সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি হিন্দী দিৱস। কিন্তু ভাৰতৰ চৰকাৰী ভাষা হিন্দী কেনেকৈ হ’ল?

আজি হিন্দী দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতেই হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। দৰাচলতে যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰত বহু গুৰুতৰ সমস্যাৰ মুখামুখি হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ দৰে নানা জাতি নানা ধৰ্মৰ নাগৰিক একেখন সমাজত বাস কৰা দেশ এখনৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান আছিল ভাষা। ভাৰতত শ শ ভাষা আৰু উপভাষা ব্যৱহাৰ হয়। চৰকাৰী ভাষা কি হ’ব সেয়া ঠিৰাং কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। অৱশ্যে হিন্দী হৈছে ভাৰতৰ আটাইতকৈ সৰ্বাধিক ব্যৱহৃত কথিত ভাষা। সেইকাৰণে জাতিৰ পিতা মহাত্মা গান্ধীয়ে হিন্দীক জনসাধাৰণৰ ভাষা বুলি অভিহিত কৰিছিল।
এক দীঘলীয়া আলোচনাৰ পিছত সংবিধান সভাই ১৪ ছেপ্টেম্বৰত সিদ্ধান্ত লয় যে হিন্দীয়েই ভাৰতৰ চৰকাৰী ভাষা হ’ব। সংবিধানৰ ৩৪৩(১) অনুচ্ছেদত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ মতে ভাৰতৰ চৰকাৰী ভাষা হৈছে হিন্দী আৰু লিপি হৈছে দেৱনাগৰী। ১৯৫৩ চনৰ পৰা হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়।
অৱশ্যে হিন্দীক চৰকাৰী ভাষা হিচাপে বাছনি কৰাৰ পিছত হিন্দী ভাষাৰ ব্যৱহাৰ নকৰা ৰাজ্যসমূহত প্ৰতিবাদ আৰম্ভ হৈছিল। আটাইতকৈ জোৰদাৰ প্ৰতিবাদ হৈছিল দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত। এই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সংবিধান কাৰ্যকৰী হোৱাৰ পৰৱৰ্তী ১৫ বছৰৰ বাবে ইংৰাজী ভাষাক ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু তাৰিখ ওচৰ চাপি অহাৰ লগে লগে ইংৰাজীক লৈ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত চলা প্ৰতিবাদে পুনৰ গতি লবলৈ আৰম্ভ কৰে। সেয়েহে চৰকাৰে ১৯৬৩ চনত চৰকাৰী ভাষা আইন প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছিল। ইয়াত ১৯৬৫ চনৰ পিছতো ইংৰাজীক কাৰ্যালয়ত ব্যৱহৃত ভাষা হিচাপে গণ্য কৰাৰ নিৰ্দেশ আছিল। ৰাজ্যসমূহক নিজৰ পচন্দ অনুসৰি যিকোনো ভাষাক চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব দিয়া হৈছিল। বৰ্তমান দেশৰ ২২ টা ভাষাৰ চৰকাৰী ভাষাৰ মৰ্যাদা আছে।
উল্লেখযোগ্য যে হিন্দী হৈছে বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ভাষা। আমাৰ দেশত ৭৭ শতাংশ লোকে হিন্দী কয় তথা বুজি পায় আৰু পঢ়ে।

Leave A Reply

Your email address will not be published.