নিজে পতা জালত নিজেই বন্দী বিজেপি ?

Share This Article

পুনৰ জ্বলিছে উত্তৰ পূবৰ অন্যতম ৰাজ্য মণিপুৰ।বিগত ৩ মে’ত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিয়ে প্ৰাণ ল’লে প্ৰায় ৭৩ গৰাকী লোকৰ।কিন্তু মণিপুৰত চৰকাৰ গঠনৰ বাবে থাউকতে ইম্ফলত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মা এই ক্ষেত্ৰত নিমাত,শব্দহীন,প্ৰতিক্ৰিয়াহীন।মণিপুৰ জ্বলা আজি সম্পূৰ্ণ এটা মাহ হ’ল কিন্তু যিকোনো বিষয়ত সদায় সৰৱ ভূমিকা লোৱা অসমৰ মুখ্যমন্ত্ৰী তথা NEDA ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মাত এষাৰ দিবলৈ সময় পোৱা নাই মণিপুৰ চৰকাৰ তথা জনতাক ।NEDA ৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সৰু বৰ ৰাজনৈতিক দলক একত্ৰিত কৰি গণতান্ত্ৰিক মঞ্চ গঠন কৰাত আগভাগ লোৱা ড° হিমন্ত বিশ্ব শৰ্মাই ডাবল ইঞ্জিনৰ চৰকাৰেহে উন্নয়ন আনিব বুলি মণিপুৰৰ নিৰ্বাচনৰ সময়ত ভাষণ প্ৰদান কৰিছিল কিন্তু সেই ডাবল ইঞ্জিন মণিপুৰত বিকল হোৱাৰ পিছতো মাত এষাৰ দিয়া নাই মুখ্যমন্ত্ৰী ড° শৰ্মাই।

মেইতেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়টোক কোনো কাৰণতে মানি ল’ব খোজা নাই কুকিকে ধৰি আন জনজাতীয় লোকসকলে। মণিপুৰৰ ৬৪% লোকেই মেইতেই সম্প্ৰদায়ৰ।তুলনামূলকভাৱে মেইতেই জনগোষ্ঠীৰ লোকসকল যথেষ্ট আগবঢ়া৷তেওঁলোকৰ সম্প্ৰদায়টোৰ লোকসকল হিন্দু।কুকিকে ধৰি আন জনগোষ্ঠী বোৰৰ অভিযোগ বিজেপি চৰকাৰে কেৱল হিন্দু হোৱাৰ বাবেই মেইতেই জনজাতিৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰিছে।হিন্দু ধৰ্ম গ্ৰহণ কৰি মেইতেই সকলে সকলো জনগোষ্ঠীয় মৰ্যদা হেৰুৱাই এটা উন্নত জাতি হিচাপে পৰিচিত হোৱাৰ পিছতো কিয় আন জনগোষ্ঠীক উলাই কৰি মেইতেক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰি তাত ৰহস্যৰ গোন্ধ পাইছে কুকিসকলে।এই সকলো আহুকালৰ মূল হৈছে শাসক দল বিজেপি !ইতিমধ্যে মণিপুৰত দুগৰাকী বিজেপি বিধায়কৰ বাসগৃহও জ্বলাই দিছে উত্তেজিত লোকে।হেংলেপ সমষ্টিৰ প্ৰাক্তন বিধায়ক টি থালজালাম হিউকিপক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷উচতনি আৰু আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধত প্ৰাক্তন বিজেপি বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে।বনাঞ্চলৰ দখলীকৃত ভূমি মুক্ত কৰাৰ অজুহাতত ইতিমধ্যে ৪০ টা গীৰ্জা উচ্ছেদ কৰিছে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে৷আনহাতে,মাৰ ষ্টুডেণ্টছ এচ’ছিয়েছনৰ মণিপুৰ ৰাজ্যিক সমিতিয়ে কেইটামান বিশেষ সংবাদ মাধ্যমে তিপাইমুখৰ ৩ টা ডাঙৰ মন্দিৰ ধ্বংস কৰা বুলি উলিওৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে।মাৰ ষ্টুডেণ্টছ এচ’ছিয়েছনে এক বিজ্ঞপ্তি যোগে কয় ‘ তিপাইমুখ মহকুমাত ২৫খন গাওঁ আছে।সেই গাওঁবোৰৰ অধিকাংশ লোকেই খ্ৰীষ্টান৷সেয়ে তাত এটাও মন্দিৰ নাই।গতিকে মন্দিৰ ভঙাৰ প্ৰশ্নই নুঠে।চুৰচান্দপুৰ অঞ্চলত এটা শ্ৰীৰাধা কৃষ্ণ মন্দিৰ আছে আৰু বৰ্তমান ই একেবাৰে সুৰক্ষিত অৱস্থাত আছে।’মণিপুৰত ইতিমধ্যে ঠায়ে ঠায়ে সান্ধ্যআইন উঠাই লোৱা হৈছে।ৰাজ্যখনত বিগত ২৮ দিন ধৰি বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা।সমগ্ৰ হিংসাত্মক পৰিস্থিতিৰ আঁৰত আছে বিজেপি চৰকাৰৰ কাকো দেখি দুৱাৰ মৰা আৰু কাকো দেখি ৰন্ধাবঢ়া নীতি৷এই নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে মেইতেৰ বাহিৰে আন জনজাতীয় লোকসকলে।মেইতেৰ বাহিৰে আন জনজাতি বোৰৰ প্ৰতিটোৰে আছে উগ্ৰপন্থী সংগঠন।এই সংগঠনবোৰে নিজৰ নিজৰ জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।প্ৰতিটো সংগঠনেই মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে দায়ী কৰিছে মণিপুৰ চৰকাৰক !সংঘৰ্ষৰ আৰম্ভণিৰ প্ৰায় এটা মাহ সম্পূৰ্ণ হোৱাৰ সময়ত অৰ্থাৎ বিগত ২৯ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয়গৈ মণিপুৰত।তিনি দিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত অমিত শ্বাহ উপস্থিত হোৱাৰ পিছতেই দুজনকৈ বিজেপিৰ বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰে দুস্কৃতিকাৰীয়ে।বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মণিপুৰৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত ইতিমধ্যে ঘোষণা কৰা হৈছে।তদুপৰি গৃহমন্ত্ৰী গৰাকীয়ে সকলো উগ্ৰপন্থীকে অস্ত্ৰশস্ত্ৰ সমৰ্পন কৰিবলৈ আহ্বান জনাইছে।আগন্তুক ১০ দিনৰ ভিতৰত পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ পুনৰ ৰাজ্যখনত উপস্থিত হ’ব বুলি জনাই গৃহমন্ত্ৰী শ্বাহে৷এক কথাত
নিজে পতা জালত নিজেই বন্দী হৈ উদ্ধাৰৰ পথ দেখা নাই বিজেপিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.