হাতত পুথি কিন্তু পঢ়াবলৈ নাই শিক্ষক !

Share This Article

এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক! শিক্ষাৰ্থীৰ মাজত হাহাকাৰ।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে,ছাত্ৰছাত্ৰী এতিয়া চিন্তিত নিজৰ ভবিষ্যতক লৈ।তেওঁলোকৰ ভৱিষ্যত কি হ’ব,তাকে লৈ সন্দিহান ছাত্ৰছাত্ৰীসকল।এখন বিদ্যালয়ৰপৰা নোহোৱা হ’ল শিক্ষক আৰু ইয়াৰ পিছতেই শতাধিক শিক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ।বিমোৰত অভিভাৱক – স্তম্ভিত সচেতন লোক।ছাৰ-বাইদেউহঁতে আমাক এৰি গুছি গৈছে।আমাৰ ভৱিষ্যত কি হ’ব? এনেকৈয়ে এতিয়া নিজৰ ভৱিষ্যতক লৈ হাহাকাৰ কৰি উঠিছে কণমানি ছাত্ৰ-ছাত্ৰী কেইজনে।ঘটনাৰ স্থান ডিমৌৰ। শিক্ষাৰ পৰা বঞ্চিত ডিমৌৰ এখন বিদ্যালয়ৰ ১১৬ গৰাকী কৈ ছাত্ৰ-ছাত্ৰী। ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে পাঠ গ্ৰহণৰ পৰা বঞ্চিত হয় ছাত্র-ছাত্ৰী সকল। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ গহ্বৰলৈ ঠেলি দিলে একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে। যাৰ বাবে বিমোৰত পৰিছে আৰ্থিকভাৱে পিছপৰা অভিভাৱক তথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। অভিযোগ উত্থাপন হৈছে যে, ভয় ভাবুকিৰে বিদ্যালয়খন ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি এটা চক্ৰক সন্তুষ্ট কৰাৰ প্ৰচেষ্টা চলাইছে বিদ্যালয় পৰিদৰ্শকে। শাসক পক্ষ আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ অৰিঁয়াঅৰিৰ মাজত অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে এইসকল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। অসমীয়া মাধ্যমৰ বিদ্যালয়খন জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো বুঢ়া আঙুলি শিক্ষা সঞ্চালকালয়ৰ। বিদ্যালয়খনৰ অস্তিত্ব শেষ কৰি দিয়াৰ প্ৰতিযোগিতাত নামি পৰিছে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়। উল্লেখনীয় যে, অসমীয়া মাধ্যমৰ ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়খন বন্ধ কৰি উক্ত বিদ্যালয়ৰ ভূমিতে আদৰ্শ বিদ্যালয় সংগঠন, অসম, নামৰ সংগঠনে CBSE ৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ উঠি পৰি লগাৰ সময়তে উক্ত সিদ্ধান্তক বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে সচেতন ৰাইজে বিৰোধিতা কৰি আহিছে। লগতে উক্ত বিষয়টোৰ সন্দৰ্ভত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু উক্ত বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২ জুনত পুনৰ শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰি সুচাৰুৰূপে চলি থকা বিদ্যালয়খন বন্ধ কৰি কিয় আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে বুলি সংশ্লিষ্ট সকলক কাৰণ দৰ্শোৱা জাননী জাৰি কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বিষয়টোক শাসক পক্ষই চল-চাতুৰিৰে বিদ্যালয়খনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীক অন্য বিদ্যালয়লৈ যাবলৈ বাধ্য কৰোৱাৰ ফলত আজি বিদ্যালয়খন অচল হৈ পৰে আৰু শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হয় বিদ্যালয়খনত অধ্যয়নৰত ১১৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। তদুপৰি অহা ১ জুনৰ পৰা বিদ্যালয়খনত প্ৰথম ইউনিট পৰীক্ষাৰ দিন ধাৰ্য্য কৰা হৈছে। পৰীক্ষালৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক এৰি থৈ টালিটোপোলা বান্ধি শিক্ষক-শিক্ষয়িত্ৰীসকল অন্য বিদ্যালয়লৈ কেনেকৈ গুচি যাব পাৰিলে বুলি অভিভাৱকসকলে প্ৰশ্ন কৰে।  ৯  এতিয়া প্ৰশ্ন হয়, শাসক পক্ষ আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ অৰিঁয়াঅৰিৰ মাজত ডিমৌ টাউন উচ্চ মাধ্যমিক বিদ্যালয়খনত অধ্যয়নৰত ১১৬ গৰাকীকৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কোন দিশে গতি কৰিব? এনেকৈয়ে মৃত্যুঘণ্টা বজাই নিঃশেষ হ’বলৈ দিব নেকি অসমীয়া মাধ্যমৰ বিদ্যালয়?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.