ধোনীয়ে এতিয়াও IPL আছে। এনে পৰিস্থিতিত দলটোৱে ধোনীৰ অভিজ্ঞতাৰ পৰাও লাভান্বিত হ’ব পাৰে।
কিমান দিনৰ পিছত ধোনীক ভাৰতীয় ডাগআউটত দেখা যাব?
ধোনীয়ে ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত কেৰিয়াৰৰ অন্তিমখন টি-২০ খেল খেলিছিল। ধোনীয়ে শেষবাৰৰ বাবে ২০১৯ চনৰ ৯ জুলাইত এদিনীয়া খেলিছিল। ধোনীক প্ৰায় ৩২ মাহৰ পিছত এখন টি-২০ খেলত ভাৰতৰ ডাগআউটত দেখা যাব। ধোনীৰ কেৰিয়াৰৰ অন্তিমখন খেল আছিল এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেল। এতিয়া বিশ্বকাপৰ পৰা ভাৰতীয় ড্ৰেছিং ৰুমলৈ উভতি আহিব ধোনী।
ধোনীক প্ৰশিক্ষণ হিচাপে নিযুক্তি দিয়াৰ এয়া প্ৰাৰম্ভিক পদক্ষেপ নেকি?
ৰবি শাস্ত্ৰী ২০১৬ ৰ টি-২০ বিশ্বকাপৰ সময়ত টীম ইণ্ডিয়াৰ সঞ্চালক আছিল। ২০১৪ চনত দলটোৰ সঞ্চালক হোৱা শাস্ত্ৰীয়ে বিশ্বকাপৰ পিছত দলটোৰ পৰা পৃথক হয়।কিন্তু এবছৰ পিছত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে উভতি আহিছিল শাস্ত্ৰী। যোৱা চাৰি বছৰ ধৰি দলটোৰ প্ৰশিক্ষক হৈ আছে শাস্ত্ৰী। উল্লেখ্য যে শাস্ত্ৰী আৰু পেৰামেডিক্সে সকলক টি-২০ বিশ্বকাপৰ পিছত অব্যাহতি দিয়া হব বুলি চৰ্চা চলিছে। তেনে ক্ষেত্ৰত দলটোক এটা নতুন প্ৰশিক্ষণ গোটৰ প্ৰয়োজন হ’ব। দলটোৰ নতুন প্ৰশিক্ষক হিচাপে প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ নাম দীৰ্ঘদিন ধৰি চৰ্চাত আছে। দ্ৰাবিড় India Aৰ প্ৰশিক্ষক আছিল। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (NCA) মুৰব্বী। কোৱা হৈছে যে কদ্ৰাবিড়ে NCAৰ মুৰব্বী হৈয়েই থাকিব বিচাৰে। সেয়েহে বিশ্বকাপৰ পিছত কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
আন দলবোৰত এনে উদাহৰণ আছে য’ত এজন প্ৰাক্তন খেলুৱৈক প্ৰথম দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া হৈছিল। পিছত তেওঁ দলটোৰ মুখ্য প্ৰশিক্ষক হৈছিল। বৰ্তমানৰ অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰো ইয়াৰ এটা উদাহৰণ। অৱসৰৰ তিনি বছৰ পিছত লেংগাৰ ২০১২ চনত অষ্ট্ৰেলিয়ান দলৰ পৰামৰ্শদাতা আৰু বেটিং প্ৰশিক্ষক হৈছিল। বল টেম্পাৰিং কেলেংকাৰীৰ পিছত তেওঁক ২০১৮ চনত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল।
সীমিত অভাৰ ক্ৰিকেটত সফল হব পৰা নাই নেকি কোহলী-শাস্ত্ৰী যুটি?
কোহলীৰ অধিনায়কত্বত ভাৰতে কোনো ICC ট্ৰফী জিকিব পৰা নাই। ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাজিত হৈছিল কোহলী বাহিনী। ইয়াৰ পিছত ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াক নিউজিলেণ্ডে পৰাস্ত কৰিছিল। কোহলীয়ে এতিয়ালৈকে এটাও IPL খিতাপ জয় কৰিব পৰা নাই। মুম্বাই ইণ্ডিয়ানছ আৰু টীম ইণ্ডিয়াৰ উপ-অধিনায়ক ৰোহিত শৰ্মাৰ অধিনায়কত্বত ৫ বাৰ IPL খিতাপ জয় কৰিছে মুম্বাই দলে। ভাৰতীয় দলটোৰ নৱ নিযুক্ত মেন্টৰ বা পৰামৰ্শদাতা ধোনীৰ অধিনায়কত্বত চেন্নাই চুপাৰ কিংছে তিনিবাৰৰ IPLৰ খিতাপ জয় কৰিছে।