Investigative reporting with dedication.

আজি পুৱতি নিশা কৰ্ণাটকৰ কুৰ্গত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অধিবক্তা নিলয় দত্তই। চুটিত কুৰ্গত আছিল দত্ত। দত্ত অৰুণাচল প্ৰদেশৰ এডভোকেট জেনেৰেল, অসম আইন আয়োগৰ সদস্য, সদৃশ উকীল সন্থাৰ উপদেষ্টা আৰু ক্ৰিকেট আম্পায়াৰ আৰু মেটচ ৰেফাৰী তথা প্ৰশাসক আছিল। জেষ্ঠ্য অধিবক্তা জনৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাই শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰখ্যাত অধিবক্তা নিলয় দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰি দত্তৰ মৃত্যুক অসমীয়া সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। শৰ্মাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰে। খবৰ অনুসৰি পৰিয়ালৰ ইচ্ছানুসৰি বাংগালোৰতে শেষকৃত্য সম্পন্ন হব পাৰে নিলয় দত্তৰ।




