২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -১

Share This Article

অৰূপ কলিতাৰ কলমত-

 

“ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় ৷ তুমি কেৱল নিজৰ প্ৰিয়জনক বিচাৰিবলৈ আৰম্ভ কৰা …আৰু মই বিচাৰো কেৱল তেওক ৷ তেওৰ বাবে মই এই পৃথিৱীৰ যিকোনো প্ৰান্তলৈ গুছি যাবলৈ সাজু ৷ তেও মোৰ বৃহত্তম নিৰাপত্তা ৷ তেওৰ বাহিৰে মই আন একো কথাই , আন কাৰো বিষয়েই ভাবিব নোৱাৰো …৷”
নিজৰ ডায়েৰীত এদিন এইদৰে লিখিছিল ছোনিয়া গান্ধীয়ে ৷ প্ৰেম – বিবাহ সকলো তেতিয়া অনিশ্চয়তাৰ মাজত ৷মুছোলিনীৰ ভক্ত পিতৃয়ে ভাৰতত বিয়া দিবলৈ অস্বীকাৰ কৰিছিল ৷ সুদূৰ ইটালীৰ অ’ৰবাছানো চহৰত বহি তেও কেৱল লিখি গৈছিল ইখনৰ পাছত সিখন চিঠি ৷ কম দিনতে একোখন ডায়েৰী ভৰ্ত্তি হৈ গৈছিল ৷ ক’বলৈ বহুত কথা ,কিন্তু শুনিবলৈ ওচৰত কোনো নাই ৷ কাগজ আৰু চিঞাহীৰ বাদে বিশ্বাস কৰিব পৰা কোনোৱেই নাছিল ৷ ডায়েৰী আৰু চিঠিবোৰ আছিল অন্তৰংগ বন্ধু ৷


ছোনিয়া গান্ধীয়ে যেতিয়া ৰাজীৱ গান্ধীক প্ৰথমবাৰ লগ পাইছিল , তেতিয়া তেওৰ বয়স মাত্ৰ ১৮ ৷ চন ১৯৬৫ ৷ ইটালীৰ এখন সৰু চহৰ অ’ৰবাছানোৰ পৰা আহি উত্তৰ লণ্ডনৰ লিন’ক্স কুক স্কুল অব লেংগুৱেজত ইংৰাজী বিষয়ত এডমিছন লৈছিল ৷ আৰু এদিন কেম্ব্ৰিজতে সাক্ষাৎ হৈছিল ৰাজীৱ গান্ধীৰ সৈতে ৷শণিবাৰে শণিবাৰে ৰেষ্টুৰেন্ট যোৱা , উইকএণ্ডত চিনেমা চোৱা , লণ্ডনৰ থিয়েটাৰ হলবোৰত নৃত্যানুষ্ঠান উপভোগ কৰা – এনেদৰেই পাৰ হৈছিল ৰাজীৱ- ছোনিয়াৰ কলেজীয়া দিনবোৰ ৷ এদিন দুয়ো একেলগে চাইছিল সত্যজিত ৰায়ৰ “পথেৰ পাছালী” ৷তেতিয়ালৈকে ছোনিয়াই জনা নাছিল ৰাজীৱৰ পৰিয়ালৰ বিষয়ে ৷ তাৰ মাজতে ৰাজীৱ গান্ধীয়ে মেকানিকেল ইঞ্জীনিয়াৰিঙ আধাতে এৰি পাইলট হোৱাৰ মন মেলিলে , ছোনিয়াই নিজৰ পাঠ্যক্ৰম শেষ কৰি উভতি গ’ল ইটালীৰ ঘৰলৈ ৷ ইতিমধ্যে ৰাজীৱে নিজৰ মাক ইন্দিৰালৈ লিখা চিঠিত ছোনিয়াৰ বিষয়ে জনাইছিল ৷ লণ্ডনৰ ভাৰতীয় হাই কমিছনৰ কাৰ্যালয়ত যেতিয়া ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰ ছোনিয়া গান্ধীক লগ পায় , ফৰাচী ভাষাত সম্ভাষণ জনাই কৈছিল – “ ছোনিয়া , মই এগৰাকী মা ৷ মোক ভয় কৰাৰ কোনো কাৰণ নাই ৷ মই জানো যে বেলেগ সম্প্ৰদায়ৰ, বেলেগ ধৰ্মৰ লোক এজনক ভালপোৱাটো কিমান কঠিন বিষয় ৷ মই তোমাৰ মনৰ অৱস্থা বুজি পাইছো ৷ বিচলিত নহ’বা ৷” ছোনিয়া কিছু সহজ হ’ব পাৰিছিল , সেই সাক্ষাতৰ পাছত ৷


১৯৬৬ চনত ৰাজীৱ গ’ল ইটালীলৈ ৷ ছোনিয়াৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ ৷ ছোনিয়াৰ পিতৃ আছিল ষ্টিফেনো ৷ দ্বিতীয় বিশ্বযুদ্ধত যি জাৰ্মানৰ হৈ যুজিছিল ৷ মুছোলিনী তেওৰ প্ৰিয় নেতা ৷ ৰাছিয়াত বন্দী হৈ পৰাৰ সময়ত যি তিনিগৰাকী মহিলাই ষ্টিফেনোক পলুৱাই পঠিয়াইছিল , তেওলোকৰ নাম আছিল – নাডিয়া , অনুষ্কা আৰু ছোনিয়া ৷ সেই কৃতজ্ঞতাৰে ষ্টিফেনোৱে নিজৰ জীয়ৰীৰ নাম ৰাখিছিল – ছোনিয়া ৷ এজন কঠোৰ অনুশাসন মানি চলা পিতৃ ৷ প্ৰথম মুখামুখিত ষ্টিফেনোৱে ৰাজীৱক ভালেই পালে যদিও নিজৰ জীয়ৰীক বিয়া দিবলৈ অমান্তি হ’ল ৷ তেওৰ মতে ছোনিয়াৰ দৰে ছোৱালী এজনীয়ে এখন এছিয়ান দেশত কেতিয়াও নিজৰ জীৱন কটাব নোৱাৰিব ৷
আৰম্ভ হ’ল – ৰাজীৱ – ছোনিয়াৰ প্ৰেমৰ ট্ৰেজিক অধ্যায় ৷ ১৯৬৭ চনটো আছিল তেওলোকৰ বাবে দিন নাযায় – ৰাতি নুপুৱায় ৷ কেৱল চিঠি লিখালিখি ৷ডায়েৰীত আহিবলগীয়া যুদ্ধৰ মুখামুখি হোৱাৰ আখৰা ৷ ডায়েৰীৰ এখিলা পাতত ছোনিয়াই লিখিছিল – “ যেতিয়া তুমি কাৰোবাক ভালপোৱা , সেই প্ৰেমে তোমাক দিয়ে অপৰিসীম শক্তি ৷ এবাৰ সেই শক্তি পোৱাৰ পাছত , আন একোলৈ তোমাৰ ভয় নলগা হয় …৷”


অৱশেষত ছোনিয়াৰ পিতৃ সন্মত হৈছিল – নিজ কন্যাক ভাৰতলৈ বিয়া দিবৰ বাবে ৷ কিন্তু এটা চৰ্ত ৰাখিছিল , ছোনিয়াৰ বয়স ২১ হোৱাৰ পাছতহে বিয়া সম্ভৱ হ’ব৷ সেইমতেই ১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত ছোনিয়া গান্ধী বোৱাৰী হৈ ভাৰতলৈ আহিল ৷ প্ৰথমৰ পৰাই তেও ৰাজনীতিৰ পৰা আতৰত থাকিব বিচাৰিছিল ৷ ৰাজনীতিতকৈ এগৰাকী ভাল ভাৰতীয় বোৱাৰী হ’বৰ বাবেহে অহৰহ চেষ্টা চলাই গৈছিল ৷ কিন্তু তিনিটা দশক পাছত সেই একেগৰাকী মানুহক নিয়তিয়ে টানি আনিলে তেও বেয়া পোৱা , ভয় খোৱা পৃথিৱীখনলৈ ৷ ১০ জনপথৰ পৰা আহি ২৪ আকবৰ ৰোডৰ কৰ্তৃত্বও তেও নিজ হাতত তুলি ল’বলগীয়া হ’ল ৷(আগলৈ)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.