দেশতটো বাদেই,বিদেশতো প্ৰেমৰ দোকান !

ঘৃণাৰ নহয়, প্ৰেমৰ বাণী লৈ আমেৰিকাত ৰাহুল গান্ধী। কিছুদিন পূৰ্বে ব্ৰিটেইন ভ্ৰমণৰ পৰা অহা ৰাহুল গান্ধী এইবাৰ ১০ দিনীয়া কাৰ্যসূচীৰে উপস্থিত হলগৈ আমেৰিকাত। কেলিফৰ্ণিয়াত প্ৰবাসী ভাৰতীয়ৰ দ্বাৰা আয়োজিত এক সভাত ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাত বসবাস কৰা প্ৰবাসী ভাৰতীসকলৰ সন্মুখত ৰাহুল গান্ধীয়ে উল্লেখ কৰে ভাৰত জোড়ো যাত্ৰাৰ কথা। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ উদ্দশ্য আছিল ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খোলা। কিন্তু ভাৰত জোড়ো যাত্ৰা শেষ হোৱা পাছতো কিয় চৰ্চাত ৰাহুল গান্ধীৰ ঘৃণাৰ মাজত প্ৰেমৰ দোকান।প্ৰেমৰ দোকান খুলিবলৈ আমেৰিকাত উপস্থিত হৈছে ৰাহুল গান্ধী।। আমেৰিকাত প্ৰতিবাদৰ মাজতে প্ৰেমৰ বাণী বিলালে ৰাহুল গান্ধীয়ে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ শাসনলৈ অহাৰ পাছত ভাৰতীয় মানুহক বিভিন্ন গোটত ভাগ কৰাৰ অভিযোগ কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহৰ। বিজেপি দল আৰু চৰকাৰে দেশত ঘৃণা বিয়পোৱাৰ অভিযোগ বিৰোধীৰ। সেয়ে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিবলৈ ভাৰত জোড়ো যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। সেই একেই বাণী লৈ এইবাৰ আমেৰিকাত উপস্থিত ৰাহুল গান্ধী। প্ৰবাসী ভাৰতীয়ৰ মাজত ৰাহুল গান্ধীৰ মন্তব্য- ‘ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান’। ইফালে ৰাহুল গান্ধীৰ এই ভাষণৰ মাজতে প্ৰতিবাদৰ সন্মুখীন হয় ৰাহুল গান্ধী। ভাষণৰ মাজতে খালিস্তানী সমৰ্থকে দিয়ে ৰাহুল গান্ধী বিৰোধী শ্লগান। আমেৰিকাৰ কেলিফৰ্ণিয়াত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাষণ দি থকাৰ সময়তে খালিস্তানী সমৰ্থকে দিয়ে এই শ্ল’গান। দৰ্শকৰ মাজৰ একাংশ লোকে ১৯৮৪ চন শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত বিষয়ক কেন্দ্ৰ কৰি ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শ্ল’গান দিয়ে খালিস্তানী সমৰ্থকসকলে। কিন্তু এই শ্ল’গানৰ মাজতে হাঁহি হাঁহি ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া- ‘ঘৃণাৰ বজাৰত প্ৰেমৰ দোকানক স্বাগতম’।ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে ‘কংগ্ৰেছ দলৰ আছে সকলোৰে প্ৰতি ভালপোৱা’ ‘কোনোবাই আহি কিবা ক’লে তাক শুনি সুখী হওঁ’। ‘মই আশাহত নহওঁ, মই আক্ৰমণাত্মক নহওঁ’। ‘মই ইয়াক ভালকৈ শুনিম, এয়া মোৰ স্বভাৱেই’-এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *