নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল জনপ্রিয় কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ

Share This Article

শেষকৃত্য সম্পন্ন হ’ল গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ। আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল জনপ্রিয় কণ্ঠশিল্পীগৰাকীৰ। বুধবাৰে সন্ধিয়া ৬.১৫ বজাত ৭১ বছৰ বয়সত দিছপুৰ পলিক্লিনিকটত ব্ৰেইন ষ্টকত আক্রান্ত হৈ জীৱন নাটৰ সামৰণি পেলাই অপূর্ব বেজবৰুৱাই। ১৯৫১ চনৰ ১৫ অক্টোৱৰত নাজিৰাত জন্মগ্রহণ কৰিছিল মাটিৰ শিল্পী অপূর্ব বেজবৰুৱাই। বেজবৰুৱাই ২০০০ তকৈ অধিক গীত ৰচনা কৰাৰ লগতে ২০০ৰো অধিক গীতত কণ্ঠ নিগৰাইছিল। কপৌপাহি তোৰে খোপাত, চাহ গছৰ, মাইজান তোকে দেখা পাই, বহু মানুহৰ সৈতে চিনাকি হ’লো, পানী অনাৰ চলেৰে নৈৰে ঘাটলৈ আৰু বহুতো গীতত কণ্ঠদান কৰি অসমীয়া সাংস্কৃতিক জগতখনক মহীয়ান কৰি তুলিছিল অপূর্ব বেজবৰুৱাই। বেজবৰুৱাৰ মৃত্যু অসমীয়া সাংস্কৃতিৰ জগতৰ বাবে এক মহান ক্ষতি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.