১-২ বিঘা নহয়, ১২ হাজাৰ বিঘা ভূমিত বেদখল! ক্ষমতা যেতিয়া হৈ পৰে আলাদ্দিনৰ চাকি!

Share This Article

গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা পিআইএলত উত্তৰ কাছৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোচাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ৷ দেৱলাল গার্লোচাৰ বিৰুদ্ধে ৰাজীৱ লাংথাচা সহ তিনি ব্যক্তিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজৰিত আবেদনত উন্মোচিত হৈছে ডিমা হাচাওত হাজাৰ হাজাৰ বিঘা বেদখলৰ বিস্ফোৰক কাহিনী৷

অভিযোগ অনুসৰিউত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য গৰাকীয়ে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি বেদখল কৰিছে বন বিভাগ আৰু অন্যান্য বিভাগৰ হাজাৰ হাজাৰ বিঘা ভূমি৷ অভিযোগ নামাত উল্লেখ কৰা অনুসৰি, দেৱলাল গার্লোচাই দখল কৰা সম্পত্তিৰ তালিকাত আছে উমৰাংচুৰ এহেজাৰ বিঘা ভূমি। এই এহেজাৰ বিঘাভূমিত ব্যক্তিগত লাভালাভৰ স্বার্থত দেৱলাল গার্লোচাই ৰোপণ কৰিছে দহ হাজাৰ গছপুলি৷


একেদৰে উমৰাংচুৰ চূণশিল এলেকাৰ দুহেজাৰ বিঘা ভূমি, উদ্যোগ বিভাগৰ ৬ হাজাৰ বিঘা ভূমি, মনজিৰ ফাংছ’পি নামৰ মহিলাৰ পৰা কাঢ়ি লোৱা ৩হাজাৰ বিঘা ভূমিত বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে। সিমানেই নহয়, ডিমা হাছাওত শিল বালি আদিৰ ৰয়েল্টিতো আজব ঘটনা সংঘটিত হোৱাৰ অভিযোগ।কাৰণ, চৰকাৰী নীতি অনুসৰি প্ৰতি ঘন মিটাৰত ২০০ টকাৰ ৰয়েল্টি ধার্য কৰিলেও ডিমা হাচাওত প্ৰতি ঘনমিটাৰত ৩৫০ টকাকৈ সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে পিআইএলত৷ সমান্তৰালভাৱে বালিৰ ট্ৰেনজিট পাছৰ নামতো ২৭৫ টকাৰ সলনি ৬৫০ টকাকৈ আদায় কৰাৰো অভিযোগ উত্থাপন হৈছে৷ একেসময়তে চাৰিখনকৈ টেক্সগেটৰ জৰিয়তে গুণ্ডাটেক্স সংগ্ৰহ আৰু পৰিষদৰ ১৭ টাকৈ পদত বিজ্ঞাপন অবিহনে নিজৰ অঙহীবঙহীক নিযুক্তি দিয়া আদি এশ এবুৰি অভিযোগ উত্থাপন কৰা হৈছে ৰাজহুৱা স্বার্থজৰিত অবেদনখনত৷ আগন্তুক ২৩ অক্টোবৰত ন্যায়ালেয়ে পিআইএল খনৰ পৰবর্তী শুনানীৰ দিন ধার্য কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.