বানপানীৰ মোকাবিলা কৰিবলৈ নাই ধন। কেন্দ্ৰৰ পৰা অসমে পোৱা নাই পৰ্যাপ্ত টকা

Share This Article

প্ৰতিবছৰে বানপানীয়ে জুৰুলা কৰিছে অসমক৷ প্ৰতিবছৰে উত্থাপ হৈছে অসমৰ বানপানী সমস্যাক কেন্দ্ৰই অৱহেলা কৰাৰ অভিযোগ৷ কিন্তু প্ৰতিবাৰেই মুখ্যমন্ত্ৰীয়ে কৈছে অসমক কেন্দ্ৰই পৰ্যাপ্ত টকা দিছে৷
২৫ জুন,২০২২ তাৰিখে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বানপানীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰই যিমান ধন লাগে সিমান ধন ব্যয় কৰিবলৈ দিছে৷ তাৰ কেইদিনমান পাছতেই একেগৰাকী ব্যক্তিয়ে কৈছে, বানপানীৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ হাতত পৰ্যাপ্ত ধন আছে৷ ধন নাথাকিলেহে কেন্দ্ৰক জনাব লাগে৷ ২২ জুলাই, ২০২২ত এই মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ পাছত ২৬ ছেপ্তেম্বৰ, ২০২৪ত বিত্ত আয়োগৰ অধ্যক্ষই গুৱাহাটীত সংবাদমেল পাতি কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বানপানীৰ বাবে কেন্দ্ৰই যিখনি ধন দিয়ে, সেই ধনেৰে কেৱল সাহায্য দিবলৈহে হয়৷ বানপানীয়ে কৰা ক্ষয়ক্ষতিৰ মোকাবিলা কৰিব নোৱাৰি৷ সেয়েহে অধিক ধন বিচাৰি বিত্ত আয়োগৰ ওচৰত আৰ্জি দিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ যি কথা গুৱাহাটীত প্ৰকাশ কৰিলে খোদ বিত্ত আয়োগে৷ কিন্তু সেই একেগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত কি কয়, অসম চৰকাৰে ৰাস্তা বনাব নোৱাৰিলে, বান্ধ বনাৰ নোৱাৰিলেহে হেনো কেন্দ্ৰৰ পৰা পুজি বিচৰাৰ প্ৰয়োজন আহে৷ কিন্তু সেই সকলোবোৰ কাম অসম চৰকাৰে নিয়াৰিকৈ কৰি থকা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মা৷ অথচ সেই একেগৰাকীয়ে ব্যক্তিয়ে কৈছে কেন্দ্ৰই দিয়া টকাৰে বানপানীয়ে নষ্ট কৰা আন্তগাঁথনি নিৰ্মা কৰিবলৈ নোজোৰে৷ কেৱল সেয়াই নহয়, বছৰি কমি আহিছে অসমে লাভ কৰা কেন্দ্ৰীয় কৰৰ অংশ৷ যাৰ বাবে সংকটৰ সন্মুখীন হৈছে অসম চৰকাৰ৷ এই কথাও বিত্ত আয়োগৰ আগত সদৰী কৰিলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই৷ বিত্ত আয়োগে সংবাদমেলত সদৰী কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে অধিক ধন বিচাৰি দিয়া আৰ্জি৷ বিত্ত আয়োগৰ এই ভাষ্যৰ পৰাই প্ৰমাণ হয় যে ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰে এতিয়াও অসমক মাহী আইৰ চকুৰেই চাই আহিছে৷ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই যিমানেই বাহিৰত ৰ নেদেখুৱাওক কিয়, অসমৰ ৰাজকোষৰ ভিতৰচ’ৰা যে কোৱা ভাতুৰীৰ দৰে হৈ পৰিছে, সেয়া বিত্ত আয়োগেই প্ৰকাশ কৰি গ’ল৷ ইয়াৰ পাছত থৰকবৰক ৰাজকোষৰ জোৰাটাপলি মাৰিবলৈ মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.