সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুছলমান হৈ জন্ম লাভ কৰাটো অপৰাধ নেকি?

উৰ্দু সাহিত্যিক মুনাব্ৱৰ ৰাণাৰ এটা বিশেষ মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে বিতৰ্ক আৰু উত্তেজনাৰ। সাহিত্যিক গৰাকীয়ে উত্তৰ প্ৰদেশত মুছলমান হৈ জন্ম লাভ কৰাটো বা মুছলমান হোৱাটো পাপ বুলি মন্তব্য কৰাৰ লগে লগে উত্তেজিত হৈ পৰিছে দেশৰ সচেতন মহল। কিন্তু মুছলমানৰ বিপক্ষে নহয় মুছলমানৰ সপক্ষেহে মন্তব্য প্ৰদান কৰিছিল সাহিত্যিক ৰাণাই।
দৰাচলতে ৰাণাই তেওঁৰ বক্তব্য পুনৰাবৃত্তি কৰিছে। এমাহ আগতে ৰাণাই কৈছিল যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ পুনৰ মুখ্যমন্ত্ৰী হলে তেওঁ উত্তৰ প্ৰদেশ ত্যাগ কৰিব। অৰ্থাৎ তেওঁলোকে বুজি লব যে উত্তৰ প্ৰদেশ এতিয়া আৰু মুছলমানসকলৰ বাবে বসবাসৰ উপযুক্ত নহয়।
ৰাণাই ইতিমধ্যেই ঘোষণা কৰিছে যে বিজেপি চৰকাৰৰ একমাত্ৰ কাম হৈছে মুছলমানসকলক যিকোনো প্ৰকাৰে হাৰাশাস্তি কৰা। সেয়েহে উত্তৰ প্ৰদেশ চৰকাৰৰলৈ সাতটা বিশেষ অভিযোগ উত্থাপন কৰিছে দেশৰ সচেতন মহলে –

১) উত্তৰ প্ৰদেশত ২৩ জন মুছলমানৰ মৃত্যুৰ ঘটনাটোত কিয় নীৰৱতা অৱলম্বন কৰিছিল চৰকাৰে?

- Donation -

উত্তৰ প্ৰদেশত CAA বিৰোধী আন্দোলনৰ সময়ত ২৩ জন লোকক গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাৰ স্পষ্টীকৰণ দি উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৈছিল যে তেওঁলোকে প্ৰতিবাদকাৰীৰ ওপৰত গুলী চালনা কৰা নাছিল। যদি আৰক্ষীয়ে গুলী চালনা কৰা নাই তেন্তে মুছলমানে মুছলমানৰ ওপৰত গুলী চালনা কৰিছিল নেকি?
উল্লেখযোগ্য যে পৰিয়ালৰ সদস্যসকলৰ হেঁচা প্ৰয়োগ কৰি মৃতদেহবোৰ ৰাতিটোৰ ভিতৰতে সৎকাৰ কৰা হৈছিল। শাসকীয় দল বা কোনো বিৰোধী দলে কোনেও বিষয়টো আলোচনাৰ মজিয়ালৈ আহিবলৈ দিয়া নাছিল।

২) কেৱল মুছলমানৰ বিৰুদ্ধে আক্ৰোশ কিয়?

CAA বিৰোধী আন্দোলনৰ সময়ত উত্তৰ প্ৰদেশত যথেষ্ট বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল। দাঙ্গাত ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ অপৰাধত ১০০০ তকৈও অধিক মুছলমানক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় ৩২৭ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ১৫০ তকৈও অধিক দুৰ্বৃত্তৰ নামত পোষ্টাৰো মুকলি কৰা হৈছিল। ক্ষতিগ্ৰস্ত সম্পত্তি পুনৰুদ্ধাৰৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল।

৩) মব লিঞ্চিঙৰ ক্ষেত্ৰত কিয় নীৰৱে আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ?

উত্তৰ প্ৰদেশত মব লিঞ্চিঙ অৰ্থাৎ গণপ্ৰহাৰৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যদি আপুনি কেৱল গৰু সুৰক্ষাৰ নামত লিঞ্চিংৰ ঘটনাবোৰ লক্ষ্য কৰা হয় তেন্তে ২০১৪ চনত ৩টা, ২০১৫ চনত চাৰিগুণ অৰ্থাৎ ১২টা, ২০১৬ চনত দুগুণ অৰ্থাৎ ২৪টা, ২০১৭ চনত ৩৭টা, ২০১৮ চনত ৯টা মব লিঞ্চিঙৰ ঘটনা নথিভূক্ত কৰা হৈছে। ২০১৪ৰ পৰা ২০১৮ চনৰ ভিতৰত এই ৮৫টা ঘটনাত ৩৪ জন লোকৰ মৃত্যু হৈছিল আৰু ২৮৫ জন লোক আহত হৈছিল। এইবোৰ মব লিঞ্চিঙৰ ঘটনাৰ সৰহভাগতে ভুক্তভোগী হৈছিল মুছলমানসকল। এই পৰিসংখ্যাত দলিত সকলক যোগ দিলে এয়া স্পষ্ট হৈ পৰে যে ২০১৮ চনলৈকে অৰ্থাৎ বিগত চাৰি বছৰত মুঠ ১৩৪ টা মব লিঞ্চিঙৰ ঘটনাত ৬৮ জন লোক নিহত হৈছিল।

৪) মুছলমানৰ বিৰুদ্ধে UAPA আইনৰ সৰ্বাধিক অপব্যৱহাৰ কৰা হৈছে কিয়?

UAPAৰ দৰে কঠোৰ আইনৰ অপব্যৱহাৰৰ ফলত মুছলমানসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মতে ২০১৬ৰ পৰা ২০১৯ৰ ভিতৰত ৰাষ্ট্ৰীয় সংখ্যালঘু আৰু দলিতসকলক নিৰ্যাতনৰ সৰ্বমুঠ ঘটনাৰ সংখ্যা আছিল ২০০৮ টা। যাৰ ভিতৰত মব লিঞ্চিঙো অন্তৰ্ভুক্ত আছিল। উদ্বেগজনক ভাৱে এই ঘটনাবোৰৰ ৪৩ শতাংশ ঘটনা কেৱল মাত্ৰ উত্তৰ প্ৰদেশৰে আছিল।
গতিকে সাহিত্যিক ৰাণাই উত্তৰ প্ৰদেশত মুছলমান হোৱাটো পাপ বুলি কৰা মন্তব্যত আপত্তি কৰিবলগীয়া একো নাই।

৫) মুছলমানক কাৰাগাৰত ৰাখিবলৈয়েই প্ৰণয়ন কৰা হৈছিল নেকি UAPA আইন?

২০১৯ চনলৈকে দেশত UAPA অৰ্থাৎ দেশদ্ৰোহৰ সৈতে সম্পৰ্কীয় ঘটনাৰ সংখ্যা আছিল ২৩৬১ টা। ইয়াৰ ভিতৰত মাত্ৰ ১১৩ টা গোচৰহে নিষ্পত্তি কৰা হৈছে। যাৰ ভিতৰত ৩৩ জনক দোষী সাব্যস্ত কৰা হৈছে আৰু ৮০ জন লোকক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে। মুঠ গোচৰৰ ৯৫.২১ শতাংশ গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। ইয়াৰ অৰ্থ হৈছে যে মানুহক কেৱল UAPA আইনৰ অধীনত কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। কোনো শুনানি গ্ৰহণ কৰিবলৈ বা বিষয়টো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰা হোৱা নাই। সকলো জ্ঞাত যে এই ধাৰাবোৰৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত মুছলমানৰ সংখ্যাই সৰ্বাধিক।

৬) মুছলমানসকলক কৰোনাৰ বাহক বুলি কিয় কোৱা হৈছিল?

সমগ্ৰ দেশতে কৰোনাৰ বাবে মুছলমানসকলক মুকলিকৈ দোষাৰোপ কৰা হৈছিল। চিকিৎসকৰ ভুৱা ভিডিঅ’ ব্যৱহাৰ কৰি মুছলমানসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ চেষ্টা কৰা হৈছিল। বহু নেতা-মন্ত্ৰীয়ে মুকলিকৈ সাম্প্ৰদায়িক হিংসা বিয়পাইছিল। অৱশ্যে মুছলমানসকলে তেওঁলোকৰ বিৰুদ্ধে ঘৃণা বিয়পাইছে লোক সকলৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন কৰিছে দেশৰ সচেতন মহলে।

৭) জনসংখ্যা নিয়ন্ত্ৰণৰ অজুহাতত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে নেকি?

এটা সময়ত বিজেপি নেতাসকলে মুছলমানৰ সৈতে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিযোগিতা কৰাৰ কৈছিল। কিন্তু বৰ্তমান সময়ত সেই একেটা দলেই জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ ওপৰত ওকালতি কৰিবলৈ আৰম্ভ কৰিছে। হিন্দুৰ তুলনাত মুছলমানসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। মুছলমানসকলে এয়া অনুধাৱন কৰা উচিত যে জনসংখ্যা নিয়ন্ত্ৰণৰ অজুহাতত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে।
যেতিয়া এটা নিৰ্দিষ্ট এলেকাত বাস কৰা সংখ্যাগৰিষ্ঠ সম্প্ৰদায়টো বিশ্বাসী হয় তেতিয়াহে সংখ্যালঘুসকলে নিজকে সুৰক্ষিত অনুভৱ কৰে।বিভাজনৰ পিছত ভাৰতত থকা মুছলমানসকলৰ সংখ্যাগৰিষ্ঠ হিন্দু আৰু দেশৰ নেতৃত্বৰ ওপৰত বিশ্বাস আছিল। চৰকাৰে এই বিশ্বাস অটুট ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু ৰক্ষকেই যেতিয়া ভক্ষক হয় তেতিয়া প্ৰাৰ্থনাৰ অৰ্থইবা কি?

Leave A Reply

Your email address will not be published.