কাৰ্টুনৰ ৰূপত উভতি আহিছে নেকি বিভৎসতাৰ ইতিহাস ?

Share This Article

মানুহৰ ইতিহাসৰ বিভৎতম খলনায়ক হিচাপে বিবেচনা কৰা হয় জাৰ্মান শাসক হিটলাৰক ৷ নাজী বাহিনীক ইতিহাসে সদায়ে মানৱতাৰ শত্ৰু বুলিয়ে গণ্য কৰি আহিছে ৷ সকলোৱে ক’ব বিচাৰে যে আধুনিক সমাজ ব্যৱস্থাত হিটলাৰ আৰু নাজী কাৰোৱে স্থান নাই ৷ কিন্তু ইতিহাসৰ পুণৰাবৃত্তি হয় ৷ প্ৰথমতে ট্ৰেজেডিৰ ৰূপত আৰু তাৰ পাছত কাৰ্টুনৰ ৰূপত ৷ আজি দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছে এটা বিশেষ বাতৰি ৷ এই বাতৰিৰ শিৰোনাম হ’ল ‘হিষ্ট’ৰী ৰিপিট ইতচেল্ফ , ফাৰ্ষ্ট এজ ট্ৰেজেডি , ছেক’ণ্ড এজ কাৰ্টুন ৷ ‘ এই বাতৰিটোত লিখা হৈছে দুটা বিশেষ কাৰ্টুনৰ কথা ৷ এটা নাজী বাহিনীৰ আৰু আনটো ভাৰতৰ শাসক দল বিজেপিৰ ৷ কিয় চৰ্চালৈ আহিছে এই কাৰ্টুন দুটা সেয়া আমি আলোচনা কৰিম ডাঙৰ খবৰ শিতানত ৷ তাৰ পূৰ্বে চাই লও আহক এই বাতৰি আৰু কাৰ্টুনৰ লগত সম্পৰ্ক থকা আৰু কালিৰে পৰা সামাজিক মাধ্যমত ব্যাপক চৰ্চিত হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ সেই বিশেষ অংশটো –
২০০৮ চনৰ ২৬ জুলাইত আহমদাবাদত সংঘটিত হৈছিল এটা ভয়ানক বোমা বিস্ফোৰণৰ ঘটনা ৷ এই বোমা বিস্ফোৰণত নিহত হৈছিল ৫৬ জন লোক ৷ শেহতীয়াকৈ আদালতে এই বিস্ফোৰণৰ বাবে ৩৮ জন লোকক জগৰীয়া কৰি মৃত্যুদণ্ডৰ আদেশ দিয়ে ৷ এই বোমা বিস্ফোৰণৰ ঘটনা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী সভাত কৈছে যে সন্ত্ৰাসবাদীয়ে কি কাৰণত সমাজবাদী পাৰ্টীৰ প্ৰতীক চিহ্ন চাইকেলত বোমা সংস্থাপন কৰিলে , সেয়া আশ্চৰ্যজনক ৷ ২০০৮ চনৰ এটা বোমা বিস্ফোৰণৰ লগত সমাজবাদী পাৰ্টীৰ নিৰ্বাচনী প্ৰতীক চাইকেলক সামৰি দিয়া এই ভাষণ এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপ আলোচিত – সমালোচিত হৈছে ৷ তাৰ লগে লগে গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা এটা কাৰ্টুনো এতিয়া সমালোচনা –

দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত আজিৰ মুখ্য বাতৰিটোৰ প্ৰথমতে উল্লেখ কৰা হৈছে এটা বিশেষ কাৰ্টুনৰ কথা ৷ এই কাৰ্টুনটো প্ৰথমতে আমি আপোনালোকক দেখুৱাব বিচাৰিছো ৷ এই কাৰ্টুনটোৰ পটভূমি ১৯৩৫ চনৰ নাজী শাসনকালৰ ৷ এই কাৰ্টুনটোত দেখা গৈছে যে ইহুদী , কমিউনিষ্ট আৰু নাজী বাহিনীৰ আন শত্ৰুসকলক ফাঁচীকাঠত ওলোমাই দিয়া হৈছে ৷ ফাঁচী কাঠত জিলিকি আছে নাজী বাহিনীৰ প্ৰতীক চিহ্ন ৷ ইউনাইটেড ষ্টেটছ হোলোকাষ্ট মিউজিয়ামৰ হোলোকাষ্ট এনচাইক্ল’পেডিয়াত থকা এই কাৰ্টুনটো আকৌ এবাৰ ভাৰতত চৰ্চালৈ আহিছে ৷ ইয়াৰ কাৰণ হ’ল গুজৰাট বিজেপিয়ে টুইটাৰত প্ৰচাৰ কৰা আন এটা কাৰ্টুন ৷ এইবাৰ চাই লওক বিজেপিয়ে প্ৰচাৰ কৰা সেই বিশেষ কাৰ্টুনটো –৷ গুজৰাট বিজেপিৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা এই কাৰ্টুনটোত দেখা গৈছে যে এদল লোকক একেলগে ফাঁচীকাঠত ওলোমাই দিয়া হৈছে ৷ এই কাৰ্টুনটোৰ টেগলাইন দিয়া হৈছে সত্যমেৱ জয়তে ৷ ফাঁচীকাঠত ওলমি থকা লোককেইজনৰ বেশভূষাৰ পৰা সহজতে অনুমান কৰিব পাৰি যে এই লোককেইজন মুছলমান ৷ আহমদাবাদ বিস্ফোৰণৰ ৰায়দানৰ পাছতেই গুজৰাট বিজেপিয়ে এই কাৰ্টুনটো শ্বেয়াৰ কৰিছে ৷ কিন্তু টুইটাৰে লগে লগে বিজেপিৰ এই কাৰ্টুনটোৰ প্ৰচাৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷
গুজৰাট বিজেপিৰ এই কাৰ্টুনটোৱে মনত পেলাই দিয়ে হিটলাৰৰ নাজী বাহিনীৰ সেই বিশেষ কাৰ্টুনটোলৈ ৷ দুয়োটা কাৰ্টুনৰ মাজত দেখা গৈছে এক বিশেষ সামঞ্জস্য ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাজী শাসনক প্ৰতিফলিত কৰা এই কাৰ্টুনটো শ্বেয়াৰ কৰি বিজেপিয়ে নিশ্চয় এটা কথাই বুজাব বিচাৰিছে যে উন্নয়নেই তেওলোকৰ প্ৰচাৰৰ একমাত্ৰ বিষয় নহয় ৷ মেৰুকৰণ হৈ পৰিছে বিজয়ৰ একমাত্ৰ ভৰষা ৷ কৰ্মসংস্থাপনহীনতা , মূল্যবৃদ্ধি , গৰাকী বিহীন পশু আদি ইছ্যুসমূহৰ লগতে সমাজবাদী পাৰ্টীৰ ৰামধেনু সদৃশ মিত্ৰতাই এইবাৰ উত্তৰ প্ৰদেশত বিজেপিক কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে ৷ এনে পৰিস্থিতিত উন্নয়নৰ শ্ল’গান বাদ দি বিজেপিয়ে ধৰ্মীয় মেৰুকৰণকে একমাত্ৰ অস্ত্ৰ হিচাপে লৈছে ৷ যাৰ বাবে প্ৰচাৰ কৰা হৈছে ঘৃণা বিয়পাব পৰা নানান বাৰ্তা ৷ আনকি প্ৰধানমন্ত্ৰীয়ে সমাজবাদী পাৰ্টীৰ প্ৰতীক চিহ্নক লৈ কৰা স্থুল মন্তব্যই দলটোৰ ভয়কে প্ৰতিফলিত কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.