The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

আজিৰে পৰা আৰম্ভ হ’ব IPLৰ মহাৰণ

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে আধাতে IPL-2021 স্থগিত ৰাখিবলৈ বাধ্য হৈছিল BCCI। কিন্তু আজিৰে পৰা পুনৰ আৰম্ভ হব IPL-2021ৰ দ্বিতীয় পৰ্যায়ৰ মহাৰণ। আৰৱত অনুষ্ঠিত হ’বলগীয়া আজিৰ প্ৰথমখন খেলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হব ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ। এতিয়া…

প্ৰবীণ অধিবক্তা নিলয় দত্ত আৰু নাই

আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অধিবক্তা নিলয় দত্তই। চুটিত কুৰ্গত আছিল দত্ত। দত্ত অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ উপদেষ্টা আৰু ক্ৰিকেট আম্পায়াৰ আৰু মেটচ ৰেফাৰী তথা…

দিগন্ত বিশ্ব শৰ্মালৈ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা

সাহিত্য অকাডেমীৰ অনুবাদ বঁটাসমূহ আজি ঘোষণা কৰা হৈছে ৷ অসমীয়া ভাষাৰ বাবে এই বঁটা লাভ কৰিছে দিগন্ত বিশ্ব শৰ্মাই ৷ ‘ভাৰতীয় সংস্কৃতিৰ ভেঁটি’ শীৰ্ষক অনুবাদ গ্ৰন্থৰ বাবে তেও এই বঁটা লাভ কৰিছে ৷দিগন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল বংগৰ জনপ্ৰিয় গায়কগৰাকী ৷ নৰেন্দ্ৰ…

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷ আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্জাৱ…

পাপ মোচন কৰিবলৈ মুনিৰ ভেষত ৰূপজ্যোতি কুৰ্মী

সমুখত উপ নিৰ্বাচনৰ ভৰপক। প্ৰায়েই ভিন ভিন ৰূপত দেখা দিয়া প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গল মুনিৰ ভেষত। মৰিয়নিৰ নকচাৰীত ‘দস্যু ৰত্নাকৰৰ মুক্তি লাভ’ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। কুৰ্মীৰ অভিনয় চাবলৈ…

কেতিয়ালৈ উপ-নির্বাচন? শীঘ্ৰেই ঘোষণা হ’ব পাৰে দিন-

শীঘ্ৰে ঘোষণা হব পাৰে উপ-নির্বাচনৰ দিন৷ৰাজ্যৰ ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হব লগা উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ ইতিমধ্যে তৎপৰ হৈ পৰিছে৷সমান্তৰালভাবে উপ-নির্বাচনৰ বাবে তৎপৰ হৈ পৰিছে নির্বাচন আয়োগো৷উপ-নির্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰেম্ভ কৰিছে নির্বাচন আয়োগে৷ ১৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ…

অলিম্পিয়ানে দিয়া উপহাৰ নিলাম কৰিছে প্ৰধানমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা হৈছে এই নিলামৰ অধীনত। অসম গৌৰৱ লভলিনা…

বিশ্ববাসী আজি সাক্ষী হ’ব এক বিৰল মহাজগতিক পৰিঘটনাৰ

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ আৰু যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব বৃহস্পতিক। ওৰে…

কি কি থাকিব নিৰ্মাণৰত কাজিৰঙা ডিস্কোভাৰী পাৰ্কত?

কাজিৰঙাত নিৰ্মাণ হৈ আছে কাজিৰঙা ডিস্কোভাৰী পাৰ্ক৷ ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ এক নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে কাজিৰঙাত৷ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পাণবাৰীত নিৰ্মাণ কাৰ্য চলিছে কাজিৰঙা ডিস্কোভাৰী পাৰ্কৰ। পাণবাৰীৰ…