অৰূপ কলিতাৰ কলমত-
“ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল তেওক ৷ তেওৰ বাবে মই এই পৃথিৱীৰ যিকোনো প্ৰান্তলৈ গুছি যাবলৈ সাজু ৷ তেও মোৰ বৃহত্তম নিৰাপত্তা ৷ তেওৰ বাহিৰে মই আন একো কথাই , আন কাৰো বিষয়েই ভাবিব নোৱাৰো …৷”
নিজৰ ডায়েৰীত এদিন এইদৰে লিখিছিল ছোনিয়া গান্ধীয়ে ৷ প্ৰেম – বিবাহ সকলো তেতিয়া অনিশ্চয়তাৰ মাজত ৷মুছোলিনীৰ ভক্ত পিতৃয়ে ভাৰতত বিয়া দিবলৈ অস্বীকাৰ কৰিছিল ৷ সুদূৰ ইটালীৰ অ’ৰবাছানো চহৰত বহি তেও কেৱল লিখি গৈছিল ইখনৰ পাছত সিখন চিঠি ৷ কম দিনতে একোখন ডায়েৰী ভৰ্ত্তি হৈ গৈছিল ৷ ক’বলৈ বহুত কথা ,কিন্তু শুনিবলৈ ওচৰত কোনো নাই ৷ কাগজ আৰু চিঞাহীৰ বাদে বিশ্বাস কৰিব পৰা কোনোৱেই নাছিল ৷ ডায়েৰী আৰু চিঠিবোৰ আছিল অন্তৰংগ বন্ধু ৷
ছোনিয়া গান্ধীয়ে যেতিয়া ৰাজীৱ গান্ধীক প্ৰথমবাৰ লগ পাইছিল , তেতিয়া তেওৰ বয়স মাত্ৰ ১৮ ৷ চন ১৯৬৫ ৷ ইটালীৰ এখন সৰু চহৰ অ’ৰবাছানোৰ পৰা আহি উত্তৰ লণ্ডনৰ লিন’ক্স কুক স্কুল অব লেংগুৱেজত ইংৰাজী বিষয়ত এডমিছন লৈছিল ৷ আৰু এদিন কেম্ব্ৰিজতে সাক্ষাৎ হৈছিল ৰাজীৱ গান্ধীৰ সৈতে ৷শণিবাৰে শণিবাৰে ৰেষ্টুৰেন্ট যোৱা , উইকএণ্ডত চিনেমা চোৱা , লণ্ডনৰ থিয়েটাৰ হলবোৰত নৃত্যানুষ্ঠান উপভোগ কৰা – এনেদৰেই পাৰ হৈছিল ৰাজীৱ- ছোনিয়াৰ কলেজীয়া দিনবোৰ ৷ এদিন দুয়ো একেলগে চাইছিল সত্যজিত ৰায়ৰ “পথেৰ পাছালী” ৷তেতিয়ালৈকে ছোনিয়াই জনা নাছিল ৰাজীৱৰ পৰিয়ালৰ বিষয়ে ৷ তাৰ মাজতে ৰাজীৱ গান্ধীয়ে মেকানিকেল ইঞ্জীনিয়াৰিঙ আধাতে এৰি পাইলট হোৱাৰ মন মেলিলে , ছোনিয়াই নিজৰ পাঠ্যক্ৰম শেষ কৰি উভতি গ’ল ইটালীৰ ঘৰলৈ ৷ ইতিমধ্যে ৰাজীৱে নিজৰ মাক ইন্দিৰালৈ লিখা চিঠিত ছোনিয়াৰ বিষয়ে জনাইছিল ৷ লণ্ডনৰ ভাৰতীয় হাই কমিছনৰ কাৰ্যালয়ত যেতিয়া ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰ ছোনিয়া গান্ধীক লগ পায় , ফৰাচী ভাষাত সম্ভাষণ জনাই কৈছিল – “ ছোনিয়া , মই এগৰাকী মা ৷ মোক ভয় কৰাৰ কোনো কাৰণ নাই ৷ মই জানো যে বেলেগ সম্প্ৰদায়ৰ, বেলেগ ধৰ্মৰ লোক এজনক ভালপোৱাটো কিমান কঠিন বিষয় ৷ মই তোমাৰ মনৰ অৱস্থা বুজি পাইছো ৷ বিচলিত নহ’বা ৷” ছোনিয়া কিছু সহজ হ’ব পাৰিছিল , সেই সাক্ষাতৰ পাছত ৷
১৯৬৬ চনত ৰাজীৱ গ’ল ইটালীলৈ ৷ ছোনিয়াৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ ৷ ছোনিয়াৰ পিতৃ আছিল ষ্টিফেনো ৷ দ্বিতীয় বিশ্বযুদ্ধত যি জাৰ্মানৰ হৈ যুজিছিল ৷ মুছোলিনী তেওৰ প্ৰিয় নেতা ৷ ৰাছিয়াত বন্দী হৈ পৰাৰ সময়ত যি তিনিগৰাকী মহিলাই ষ্টিফেনোক পলুৱাই পঠিয়াইছিল , তেওলোকৰ নাম আছিল – নাডিয়া , অনুষ্কা আৰু ছোনিয়া ৷ সেই কৃতজ্ঞতাৰে ষ্টিফেনোৱে নিজৰ জীয়ৰীৰ নাম ৰাখিছিল – ছোনিয়া ৷ এজন কঠোৰ অনুশাসন মানি চলা পিতৃ ৷ প্ৰথম মুখামুখিত ষ্টিফেনোৱে ৰাজীৱক ভালেই পালে যদিও নিজৰ জীয়ৰীক বিয়া দিবলৈ অমান্তি হ’ল ৷ তেওৰ মতে ছোনিয়াৰ দৰে ছোৱালী এজনীয়ে এখন এছিয়ান দেশত কেতিয়াও নিজৰ জীৱন কটাব নোৱাৰিব ৷
আৰম্ভ হ’ল – ৰাজীৱ – ছোনিয়াৰ প্ৰেমৰ ট্ৰেজিক অধ্যায় ৷ ১৯৬৭ চনটো আছিল তেওলোকৰ বাবে দিন নাযায় – ৰাতি নুপুৱায় ৷ কেৱল চিঠি লিখালিখি ৷ডায়েৰীত আহিবলগীয়া যুদ্ধৰ মুখামুখি হোৱাৰ আখৰা ৷ ডায়েৰীৰ এখিলা পাতত ছোনিয়াই লিখিছিল – “ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় …৷”
অৱশেষত ছোনিয়াৰ পিতৃ সন্মত হৈছিল – নিজ কন্যাক ভাৰতলৈ বিয়া দিবৰ বাবে ৷ কিন্তু এটা চৰ্ত ৰাখিছিল , ছোনিয়াৰ বয়স ২১ হোৱাৰ পাছতহে বিয়া সম্ভৱ হ’ব৷ সেইমতেই ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ছোনিয়া গান্ধী বোৱাৰী হৈ ভাৰতলৈ আহিল ৷ প্ৰথমৰ পৰাই তেও ৰাজনীতিৰ পৰা আতৰত থাকিব বিচাৰিছিল ৷ ৰাজনীতিতকৈ এগৰাকী ভাল ভাৰতীয় বোৱাৰী হ’বৰ বাবেহে অহৰহ চেষ্টা চলাই গৈছিল ৷ কিন্তু তিনিটা দশক পাছত সেই একেগৰাকী মানুহক নিয়তিয়ে টানি আনিলে তেও বেয়া পোৱা , ভয় খোৱা পৃথিৱীখনলৈ ৷ ১০ জনপথৰ পৰা আহি ২৪ আকবৰ ৰোডৰ কৰ্তৃত্বও তেও নিজ হাতত তুলি ল’বলগীয়া হ’ল ৷(আগলৈ)