Investigative reporting with dedication.

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ আৰু যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব বৃহস্পতিক। ওৰে নিশা আকাশৰ উত্তৰ পূব দিশত চন্দ্ৰৰ নিচেই কাষতেই দেখা যাব বৃহস্পতি গ্ৰহক। উল্লেযোগ্য যে যোৱা শুকুৰবাৰে শনি গ্ৰহকো চন্দ্ৰৰ নিচেই কাষ চাপি অহা দেখা গৈছিল। শনি আৰু বৃহস্পতি গ্ৰহৰ এনে অৱস্থানক ‘কনজাংছন’ বুলি জনা যায়।



