এটা হিন্দু পৰিয়ালে ৫০ বছৰ ধৰি কিয় চোৱাচিতা কৰি আহিছে এটা মছজিদ?

Share This Article

সাম্প্ৰদায়িক সম্প্ৰীতিৰ এটা সুন্দৰ উদাহৰণ।ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত একাংশ ধৰ্মান্ধ ৰাজনৈতিক দলে মন্দিৰ মছজিদৰ কথাৰে পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে পোহৰলৈ আহিছে ধৰ্মীয় সম্প্ৰীতিৰ এক অনন্য ছবি।পশ্চিমবঙ্গত এটা হিন্দু পৰিয়ালে যোৱা 50 বছৰ ধৰি যত্ন লৈ আহিছে এটা মছজিদৰ।কেৱল সেয়াই নহয়,এই হিন্দু পৰিয়ালটোৱে যিদৰে এই মছজিদটো লাভ কৰিছিল সেই কাহিনীটোও অতি আকৰ্ষণীয়।ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাত বাস কৰা এটা বসু পৰিয়ালে নবোপল্লী অঞ্চলৰ আমানতী মছজিদটোৰ চোৱাচিতা কৰি আহিছে।
১৯৬৪ চনত এই পৰিয়ালটো তেতিয়াৰ পূব পাকিস্তান আৰু বৰ্তমান বাংলাদেশৰ পৰা উত্তৰ ২৪ পৰগণালৈ স্থানান্তৰিত হৈছিল। ইণ্ডিয়া টুডেৰ সমুখত ঈশ্বৰ নিৰোদ বসুৰ ৭৪ বছৰীয়া পুত্ৰ দীপক বসুৱে কয় এনেদৰে-

দৰাচলতে, তেতিয়া তাত দাঙ্গা আৰম্ভ হৈছিল। যেতিয়া দাঙ্গা হ্ৰাস পাইছিল,আইন অনুসৰি আমি খুলনাৰ জিয়াছুদ্দিন মৰোল নামৰ এজন জমিদাৰৰ সৈতে ভূমি বিনিময় কৰিছিলো, য’ত মোৰ দেউতাই এটুকুৰা মাটি অধিগ্ৰহণ কৰিছিল। ইয়াত এটা সৰু মছজিদ আছিল।মাটিৰ গৰাকী মোৰোলে কৈছিল যে আমি আমাৰ সুবিধা অনুসৰি এই ভূমি ব্যৱহাৰ কৰিব পাৰোঁ।দীপক বসুৱে লগতে কয় যে এই মছজিদৰ যত্ন লোৱাৰ কৃতিত্ব তেওঁৰ মাকৰ।তেওঁৰ মাতৃয়ে বিশ্বাস কৰিছিল যে উপাসনাৰ স্থানটো এটা পবিত্ৰ স্থান আৰু ইয়াক সন্মান কৰা উচিত।সেয়ে “মোৰ মায়ে প্ৰথমে এই মছজিদত চাকি জ্বলাইছিল বুলিও উল্লেখ কৰে দীপক বসুৱে।
মছজিদটোৰ চোৱাচিতা কৰা পৰিয়ালটোৰ আন এগৰাকী সদস্য পাৰ্থ সাৰথি বসুৱে সংবাদ সংস্থা ANI ৰ সন্মুখত কৈছিল এনেদৰে—
আমানতি মছজিদৰ ইমাম আখটাৰ আলীৰ মতে এই মছজিদটো প্ৰায় ৫০০ বছৰ পুৰণি। যেতিয়া এই মছজিদটো গিয়াছুদ্দিন মৰোলৰ ওচৰত আছিল, ইয়াৰ অৱস্থা অতি বেয়া আছিল।বসু পৰিয়ালে মছজিদটো মেৰামতি কৰিছে।একে সময়তে, দীপক বসুৱে কয় যে তেওঁৰ আগত, তেওঁৰ ককাক আৰু দেউতাকে মছজিদৰ যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰিছিল। এতিয়া তেওঁলোক সকলোৱে এই দায়িত্ব গ্ৰহণ কৰিছে।তেওঁৰ পুত্ৰ পাৰ্থ সাৰথি বসুৱেও এই কামত সহায় কৰে আৰু ভৱিষ্যতেও মছজিদৰ যত্ন ল’বলৈ যথেষ্ট আগ্ৰহী।
এয়া হৈছে আজিৰ দিনটোত পোহৰলৈ অহা সাম্প্ৰদায়িক ঐক্য আৰু সদ্ভাবৰ এখন অনন্য ছবি।যিয়ে বুজাই দিছে হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান/ মোৰ মনত একেটি ভাব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.