অসম চৰকাৰৰ কেবিনেট বৈঠকত এখন যুৱ আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হয় ৷ এই আয়োগে বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ – ছাত্ৰীসকলক প্ৰস্তুতি চলোৱাত সহায় কৰিব বা প্ৰশিক্ষণ প্ৰদান কৰিব ৷ নীটৰ পৰা আৰম্ভ কৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা নিৰ্বাচিত ছাত্ৰ- ছাত্ৰীক যুৱ আয়োগে প্ৰশিক্ষণ প্ৰদান কৰিব ৷
কেবিনেট বৈঠকত অসম আন্দোলনৰ ছহিদ পৰিয়াল আৰি নিৰ্যাতিতসকলৰ সহায়ৰ বাবে এটা ন্যাস গঠনৰো সিদ্ধান্ত লোৱা হয় ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.