ISIS-তালিবানৰ মাজত সংঘটিত হৈছে ভয়ানক সংঘৰ্ষ, কোন দিশে আফগানিস্তানৰ ভৱিষ্যত?

Share This Article

বৰ্তমান সময়ত বিশ্বত আটাইতকৈ চৰ্চিত খবৰটো হৈছে যে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ কাষত দুটাকৈ ভয়ানক বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণত অতি কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক আহত হৈছে। আমেৰিকায়ো এই আক্ৰমণত নিজৰ নাগৰিকৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে।

ক’ত সংঘটিত হৈছিল বিস্ফোৰণ?

উল্লেখযোগ্য যে প্ৰথম বিস্ফোৰণটো কাবুল বিমানবন্দৰৰ এব্বে গেটৰ ওচৰত সংঘটিত হৈছিল। এব্বে গেট হৈছে বিমানবন্দৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পৰা চাৰিখন গেটৰ ভিতৰত এখন। আনহাতে দ্বিতীয় বিস্ফোৰণটো বিমানবন্দৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰৰ এখন হোটেলৰ ওচৰত সংঘটিত হৈছিল। এই আক্ৰমণটো আত্মঘাতি বোমাৰুৰ দ্বাৰা সংঘটিত কৰা হৈছিল বুলি জানিব পৰা গৈছে।

কোনে কৰিছিল আক্ৰমণ?

ISIS-খোৰাচানে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। খোৰাচানে স্পষ্ট কৰি দিছে যে এতিয়া উগ্ৰ ইছলামিক শক্তিয়ে সমগ্ৰ বিশ্বতে ইছলাম প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছে।

বিস্ফোৰণে কিদৰে প্ৰভাৱিত কৰিছে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি?

ঘটনাৰ বিৱৰণ অনুসৰি কাবুল বিমানবন্দৰৰ চাৰিখন গেট আজি ৰাতিপুৱাৰে পৰা বন্ধ হৈ আছিল। কাৰণ আমেৰিকা আৰু নাটো চুক্তিৰ অন্তৰ্গত দেশসমূহ সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও এতিয়া এনেধৰণৰ আৰু বিস্ফোৰণ ঘটিব পাৰে বুলি নিশ্চিত কৰিছে। সেইবাবেই আমেৰিকাই ইতিমধ্যে নিজৰ নাগৰিকসকলক বিমানবন্দৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল।
বৰ্তমান বিমানবন্দৰৰ চাৰিওফালে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ব্ৰিটেইনে আক্ৰমণৰ পিছতে এখন জৰুৰী বৈঠক আহ্বান কৰিছে। ফ্ৰান্সে ঘোষণা কৰিছে যে তেওঁলোকে শীঘ্ৰেই কাবুলৰ দূতাবাসত আৱদ্ধ নিজ দেশৰ শ্ৰমিক আৰু ৰাষ্ট্ৰদূতক স্থানান্তৰ কৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে এদিন আগতে এই আক্ৰমণৰ সম্ভাৱনা প্ৰকাশ কৰিছিল। আমেৰিকাৰ আচৰণে প্ৰমাণ কৰে যে আমেৰিকাৰ ওচৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্পূৰ্ণ তথ্য মজুত আছিল।
ব্ৰিটেইনৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী জেমছ হেপ্পীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে কেৱল আমেৰিকা আৰু ব্ৰিটেইনেই নহয়, নাটো দেশসমূহৰ সৈন্যবাহিনীয়েও ২৪ ঘণ্টা আগতেই এই সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী লাভ কৰিছিল। কিন্তু নিজকে বিশ্বৰ মহাশক্তি বুলি কোৱা এই পশ্চিমীয়া দেশবোৰে বিমানবন্দৰৰ দুৱাৰ বন্ধ কৰা আৰু সতৰ্কবাণী জাৰি কৰাৰ বাহিৰে আন একো কৰা নাছিল। এই দেশবোৰে হাজাৰ হাজাৰ আফগান নাগৰিকক এক আসন্ন বিপদৰ বিষয়ে জনা স্বত্বেও বিনাদ্বিধাই মৃত্যু মুখলৈ থেলি দিছিল।

 

আফগানিস্তানত বিস্ফোৰণ সংঘটিত কৰা কোন এই দুৰ্ধৰ্ষ ISIS-খোৰাচান?

ইতিমধ্যেই উল্লেখ কৰা হৈছে যে ISIS-খোৰাচানে ইতিমধ্যেই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এইটো ISIS-ৰ এটা শাখা আৰু খোৰাচানৰ অৰ্থ হৈছে গজৱা-ই-হিন্দ। অৰ্থাৎ ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰা। এই সংগঠনটোৱে তালিবানতকৈয়ো অধিক উগ্ৰ ইছলামিক নীতি-নিয়মত বিশ্বাস কৰে। খোৰাচানৰ জিহাদহে প্ৰকৃত জিহাদ বুলি সদায়েই দাবী কৰি আহিছে এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৰ নেতৃত্বই। গতিকে সন্ত্ৰাসবাদী সংগঠনটোৰ আক্ৰমণৰ আঁৰত এই দুটা উদ্দেশ্য থাকিব পাৰে।

বিস্ফোৰণ সংঘটিত কৰাৰ প্ৰকৃত উদ্দেশ্য কি?

প্ৰথম উদ্দেশ্য হ’ব পাৰে আমেৰিকাক প্ৰত্যাহ্বান জনোৱা। কাৰণ আমেৰিকাই সংগঠনটোক ধ্বংস কৰিবলৈ ২০ বছৰ ধৰি সামৰিক যুঁজ অব্যাহত ৰাখিছে। দ্বিতীয় উদ্দেশ্যটো হৈছে তালিবানক প্ৰত্যাহ্বান জনোৱা। কাৰণ তালিবানে বিশ্বাস কৰে যে সমগ্ৰ আফগানিস্তানৰ ওপৰত কেৱল তালিবানৰহে নিয়ন্ত্ৰণ আছে। কিন্তু খোৰাচানৰ দৰে এনে গোটবোৰে দাবী কৰিছে যে তেওঁলোকো আফগানিস্তানত সক্ৰিয় আৰু এতিয়াও ডাঙৰ আক্ৰমণ সংঘটিত কৰিব পৰাকৈ সক্ষম।
হয়তো এয়া আফগানিস্তানৰেই দুৰ্ভাগ্য যে সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত অসামৰিক লোক নিহত হৈছে আৰু নিৰ্লজ্জভাৱে সমগ্ৰ বিশ্বই এই সকলোবোৰ ঘটি থকা দেখিছে।

 

বিস্ফোৰণক কেন্দ্ৰ কৰি কিয় বিভ্ৰান্ত হৈছে আমেৰিকা?

কাবুল বিমানবন্দৰত হোৱা এই বোমা বিস্ফোৰণে আফগানিস্তানৰ ভৱিষ্যত গতিও সলনি কৰিব পাৰে। কাৰণ বিগত বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তালিবানৰ মাজত হোৱা দোহা শান্তি চুক্তিৰ প্ৰথম চৰ্ত আছিল যে তালিবানে এনে সন্ত্ৰাসবাদী সংগঠনসমূহক তেওঁলোকৰ ভূমি ব্যৱহাৰ কৰিবলৈ নিদিয়ে। অৱশ্যে আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ আগতে এই চুক্তি ভংগ হৈছিল। সেয়েহে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। চুক্তি উলংঘা কৰি আফগানিস্তানৰ পৰা নিজৰ সেনা বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বাতিল কৰিব নে এই আক্ৰমণবোৰ উপেক্ষা কৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিব তাক লৈ বিভ্ৰান্তিত পৰিছে মহাশক্তিধৰ আমেৰিকা। যদি আমেৰিকাই পুনৰ হস্তক্ষেপ কৰিবলগীয়া হয় তেন্তে শান্তি চুক্তিৰ কোনো অৰ্থই নাথাকিব।

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ মেৰপাকত কেনে আছে সন্ত্ৰাস জৰ্জৰিত আফগানিস্তান?

তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা আফগানিস্তানৰ চিকিৎসালয়সমূহ প্ৰায় বন্ধ কৰি দিয়া হৈছে। চিকিৎসা সামগ্ৰীও শেষ হ’বলৈ ধৰিছে আৰু চিকিৎসকসকলেও ভয়ৰ বাবে কাম কৰিবলৈ এৰি দিছে। এনে পৰিস্থিতিত আহতসকলে কেনেদৰে চিকিৎসা সেৱা লাভ কৰিব তাক লৈ চিন্তাত পৰিছে বিশ্বৰ সচেতন মহল।
আফগানিস্তানত এতিয়া কোনো চৰকাৰ নাই। আৰক্ষী কিম্বা সেনাও নাই। যদি কোনোবাই অস্ত্ৰ-শস্ত্ৰ লৈ ৰাজপথত ঘূৰি ফুৰে তেন্তে তালিবানে তাক নিয়ন্ত্ৰণ কৰিব পাৰিব নে নোৱাৰে তাৰো নিশ্চয়তা নাই। উদ্বেগজনক ভাৱে তালিবানৰ অকল আক্ৰমণ কৰাৰহে অভিজ্ঞতা আছে। আক্ৰমণৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কোনো অভিজ্ঞতা নাই। গতিকে এনে স্পৰ্শকাতৰ পৰিস্থিতিত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ ভৱিষ্যত কোনদিশে গতি কৰিব পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.