শিশু-খাদ্যৰ টকা কাঢ়িও ভৰাব লাগিব ৰাজকোষ! মধ্যাহ্ন ভোজনৰ টকা উভটাই ল’ব চৰকাৰে

Share This Article

হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষ উদং হোৱা ৰাজ্য চৰকাৰে এতিয়া মাহে মাহে ল’বলগীয়া হৈছে হাজাৰ কোটি টকা ঋণ। চৰকাৰখনৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈছেগৈ যে বিভিন্ন বিভাগলৈ মুকলি কৰি দিয়া পুঁজিৰ অব্যৱহৃত অংশ এতিয়া ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। তদুপৰি মধ্যাহ্ন ভোজনৰ বাবে দিয়া পুঁজিৰ অব্যৱহৃত অংশও বিদ্যালয়সমূহক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে সমগ্ৰ শিক্ষাৰ সঞ্চালকে। এইবোৰ প্ৰসংগ লৈ বিৰোধীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰিছে।কিন্তু ইমানৰ পাছতো নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দাবী আৰ্থিক সংকট হোৱা নাই। ইয়াৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে অতি উচ্চাসেৰে কৈছে— আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে। এক তাৰিখে দৰমহা পাই আছে। উৰণ সেতু নিৰ্মাণ হৈ আছে, মথাউৰি নিৰ্মাণ হৈ আছৈ। তেনে প্ৰেক্ষাপটত আৰ্থিক সংকটৰ সংজ্ঞা কি তেওঁ বুজি নাপায়। মুখ্যমন্ত্ৰীৰ মতে, পূজা সমিতিয়েও পইচা পাব, বিহু সমিতিয়েও পইচা পাব, ভাওনা কৰিলেও পইচা পায়। সেয়ে ক’ত আৰ্থিক সংকট আছে তেওঁক দেখুৱাই দিবলৈও বিৰোধীৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে কংগ্ৰেছ শাসিত ৰাজ্য সমূহতকৈ অসমৰ ঋণ কম বুলিও দাবী মুখ্যমন্ত্ৰীৰ। তেওঁৰ মতে ঘৰুৱা আয় ৩.৫ শতাংশ হ’লেহে ঋণ ল’ব পাৰি। ঋণ লোৱা ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰতহে অসম আছে। ইয়াত কংগ্ৰেছ শাসিত ৰাজ্যবোৰ ওপৰত থকা বুলিও দাবী মুখ্যমন্ত্ৰীৰ।

এনেকৈ আৰ্থিক সংকট আৰু ঋণৰ সন্দৰ্ভত যুক্তি দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। কিন্তু বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় এক লাখ চাপন্ন হাজাৰ কোটি টকা হৈছেগৈ। যি একপ্ৰকাৰ ৰাজ্যবাসীৰ ওপৰত মাধমাৰ হ’বলৈ গৈ আছে। অথচ এইবোৰৰ প্ৰতি চকু নাই চৰকাৰৰ। মাত্ৰ ভোটবেংকৰ স্বাৰ্থত সৃষ্টি কৰি গৈছে হিতাধিকাৰী। উল্লেখ্য দেওবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি মুকলি কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ আৰ্থিক সংকট আৰু ঋণ সম্বন্ধীয় মন্তব্য। এতিয়া মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধীয়ে কেনেকৈ দিয়ে সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.