পাপ মোচন কৰিবলৈ মুনিৰ ভেষত ৰূপজ্যোতি কুৰ্মী

Share This Article

সমুখত উপ নিৰ্বাচনৰ ভৰপক। প্ৰায়েই ভিন ভিন ৰূপত দেখা দিয়া প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গল মুনিৰ ভেষত। মৰিয়নিৰ নকচাৰীত ‘দস্যু ৰত্নাকৰৰ মুক্তি লাভ’ শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। কুৰ্মীৰ অভিনয় চাবলৈ বহু সংখ্যক দৰ্শকে ভিৰ কৰে ভাওনাস্থলিত। উল্লেখযোগ্য যে বিগত বৰ্ষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত মৰিয়নি থানা তিনিআলিত কেক কাটি মোডীক প্ৰতাৰক, প্ৰবঞ্চক আখ্যা দিছিল তেতিয়াৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।পুনৰ গেৰুৱা বসন পিন্ধিয়ে এইবাৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনত পূৰ্বৰ ভুলৰ সংশোধন কৰি নামঘৰত নিজৰ গালত প্ৰচণ্ড চৰ শোধাই ন ৰূপ ধাৰন কৰে কুৰ্মীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.