এগৰাকী সংকটজনক ৰোগীৰ এটা এমআৰআই পৰীক্ষাৰ বাবেও সময় লাগে দুমাহ৷ চিটি স্কেন কৰিবলৈ এগৰাকী ৰোগীয়ে অপেক্ষা কৰিব লাগে ১৫ দিন৷ যি সময়ত চৰকাৰে বিনামূলীয়া ঔষধ অথবা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ কথাৰে উন্নত স্বাস্থ্যখণ্ডৰ শ্ল’গান দিছে, সেই সময়ত এনেধৰণৰ অচলাৱস্থাই দেখা দিছে চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহত৷ উত্তৰ পূবৰ অন্যতম চিকিৎসা সেৱাক্ষেত্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় এতিয়া কেনে চলিছে? জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷
‘MRI’ৰ বাবে দুমাহ অপেক্ষা কৰিব লাগে ৰোগীয়ে
এটা এটা স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইছত দুমাহ পর্যন্ত অপেক্ষা কৰিব লাগে ৰোগীয়ে৷ এমআৰআই অথবা চিটি স্কেনৰ দৰে গুৰুত্বপূর্ণ স্বাস্থ্য পৰীক্ষা কৰিবলৈ একো একোগৰাকী সংকটজনক ৰোগীয়েও দীর্ঘদিন অপেক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ বিগত ১৭ জুলাইত বিশ্বনাথ জিলাৰ মল্লিক উপাধিৰ এজন ব্যক্তিয়ে নিজৰ ভিনিয়েকক চিকিৎসাৰ বাবে লৈ আহিছিল জিএমচিএইছলৈ৷ ককালৰ বিষৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীজনক প্ৰথমে লৈ যায় জিএমচিএইছৰ জৰুৰীকালীন বিভাগলৈ৷ জৰুৰীকালীন বিভাগে ৰোগীজনক চিকিৎসালয়খনৰ নতুন বিল্ডিঙলৈ লৈ যোৱাৰ পৰামর্শ দিয়ে৷ সেই পৰামর্শ মর্মেই ৰোগী গৰাকীক ১৮ জুলাইত নতুন বিল্ডিঙলৈ লৈ অনা হয়৷ নতুন বিল্ডিংত চিকিৎসকে এইবাৰ ৰোগী গৰাকীৰ এমআৰআইৰ পৰীক্ষা কৰিবলৈ পৰামর্শ দিয়ে৷ সেই অনুসৰি, এমআৰআইৰ বাবে ৰোগীগৰাকীক পুনৰ পুৰণি বিল্ডিঙলৈ লৈ যোৱাৰ পৰামর্শ দিয়া হয়৷ এইবাৰ ৰোগীৰ আত্মীয়ই পুৰণি বিল্ডিঙলৈ আহি এমআৰআইৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াখিনি সম্পন্ন কৰে৷ ৰোগীৰ আত্মীয় গৰাকীয়ে জনোৱা অনুসৰি, এমআৰআইৰ বাবে তেওঁলোকক দুমাহৰ পাছত দিন নির্ধাৰণ কৰি দিয়া হয়৷ এইবাৰ ৰোগীৰ আত্মীয় পুনৰ চিকিৎসকৰ কাষ চাপে৷ ৰোগীৰ আত্মীয়ই আমাকৰ কয়, ‘ডাক্তৰে আমাক এইবাৰ বাহিৰতেই এমআৰআই কৰি অনাৰ পৰামর্শ দিয়ে৷ ডাক্তৰৰ কথা মতে ১৩ হাজাৰ টকাৰে আমি বাহিৰত এমআৰআই কৰি আনো৷’
তিনিদিন থাকিও চিকিৎসা নাপাই উভতাই নিলে ৰোগীক
ব্যক্তিগত প্ৰতিষ্ঠানত ১৩ হাজাৰ টকাৰে এমআৰআই কৰি ৰোগী গৰাকীক পুনৰ জিএমচিএইছলৈ ঘূৰাই অনা হ’ল৷ কিন্তু ৰোগী গৰাকীক চিকিৎসালয়ত ভর্তি হ’বলৈ দিয়া নহ’ল৷ তেতিয়ালৈ বিয়লি ৫ বাজি পাৰ হৈছিল৷ চিকিৎসক নথকাৰ দোহাই দি ৰোগী গৰাকীক পাছদিনা আহিবলৈ কোৱা হ’ল৷ নিশাটো বাহিৰতে কটাই ১৯ জুলাইত ৰোগীক পুনৰ চিকিৎসকৰ ওচৰলৈ লৈ অহা হ’ল৷ কিন্তু এইবাৰ চিকিৎসকে আন এটা স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পৰামর্শ দিয়ে৷ সেই পৰীক্ষাৰ পাছতহে ৰোগীক ভর্তি কৰোৱা হ’ব৷ ৰোগী গৰাকীৰ আত্মীয়ই জনোৱা অনুসৰি, চিকিৎসালয়ৰ ভিতৰত সেই পৰীক্ষা কৰিবলৈ প্ৰায় ১৫ দিন সময় লাগিব৷ তাৰবাবে ১৮ হাজাৰ টকাৰ প্ৰয়োজন হ’ব বুলিও আত্মীয় গৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয়, ‘ইয়ালৈ অহা তিনিদিন হ’ল, কিন্তু ৰোগীৰ চিকিৎসাই আৰম্ভ হোৱা নাই৷ চিকিৎসালয়ত ভর্তি কৰি নিদিয়াৰ বাবে ৰোগীৰেই থাকিবলৈ ঠাই নাই৷ আমি এতিয়া ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছো আৰু লৈ যোৱাৰ বাবে এম্বুলেন্সৰ লগত কথা পাতিছো৷’
চিটি স্কেনৰ বাবেও লাগে ১৫ টা দিন, ৰিপ’র্ট পাবলৈ অতিৰিক্ত ৭ দিন
খাৰুপেটীয়াৰ পৰা মাকৰ পেটৰ বিষ সম্পর্কীয় ৰোগৰ চিকিৎসা কৰিবলৈ আহিছে মইনুল হক৷ বিগত ৬ জুলাইতেই জিএমচিএইছলৈ আহিছিল মইনুল৷ কিন্তু অভিযোগ অনুসৰি, এতিয়ালৈ ৰোগীৰ চিকিৎসাই আৰম্ভ হোৱা নাই৷ মইনুলে কয়- ‘আমি ৬ তাৰিখেই ইয়ালৈ আহিলো৷ মাক দুই এটা দৰব খাবলৈ দিছে৷ কিন্তু চিকিৎসা আৰম্ভই হোৱা নাই৷ ডাক্তৰে চিটি স্কেন কৰিবলৈ দিলে৷ কিন্তু চিটি স্কেন কৰিবলৈ যাওঁতে ১৫ দিন লাগিব বুলি ক’লে৷ ৰিপ’র্ট আহোঁতেও লাগিব আৰু ৭ দিন৷ কিন্তু ডাক্তৰে আমাক সোনকালে চিটি স্কেন কৰিবলৈ পৰামর্শ দিছে৷ সেইবাবে আমি বাহিৰতে চিটি স্কেন কৰিলো৷ চিটি স্কেন কৰোতে ৭ হাজাৰ ২০০ টকা লৈছে৷’
আয়ুষ্মান আঁচনিৰ সুবিধা পাইছেনে জনতাই?
১৯ জুলাইৰ দুপৰীয়া৷ জিএমচিএইছৰ মূল প্ৰৱেশদ্বাৰৰ সমূখত এগৰাকী মহিলা৷ মহিলা গৰাকীৰ চকুত চকুপানী৷ কাৰোবাৰ লগত কান্দি কান্দি ফোনত কথা পাতি আছে৷ আমি মহিলাগৰাকীৰ কাষলৈ গৈ কথা পাতিছিলো৷ বিজনীৰ পৰা অহা মহিলা গৰাকীয়ে কান্দি কান্দিয়েই আমাক কয়, ‘এবছৰ পূর্বে ব্ৰেইনৰ টিউমাৰ হৈছিল৷ ইয়াত অপাৰেচন কৰিলো৷ কিন্তু এতিয়াও চিকিৎসা শেষ হোৱা নাই৷ এতিয়াও মই ইয়ালৈ আহিয়েই থাকিব লাগে৷ মানুহজনে হাজিৰা কৰে৷ ঔষধ কিনি কিনি প্ৰত্যেকবাৰে মোৰ বহুত টকা খৰচ হৈছে৷’
মহিলাগৰাকীক আয়ুষ্মান কার্ডৰ কথা সোধা হৈছিল৷ তেওঁ কয়, ‘অপাৰেচনতো পইচা খৰচ হৈছিল৷ এতিয়াও ঔষধ কিনিয়েই খাইছো৷ কেৱল মাত্ৰ ৰেডিয়েশ্যন লোৱাৰ সময়ত বিনামূলীয়াকৈ ঔষধ লাভ কৰিছিলো৷ এতিয়া আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়াকৈ ঔষধ বিচাৰিছিলো৷ কিন্তু ডাক্তৰে ক’লে, এতিয়া হেনো আয়ুষ্মান কার্ড নচলে, মেডিকেলত ভর্তি হৈ থাকিলেহে পোৱা যায়৷’
আয়ুষ্মান কার্ডে ঢুকি পোৱা নাই সর্বসাধাৰণক
জিএমচিএইছত সাক্ষাৎ লাভ কৰা অনেক ৰোগী আৰু তেওঁলোকৰ আত্মীয়ই আমাক জনায়, যে প্ৰক্ৰিয়াগত জটিলতাৰ বাবে তেওঁলোকে আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰা নাই৷ চিকিৎসালয়ত ভর্তি হৈ থকাৰ সময়ত পৰীক্ষা নিৰীক্ষা অথবা ঔষধৰ ক্ষেত্ৰত তেওঁলোকে আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়া সেৱা লাভ কৰে৷ কিন্তু চিকিৎসালয়ত ভর্তি নোহোৱাকৈ চিকিৎসা চলি থকাৰ সময়ত এই সমূহ বিনামূলীয়া সেৱা উপলব্ধ নহয়৷ তেনেক্ষেত্ৰত এনে ৰোগীয়ে পৰীক্ষা নিৰীক্ষা অথবা অন্যান্য ক্ষেত্ৰত বুজন সংখ্যক মাচুলৰ বোজা বহন কৰিবলগীয়া হয়৷
চাংসাৰিৰ পৰা অহা এগৰাকী মহিলাই আয়ুষ্মান কার্ডৰ জটিলতাৰ ক্ষেত্ৰত আমাৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰে৷ মহিলগৰাকীৰ কণমানি পুত্ৰ প্ৰস্ৰাৱজনিত ৰোগত আক্ৰান্ত হৈছিল৷ সেই অনুসৰি জিএমচিএইছত চিকিৎসকক দেখুওৱাৰ পাছত অস্ত্ৰোপ্ৰচাৰৰ পৰামর্শ দিয়া হয়৷ জিএমচিএইছতেই সেই অপাৰেচন সম্পন্ন হৈছিল যদিও, মহিলাগৰাকীয়ে জনোৱা অনুসৰি তাৰ বাবদ তেওঁলোকে প্ৰায় ২১ হাজাৰ টকা বহন কৰিবলগীয়া হৈছিল৷ এটা ঔষধো তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰা নাছিল৷ ফার্মাচীৰ বিল দেখুৱাই মহিলাগৰাকীয়ে কয়,‘ অপাৰেচনত আমি ২১ হাজাৰ টকা খৰচ কৰিছো৷ প্ৰতিটো ঔষধ ফামার্চীৰ পৰা কিনি আনিছো৷ অপাৰেচনৰ দিনা মই ১৮০০ টকাৰ ঔষধ কিনি আনিছো৷ পাছতো দামী দামী ঔষধ কিনিয়েই আনিছো৷’
আয়ুষ্মান কার্ডৰ প্ৰসংগত মহিলা গৰাকীয়ে কয়, ‘মোৰ আয়ুষ্মান কার্ড নাছিল৷ ইয়ালৈ অহাৰ পাছত ইয়াতেই এখন আয়ুষ্মান কার্ড বনাবলৈ ওলাইছিলো৷ ইয়াত কেৱল ৰোগীৰ নামতহে আয়ুষ্মান কার্ড বনায়৷ তেওঁলোকে ক’লে যে, আয়ুষ্মান কার্ড বনাবলৈ ৰোগীৰ নাম ৰেচন কার্ডত থাকিব লাগিব৷ ল’ৰাটোৰ বয়স ১২ বছৰ হোৱাই নাই৷ বাৰ বছৰ নহ’লে ৰেচন কার্ডতো নাম নাহে৷’
জিএমচিএইছত দীঘলীয়া চিকিৎসা প্ৰক্ৰিয়া, কি হয় সংকটজনক ৰোগীৰ?
পেটৰ বিষৰ বেমাৰ দেখুৱাবলৈ মৰিগাঁৱৰ পৰা এগৰাকী বৃদ্ধ আহিছিল জিএমচিএইছলৈ৷ তেওঁ জনোৱা অনুসৰি, বুধবাৰে তেওঁ চিকিৎসকক দেখুওৱাৰ পাছত এক্স ৰে’ৰ পৰামর্শ দিয়ে৷ বুধবাৰেই তেওঁ এক্স ৰে’ কৰে যদিও, ৰিপ’র্ট ল’বলৈ তেওঁক শুক্ৰবাৰে আহিবলৈ কোৱা হয়৷ শুক্ৰবাৰে এক্স ৰে’ৰ ৰিপ’র্ট ল’বলৈ বৃদ্ধগৰাকী পুনৰ মৰিগাঁৱৰ পৰা আহি জিএমচিএইছত উপস্থিত হয়৷ এক্স ৰে’ৰ ৰিপ’র্ট গ্ৰহণ কৰি চিকিৎসকক তেওঁ দেখুওৱাৰ পাছত চিকিৎসকে পুনৰ আন এটা পৰীক্ষাৰ বাবে পৰামর্শ প্ৰদান কৰে৷ শুক্ৰবাৰে তেওঁ সেই পৰীক্ষা সম্পন্ন কৰে৷ কিন্তু পৰীক্ষাৰ ৰিপ’র্ট লাভ কৰিব সোমবাৰেহে৷ শুক্ৰবাৰে তেওঁ মৰিগাঁৱলৈ উভতি যায়৷ ৰিপ’র্ট গ্ৰহণ কৰি চিকিৎসকৰ পৰামর্শ ল’বলৈ তেওঁ পুনৰবাৰ সোমবাৰে গুৱাহাটীলৈ আহিব৷ তেওঁ নাজানে, তেওঁৰ ৰোগৰ চিকিৎসা কেতিয়া আৰম্ভ হ’ব৷
খাৰুপেটীয়াৰ মইনুল হকে জনোৱা অনুসৰি, এনে কিছুমান লেহেমীয়া পদ্ধতিৰ বাবে বিগত ১৪ দিন জিএমচিএইছত বাহৰ পতাৰ পাছতো মাতৃৰ চিকিৎসা আৰম্ভ হোৱা নাই৷ বিশ্বনাথৰ ৰোগী গৰাকীৰ তিনিদিন ধৰি চিকিৎসা নোহোৱাৰ বাবেই ঘৰলৈ উভতাই লৈ যোৱা হ’ল৷ জিএমচিএইছত এমআৰআই কৰিবলৈ অপেক্ষা কৰিবলগীয়া হয় দুমাহ সময়৷ সংকটজনক ৰোগীৰ ক্ষেত্ৰত দীর্ঘদিন অপেক্ষা কৰাটো সম্ভৱ নহয়৷ পৰিণতিত তেওঁলোকে বর্ধিত মাচুল বহন কৰি স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হয় ব্যক্তিগত প্ৰতিষ্ঠানত৷
বিনামূলীয়া ঔষধ কোনে পায়? চৰকাৰী চিকিৎসালয়লৈ আহিও সর্বস্বান্ত হয় ৰোগী
ঔষধৰ দাম বৃদ্ধিৰ কথা ক’লে সততে চৰকাৰে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ প্ৰদানৰ কথা কয়৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহয়৷ দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানকালত ভৰিত অস্ত্ৰোপ্ৰচাৰৰ পাছত চিকিৎসা অব্যাহত ৰখা এগৰাকী ৰোগীয়ে কয়, ‘দামী দামী ঔষধবোৰ মেডিকেলত নাপাওঁ, কিনিব লাগে৷ আজি ডাক্তৰে এটা মলম লিখি দিছিল৷ মেডিকেলৰ ভিতৰৰ সকলো ফার্মাচীত বিচাৰিও নাপালো৷ এতিয়া বাহিৰৰ পৰা কিনি আনিছো৷ দাম ৪০০ টকা৷’
মৰিগাঁৱৰ এজন ৰোগীয়ে কয়, ‘আজি ৭০০ টকা দামৰ এটা ঔষধ বাহিৰৰ পৰা কিনিছো৷ ২০০ টকাৰ পৰা ৩০০ টকা দাম কেইবাটাও ঔষধ বাহিৰতেই কিনিছো৷’ নলবাৰীৰ এগৰাকী ৰোগীৰ আত্মীয়ই কয়, ‘বেছিভাগ দৰৱ আমি বাহিৰতেই কিনিছো৷ গেষ্ট্ৰিকৰ দৰৱহে ইয়াত পাইছো৷ আচল বেমাৰৰ দৰৱ ইয়াত নাই৷’ নিজৰ বেমাৰ দেখুৱাবলৈ অহা এগৰাকী মহিলাই কয়, ‘আগতে বিনামূলীয়া ঔষধ পাইছিলো৷ আজিকালি নাপাওঁ৷ আজিও পোৱা নাই৷ আজি মই ৫ হাজাৰ টকাৰ ঔষধ বাহিৰত কিনিব লাগিব৷’
১৯ জুলাইত আমি জিএমচিএইছত লগ পোৱা এগৰাকী মহিলাৰ ঘটনা আছিল দুখজনক৷ চিকিৎসালয়ৰ পৰা ঘূৰি যাবলৈ মহিলাগৰাকীয়ে গাড়ী ভাড়াৰ বাবে চিকিৎসালয়ৰ আশে পাশে ভিক্ষা খুজি আছিল৷ আমি তেওঁৰ লগত কথা পাতিছিলো৷ মহিলাগৰাকী চিকিৎসাৰ বাবে আহিছিল আদাবাৰীৰ পৰা৷ চিকিৎসকে তেওঁক বিভিন্ন ঔষধৰ পৰামর্শ দিলে৷ তেওঁ কয়, ‘বিনামূলীয়া ঔষধ পোৱা নাই৷ কিনিবলৈ গ’লো৷ দুহাজাৰ টকা হ’ল৷ লগত দুহাজাৰ টকাই আছিল, এতিয়া ঘূৰি যাবলৈ গাড়ী ভাড়াৰ বাবে লগত একেবাৰেই পইচা নাই৷’
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেৱল অসমৰে নহয়, উত্তৰ পূবৰ বাবেই অন্যতম আৰু প্ৰধান ৰাজহুৱা চিকিৎসা সেৱাক্ষেত্ৰ৷সৰু এটা ৰোগৰ বাবেও জিএমচিএইছলৈ ৰোগী আহিবলগীয়া হয়৷ যি সময়ত ব্যক্তিগত চিকিৎসা সেৱা অধিক ব্যয়বহুল হৈ পৰিছে, সেই সময়ত জিএমচিএইছেই হৈ পৰিছে সর্বসাধাৰণৰ বাবে একমাত্ৰ সাৰথি৷ কিন্তু জিএমচিএইছতো এতিয়া সৰু সৰু এটা পৰীক্ষাৰ বাবে ৰোগীয়ে অপেক্ষা কৰিবলগীয়া হৈছে দুমাহ পর্যন্ত৷ সঠিক সময়ত লাভ কৰা নাই চিকিৎসা সেৱা৷ চিকিৎসা পদ্ধতি হৈ পৰিছে লেহেমীয়া৷ বিনামূলীয়া ঔষধ অথবা বিনামূলীয়া চিকিৎসা সেৱাও এতিয়া কেনেদৰে দুর্লভ হৈ পৰিছে সেয়া এই প্ৰতিবেদনতে ষ্পষ্ট হৈ পৰিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে যদি এনে অৱস্থা, ৰাজ্যৰ অন্যান্য চৰকাৰী চিকিৎসালয় সমূহ এতিয়া কেনেকৈ চলিছে সেয়া সহজেই অনুমেয়৷