সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জলজীৱনৰ দুৰ্নীতিৰ ভয়ানক আখ্যানঃ দুৰ্নীতিৰ সহভাগী কলকাতা–হাৰিয়ানা-মুম্বাইৰ প্ৰতিষ্ঠান

সমগ্ৰ ৰাজ্যত জলজীৱন মিছনৰ কাম বন্ধৰ নিৰ্দেশ

বিশেষ প্ৰতিবেদন, দ্য ক্ৰছকাৰেণ্টঃ জলজীৱন আঁচনিৰ ৰূপাণত ৰাজ্যত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ যাৰ বাবে কেন্দ্ৰই বন্ধ কৰি দিছে অসমৰ জলজীৱন আঁচনিৰ ধন৷ পৰিণতিত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিছে জলজীৱনৰ ৰূপায়ণ৷ জলজীৱনৰ ৰূপায়ণত সংঘটিত ভয়ংকৰ অনিয়মৰ এই তথ্য পোহৰলৈ আহিছে খোদ জলজীৱন মিছনৰ প্ৰকল্প সঞ্চালকৰ এখন পত্ৰৰ পৰা৷ বিগত ৩ অক্টোবৰত জলজীৱনৰ মিছন সঞ্চালক কৈলাশ কাৰ্তিকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তালৈ প্ৰেৰণ কৰে এই বিশেষ পত্ৰ৷ য’ত স্পষ্টকৈ কোৱা হৈছে যে বহু ঠিকাদাৰে সময়মতে সম্পূৰ্ণ কৰিব পৰা নাই জলজীৱন আঁচনিৰ কাম কাজ৷ আনকি জলজীৱনৰ আঁচনিৰ তদাৰকীৰ দায়িত্বত থকা তৃতীয় পক্ষইও চূড়ান্ত পাল মাৰিছে নিজৰ দায়িত্ব পালনত৷ যাৰ বাবে বন্ধ কৰি দিয়া হৈছে অসমত চলি থকা সকলো জলজীৱন মিছনৰ প্ৰকল্প৷ কেৱল সেয়াই নহয়, জলজীৱন মিছনৰ সকলো প্ৰকল্পৰ পুনৰীক্ষণৰো নিৰ্দেশ দিয়া হৈছে একেখন পত্ৰত৷
এই পত্ৰৰ পৰাই স্পষ্ট হৈ পৰিছে যে কেৱল ঠিকাদাৰেই নহয়, জলজীৱনৰ আঁচনিৰ তদাৰকীত নিয়োজিত তৃতীয় পক্ষইও এই দুৰ্নীতিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ প্ৰশ্ন হৈছে কোন আছিল এই তৃতীয় পক্ষ? তাৰ পূৰ্বে জানি লওক জলজীৱন আঁচনিৰ ধন কেনেদৰে ঠিকাদাৰক মোকলাই দিয়া হয়৷ যইকোনো জলজীৱন আঁচনিৰ ৰূপায়ণ সম্পূৰ্ণ হোৱাৰ পাছত চৰকাৰে নিয়োগ কৰা তৃতীয় পক্ষই আঁচনি পৰিদৰ্শন কৰে৷ এই তৃতীয় পক্ষই বিনা আপত্তিৰ প্ৰমাণপত্ৰ দিয়াৰ পাছতহে চৰকাৰে ঠিকাদাৰক ধন মোকলাই দিয়ে৷ কিন্তু অসমত কোন তৃতীয় পক্ষই তদাৰকী কৰিছিল জলজীৱন আঁচনিৰ কাম কাজ?
দ্য ক্ৰছকাৰেণ্টে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লাভ কৰা আৰ টি আই তথ্য অনুসৰি, অসমত জলজীৱনৰ ৰূপায়ণৰ তদাৰকীৰ দায়িত্ব দিয়া হৈছিল পাঁচটাকৈ প্ৰতিষ্ঠানক৷ এই প্ৰতিষ্ঠান কেইটা হ’ল–কলকাতাৰ ইণ্টাৰটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেড, ব্যুৰ’ ভেৰিটাছ প্ৰাইভেট লিমিটেড, হাৰিয়ানাৰ এগিছ ইণ্ডিয়া কনছাল্টিং ইঞ্জিনীয়াৰ্ছ প্ৰাইভেট লিমিটেড, মুম্বাইৰ ফিডবেক ইনফ্ৰা প্ৰাইভেট লিমিটেড আৰু গুৱাহাটীৰ ৱাপকছ লিমিটেড৷


ইয়াৰে ইণ্টাৰটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডক নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া আৰু চৰাইদেউত জলজীৱনৰ কাম কাজ পৰ্যবেক্ষণৰ দায়িত্ব দিয়া হৈছিল৷ ব্যুৰ’ ভেৰিটাছ প্ৰাইভেট লিমিটেডক শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, এগিছ ইণ্ডিয়া কনছাল্টিং ইঞ্জিনীয়াৰ্ছ প্ৰাইভেট লিমিটেডক কামৰূপ, নলবাৰী, বৰপেটা, বজালী, দক্ষিণ শালমৰা, বঙাইগাঁও আৰু গোৱালপাৰা, ফীডবেক ইনফ্ৰা প্ৰাইভেট লিমিটেডক কোকৰাঝাৰ, ওডালগুৰি, বাক্সা, মৰিগাঁও, তামুলপুৰ, চিৰাং আৰু দৰং, ৱাপকছ লিমিটেডক কাৰ্বি আংলং, ডিমাহাচাও, পশ্চিম কাৰ্বি আংলঙত জলজীৱনৰ কাম কাজৰ পৰ্যবেক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছিল৷

- Donation -

এই কামৰ বিনিময়ত প্ৰতিষ্ঠানকেইটাই মুঠ ১৬ কোটি টকাও লাভ কৰে৷ অৰ্থাৎ এই পাঁচটা প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰৰ ভিত্তিতেই অসমৰ সকলো ঠিকাদাৰে ধন লাভ কৰিছে৷কিন্তু জলজীৱনৰ মিছন সঞ্চালকৰ পত্ৰত ওলাই পৰিছে যে জলজীৱনৰ পৰ্যবেক্ষণৰ দায়িত্বত থকা এই প্ৰতিষ্ঠানকেইটাই নিজৰ দায়িত্ব পালনত অত্যন্ত গাফিলতি কৰিছিল৷ যাৰ বাবে সকলো আঁচনিৰ নতুনকৈ নীৰিক্ষণৰ নিৰ্দেশ দিয়া হৈছে৷ অভিযোগ অনুসৰি, তদাৰকীৰ দায়িত্ব লাভ কৰা তৃতীয় পক্ষইও ঠিকাদাৰৰ সৈতে মিলি দুৰ্নীতিৰ সহভাগী হৈছিল৷ এই অবাধ দুৰ্নীতি আৰু অনিয়মৰ বাবেই কেন্দ্ৰই বন্ধ কৰি ৰাখিছে জলজীৱনৰ ধন৷ সঠিক তদন্তই এই পাঁচটা প্ৰতিষ্ঠানক সামৰি ল’লেই যে জলজীৱনৰ ৰূপায়ণৰ সংঘটিত বিয়াগোম কেলেংকাৰী পোহৰলৈ আহিব, সেয়া নিশ্চিত ৷

Leave A Reply

Your email address will not be published.