অক্টোবৰৰ পৰা দেশৰ ১২-১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হ’ব ক’ভিড ভেকচিন

Share This Article

দেশত আসন্ন তৃতীয় ঢৌ।কিন্তু তাৰ মাজতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহিছে এটা সুখবৰ। অক্টোবৰৰ পৰা দেশৰ ১২ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ বাবে উপলব্ধ হব ক’ভিড ভেকচিন। অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰিহে কাক প্ৰথমে অগ্ৰাধিকাৰৰ ভিত্তিত টিকাকৰণ কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰা হব।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এনআইডিএম)ৰ অধীনত গঠিত এখন সমিতিয়ে ইতিমধ্যেই তৃতীয় ঢৌৰ সম্ভাৱনা ব্যক্ত কৰিছে। ভাৰতত বৰ্তমানলৈকে ১২ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৱে ভেকচিন লাভ কৰা নাই। সেয়েহে শিশু সকলৰ সম্ভাৱ্য বিপদক লৈ এতিয়া চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ।
স্বাস্থ্য বিভাগৰ এক বিশেষ প্ৰতিবেদন অনুসৰি কোৱা হৈছে যে প্ৰাপ্তবয়স্কসকলৰ বাবে তৃতীয় ঢৌ যিমান বিপদজনক হ’ব শিশুসকলৰ বাবেও সিমানে বিপদজনক হব। যদিহে বিশেষজ্ঞৰ ভৱিষ্যতবাণী অনুসৰি ভাৰতত অক্টোবৰ মাহত ক’ভিডৰ তৃতীয় ঢৌয়ে সংহাৰী ৰূপ লয়, তেন্তে এনে স্পৰ্শকাতৰ পৰিস্থিতিতে শিশুসকলৰ টিকাকৰণ আৰম্ভ কৰা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.