অসমৰ সৰ্বস্তৰৰ ,সৰ্ববয়সৰ মানুহকেই প্ৰভাবিত কৰিব পৰা এই সময়ৰ লোকজনেই আছিল জুবিন গাৰ্গ । আবাল বৃদ্ধ বনিতাৰ আবেগৰ অংশ আছিল সুৰীয়া কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ । অলপতে অৰ্ধ শতিকা অতিক্ৰম কৰিলেও সত্তৰ -আশি বছৰীয়া জনৰ বাবে যেনেকৈ “আমাৰ জুবিন” ;তেনেকৈ শিশু -কিশোৰৰ বাবেও অনায়সে উচ্চাৰিত হয় _ “আমাৰ জুবিন” খুব বেছি “জুবিনদা”! এই সম্বোধন বা এই সম্পৰ্ক অতি আত্মিয়জনৰ সম্পৰ্কতেহে হয় । ব্যক্তিগত ভাবে কোনোবাই জুবিন গাৰ্গক লগ পাওকেই বা নাপাওক ,জুবিনৰ গানে আমাৰ সৰ্বস্তৰৰ মানুহক এনেকৈ মোহাচ্ছন্ন কৰি ৰাখিছিল যে এই মুগ্ধতাই প্ৰতিজন শ্ৰোতাৰেই জীৱনৰ অংশ হৈ পৰিছিল জুবিন ।
ইতিমধে উল্লেখ কৰা বাক্যকেইটা আমি বুকুত বৰশিল এটা লৈ অতীত কালত লিখিছোঁ । আজি অসমৰ অন্যতম এজন দৰদী কণ্ঠৰ গায়ক জয়ন্ত হাজৰিকাৰ জন্ম দিনটোৰ আগৰ দিনটোতেই জয়ন্ত হাজৰিকাৰ দৰেই অকালতে মৃত্যু ঘটিল জুবিন গাৰ্গৰ । আমাৰ সময়ৰ সবাতোতকৈ চৰ্চিত আৰু অতি প্ৰভাৱশালী ব্যক্তি আছিল জুবিন গাৰ্গ । বিকৃত বিশ্বায়নে অসমীয়াৰ ৰুচি অবনমিত কৰাৰ লগতে আমাৰ মানুহক ঐতিহ্য বিমুখ কৰাৰ সময়তে জুবিনে আধুনিক গানকে ধৰি বিহু বৰগীত টোকাৰী গীতলৈকৈ সকলো গীতকে নিজৰ দৰদী ,আবেদনময় কণ্ঠৰে এইবোৰৰ বিশেষ আয়তন আৰু ময্যদা দিয়ে । এই বাস্তৱতাৰ বাবে ডেকা গাভৰুৱে যিমান আবেগৰে জুবিনৰ অনুৰাগী সেই একেই অনুৰাগ শিশু কিশোৰৰপৰা বৃদ্ধ বৃদ্ধালৈকে আছে । জুবিনৰ হাজাৰ হাজাৰ গানৰ নিদিষ্ট গানৰ কথা আমি নোকোৱাকৈয়ে কব পাৰো যে তেওৰ অসংখ্য গানে আবাল বৃদ্ধ বনিতাক নিজৰ আবেগ প্ৰকাশ অথবা স্মৃতি জগোৱাত সীমাহীনভাবে সহায় কৰিছিল ।
অসমতেই নহয় দেশ বিশ্বত জুবিনৰ কেনে প্ৰচণ্ড প্ৰভাৱ আছে তাক লাখ লাখ মানুহৰ উতলি উঠা কৰুণ আবেগবোৰ প্ৰত্যক্ষ কৰি জানিব পাৰি ।
কেবল গান গোৱা মানুহ নাছিল জুবিন গাৰ্গ । তেওঁৰ মূল পৰিচয় মানৱতাবাদী আৰু প্ৰকৃতিপ্ৰেমী । তেওঁৰ এই পৰিচয়ৰ বাবেই আন বহু গায়কৰ দৰে তেওঁৰ সৈতে বেপাৰী অভিধা মুঠেও খাপ নাখাই । নিঃশ্ব অথবা অভাবীজনক তেওঁৰ আৰ্জনৰ সৰহভাগ ধনেই বিলাই দিছিল । প্ৰকৃতিপ্ৰেমী হিচাপেও তেওঁৰ সুনাম আছিল ।
জুবিন গাৰ্গ যথাৰ্থ এজন আধুনিক ব্যক্তি হিচাপে তেওঁ জাত -বৰ্ণ ‘ধৰ্ম -ঈশ্বৰ আদি আদিম সামন্ততান্ত্ৰিক চিন্তা বা অন্ধবিশ্বাসৰ পৰা মুক্ত আছিল । আজি কায়িকভাবে জুবিন নাথাকিলেও তেঁওৰ সমষ্ট সৃষ্টিয়েই ৰৈ যাব । আমি তেওঁৰ প্ৰতি সঁচা মৰম শ্ৰদ্ধা তেতিয়াহে নৈতিক ভাবে যাঁচিব পাৰিম যেতিয়া তেওঁৰ বৰ্ণ ধৰ্ম ঈশ্বৰহীন ভাবাদৰ্শৰ অনুগামী হব পাৰিম ।
অনেকেই অভিযোগ কৰিছিল যে জুবিনৰ এখিনি অতি উতনুৱা অনুগামী আছে । কথাটো আংশিকভাবেহে সত্য । আচল সত্যটো হৈছে জুবিন গাৰ্গৰ লাখ -লাখ অনুগামী আছে যিসকল মানবীয় চিন্তা কৰ্মৰ সৈতে জড়িত । আমি আজি জুবিন গাৰ্গৰ এইবোৰ সদৰ্থক অৱস্থা বা বাস্তৱতাৰ বাটত বাট বুলিম নিশ্চয় ।
ৰিপুঞ্জয় গগৈ
- Donation -