সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰতিদিনে অসমে লৈছে ৫৯ কোটিৰ ঋণ হেলিকপ্তাৰত প্ৰতিদিনে ব্যয় ৬ লাখ টকা

ৰাজ্যখনক ঋণত ডুবাই অসম চৰকাৰে কৰা হেলিকপ্তাৰ বিলাসিতাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অসম বিধানসভাৰ মজিয়াত । বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ বিপৰীতে অসম চৰকাৰে দাখিল কৰাৰ তথ্যৰ পৰাই উন্মোচন হৈছে ৰাজ্যৰ অৰ্থনীতিৰ ফোপোলা স্বৰূপ । এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰৰ আমোলত অসমে বিভিন্ন উৎসৰ পৰা প্ৰতিদিনে প্ৰায় ৪৩ কোটিকৈ ঋণ লৈছে । বিজেপিৰ মুঠ ৭ বছৰীয়া কাৰ্যকালৰ ভিতৰত কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত প্ৰতিদিনে লোৱা ঋণৰ পৰিমান হৈছে ৫৯ কোটি টকা ৷ বিধানসভাত দাখিল কৰা তথ্য অনুসৰি , ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি ২০২২-২৩ বিত্তীয় বৰ্ষলৈ অসম চৰকাৰে লোৱা ঋণৰ মুঠ পৰিমান হ’ল ১,০৯,০৭১.২৮ কোটি টকা । ২০১৬-১৭ বৰ্ষত ৫৬৪৯.৪৫ কোটি , ২০১৭-১৮ বিত্তীয় বৰ্ষত ১০৪৭৬.২ কোটি , ২০১৮-১৯ বৰ্ষত ১৪০০৩.৮৮ কোটি , ২০১৯-২০ বৰ্ষত ১৬৬৩৪.৫৩ কোটি , ২০২০-২১ বৰ্ষত ১৯২৫৬.৫৯ কোটি আৰু ২০২২-২৩ বৰ্ষত ২৫,৯০২.১৬ কোটি টকাৰ ঋণ অসম চৰকাৰে গ্রহন কৰিছে । ২০১৬ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈ মুঠ দিন হ’ল ২,৫৫১ দিন । গতিকে প্ৰতিদিনৰ হিচাপত ধৰিলে দিনে গড়ে ৪২.৭২ কোটি টকাৰ ঋণ লৈছে অসমৰ বিজেপি চৰকাৰখনে ।তাৰ মাজতো ড: হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছৰে পৰা অসমৰ ঋণৰ পৰিমাণ আকাশলংঘী হাৰত বৃদ্ধি পাবলৈ ধৰে । ড: শৰ্মাৰ কাৰ্যকালৰ দুটা বছৰত অৰ্থাৎ ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত অসম চৰকাৰে লৈছে ৪৩,০৫০.৫৭ কোটি টকাৰ ঋণ ৷ এই দুটা বছৰত অৰ্থাৎ ৭৩০ দিনত অসম চৰকাৰে গড়ে ৫৮.৯৭ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ।যিয়ে ৰাজ্যখনৰ ভয়ংকৰ বিত্ত সংকট অতি স্পষ্ট ৰূপত উদঙাই দিয়ে ।ৰাজ্যৰ অৰ্থনীতি ঋণত ডুবি থাকিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আকাশীযানৰ নামত কৰা ব্যয়ৰ হিচাপ শুনিলে ৰাজ্যবাসীৰ চকু কপালত উঠিব । বিধায়ক অখিল গগৈৰ আন এক প্ৰশ্নৰ উত্তৰত সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে দাখিল কৰা তথ্য অনুসৰি , ২০২১ চনৰ ১০ মে’ৰ পৰা ২০২৪ চনৰ ৩০ জানুৱাৰীলৈ অসম চৰকাৰে মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য ভি আই পিৰ হেলিকপ্তাৰ বা চাৰ্টাৰ্ড বিমানৰ নামত ব্যয় কৰিছে ৫৮.২৩ কোটি টকা ৷ অৰ্থাৎ এই ৯৯৫ টা দিনত অসম চৰকাৰে হেলিকপ্তাৰ বা চাৰ্টাৰ্ড বিমানৰ নামত প্ৰতিদিনে ব্যয় কৰিছে ৫.৮৬ লাখকৈ টকা ।একেটা উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে সদৰী কৰে যে মুখ্যমন্ত্ৰীয়ে চৰকাৰী খৰচত ব্যক্তিগত , চৰকাৰী কামৰ লগত সম্পৰ্ক নথকা আৰু তেওঁ প্ৰতিনিধিত্ব কৰা দলটোৰ নিৰ্বাচনী প্ৰচাৰত উৰাজাহাজ ব্যৱহাৰ কৰা নাই  ।কিন্তু অসম চৰকাৰে বিধানসভাত দাখিল কৰা এই তথ্য আৰু দ্য ক্ৰছকাৰেন্টে আৰ টি আই যোগে লাভ কৰা তথ্যৰ মাজত ব্যাপক প্ৰভেদ আছে ।মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত বা দলীয় কামত চৰকাৰী উৰাজাহাজ ব্যৱহাৰ নকৰা বুলি কোৱাৰ বিপৰীতে দ্য ক্ৰছকাৰেন্টৰ এক অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ , দলীয় কাম , আনকি বিয়া খাবলৈকো চৰকাৰী উৰাজাহাজ বা হেলিকপ্তাৰ কৰিছে ।আৰ টি আই তথ্য অনুসৰি , মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ১৭ অক্টোবৰত তামুলপুৰত , ১৯ অক্টোবৰত গোঁসাইগাঁৱত , ২০২২ চনৰ ৭ মাৰ্চত মাজুলীত , ২০২২ চনৰ ২০ নৱেম্বৰত নৱেম্বৰত দিল্লীত আৰু ২০২৩ চনৰ ৩০ জানুৱাৰীত ত্ৰিপুৰালৈ চৰকাৰী হেলিকপ্তাৰ লৈ গৈ নিৰ্বাচনে প্ৰচাৰত অংশ লৈছিল ।মুখ্যমন্ত্ৰীগৰাকীয়ে কমেও ৭ বাৰ দলীয় সভাত চৰকাৰী বিমানেৰে গৈ উপস্থিত হোৱাৰ তথ্যও ইতিমধ্যে উন্মোচন হৈছে ।কেৱল সেয়াই নহয় , বিয়া সবাহ খাবলৈ যোৱাৰ নামতো মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কমেও ৫ বাৰ চৰকাৰী বিমান বা হেলিকপ্তাৰ ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে ।গতিকে বিধানসভাত দাখিল কৰা তথ্য যে সঁচা নহয় , সেয়া দ্য ক্ৰছকাৰেন্টে লাভ কৰা আৰ টি আই তথ্যৰ পৰাই প্ৰমাণ হৈ পৰে ।

Leave A Reply

Your email address will not be published.