সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল বংগৰ জনপ্ৰিয় গায়কগৰাকী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত  কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল বাবুল সুপ্ৰিয়ই ৷ কিন্তু  মোদী মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত তেওৰ মন্ত্ৰিত্ব কৰ্তন হয় ৷ তাৰ পাছৰে পৰা বিজেপি আৰু বাবুল সুপ্ৰিয়ৰ মাজত দূৰত্ব বৃদ্ধি পাবলৈ ধৰে ৷ সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷

 

Leave A Reply

Your email address will not be published.