কেতিয়ালৈ উপ-নির্বাচন? শীঘ্ৰেই ঘোষণা হ’ব পাৰে দিন-

Share This Article

শীঘ্ৰে ঘোষণা হব পাৰে উপ-নির্বাচনৰ দিন৷ৰাজ্যৰ ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হব লগা উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ ইতিমধ্যে তৎপৰ হৈ পৰিছে৷সমান্তৰালভাবে উপ-নির্বাচনৰ বাবে তৎপৰ হৈ পৰিছে নির্বাচন আয়োগো৷উপ-নির্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰেম্ভ কৰিছে নির্বাচন আয়োগে৷

১৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ উপায়ুক্তই ৰাজনৈতিক দল সমূহলৈ উপ-নির্বাচন সম্পর্কীয় এখন জাননী প্ৰেৰণ কৰিছে৷জাননীত কোৱা হৈছে যে,থাওৰা বিধানসভা সমষ্তিৰ  উপ-নির্বাচনৰ বাবে আগন্তুক ২০ ছেপ্টেম্বৰৰ পৰা ইভিএম আৰু অন্যান্য নির্বাচনী সামগ্ৰীৰ প্ৰাথমিক পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হব৷পৰীক্ষণ প্ৰক্ৰিয়াত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ এই জাননীত আহ্বান জনোৱা হৈছে৷

শিৱসাগৰ জিলা উপায়ুক্তৰ এই জাননীৰ পিছতেই উপ-নির্বাচনক লৈ নির্বাচন আয়োগ তৎপৰ হোৱাৰ কথা পৰিস্ফুট হৈ পৰিছে৷অতি শীঘ্ৰেই যে উপ-নির্বাচনৰ দিন নির্বাচন আয়োগে ঘোষণা কৰিব পাৰে সেই কথাও,এই জাননীৰ পিছতেই নিশ্চিত হৈ পৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.