মুখ্যমন্ত্ৰীৰ ৰাজনীতি উদঙালে অখিল গগৈয়ে

Share This Article

সংবিধান সংশোধন কৰিবলৈ ৰাজ্যসভা আৰু লোকসভাত প্ৰস্তাৱ গৃহীত হ’ব লাগিব। অৰ্থাত্ কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰি সাংবিধানিক সুৰক্ষাকৱচৰ ক্ষেত্ৰত বিশেষ অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ এক ৰাজনৈতিক টোপৰ বাহিৰে একো নহয়। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত এইদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। গতিকে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ অসম চৰকাৰৰ ঘোষণাক লৈ অধিক উত্সাহী হোৱাৰ অৰ্থ নাই বুলি মন্তব্য বিধায়ক অখিল গগৈৰ।

সঁচাকৈ অসম চৰকাৰ বা ভাৰত চৰকাৰে অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচৰ স্বাৰ্থত মাটি আৰু সম্পদৰ অধিকাৰ দিব খোজে, তেতিয়া ৰাজ্যক দিব খোজা সেই অধিকাৰ ভাৰতৰ সংবিধানত কেৱল এটা অনুচ্ছেদতেই আছে। ৩৭১()ৰ জৰিয়তেহে এই কাম সম্ভৱ। যিটো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰদান কৰা আছে। আনফালে ৩৭১() অনুচ্ছেদ নিদিলে অসমীয়াই নাপায় মাটি, সম্পদৰ অধিকাৰ৩৭১(এফ) অনুচ্ছেদত অন্তৰ্ভুক্তি অবিহনে নহয় আসন সংৰক্ষণ৩৭১(জে) অবিহনে চাকৰি সংৰক্ষণ অসম্ভৱ অসমীয়াৰ বাবেসংবিধান সংশোধন কৰিলেহে অসমীয়াই পাব প্ৰকৃত সুৰক্ষাকৱচ এইদৰে বিধায়ক অখিল গগৈয়ে মূলতঃ চাকৰি সংৰক্ষণ, আসন সংৰক্ষণ, আৰু মাটি তথা সম্পদৰ অধিকাৰ সন্দৰ্ভত সংবিধানৰ অনুচ্ছেদ উল্লেখ কৰি দাঙি ধৰে মন্তব্য


অৰ্থাত্ সংবিধান সংশোধনেৰে এইসমূহ নিৰ্দিষ্ট অনুচ্ছেদত অসমক অন্তৰ্ভুক্ত নকৰি শংকৰদেৱ কলাক্ষেত্ৰ বা অন্যান্য জনগোষ্ঠীৰ প্ৰেক্ষাগৃহৰ নামত কেইটামান টকা দি ৬ নং দফা ৰূপায়ণ কৰিলে কেতিয়াও অসমীয়া জাতিৰ ভৱিষ্যত নিৰাপদ নহয় বুলি মন্তব্য বিধায়কগৰাকী। আনহাতে, বিধায়কগৰাকীয়ে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখনে যথেষ্ট কথা কলেও অসমৰ মাটি আৰু সম্পদৰ সাংবিধানিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। কাৰণ, প্ৰতিবেদনৰ কোনো অংশতেই মাটি আৰু সম্পদৰ অধিকাৰৰ কথা উল্লেখ নাই। অৰ্থাত্ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন সম্পূৰ্ণকৈ ৰূপায়ণ কৰিলেও ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক পৰ্যায়ৰ সুৰক্ষা লাভ নকৰে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। প্ৰতিবেদনখনৰ সেইসমূহ দফাহে ৰূপায়ণ কৰাৰ কথা চৰকাৰে কৈছে, যিখিনি সাধাৰণতে ৰাজ্য চৰকাৰ এখনে প্ৰশাসনিকভাৱে কৰিব পৰা কাম। এই কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে লোকসভাত দেখা বিপৰ্যয়ৰ পাছতেই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ জয়ৰ বাবে উদ্বাউল হৈ পৰিছে বিজেপি। তাৰেই অংশ হিচাপে বিজেপিয়ে হেৰুওৱা ভিত্তি ঘুৰাই আনিবলৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব খুজিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.