উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিদিন বাকী ৷ বিজেপি আৰু সমাজবাদী পাৰ্টীৰ জোটবন্ধনৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা ৷ ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে প্ৰচাৰ অভিযানো তুংগত উঠিছে ৷ আজি উত্তৰ প্ৰদেশৰ বিজনোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰাৰ কথা আছিল এখন নিৰ্বাচনী সভা ৷ কিন্তু হঠাৎ এই সভা বাতিল কৰা হয় ৷ কোৱা হৈছে যে বেয়া বতৰৰ বাবেই নিৰ্বাচনী সভাখন বাতিল কৰা হ’ল ৷ কিন্তু সভা বাতিলৰ এইটোৱে একমাত্ৰ কাৰণ নহয় বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ৷ দেশৰ প্ৰতিটো নিৰ্বাচনক বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান গুৰুত্বসহকাৰে লয় , সেয়া নতুনকৈ বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই ৷ সৰু বৰ প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনেই বিজেপি দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই সমানেই গুৰুত্বপূৰ্ণ ৷ তাতে যদি উত্তৰ প্ৰদেশৰ দৰে দেশৰ বৃহত্তম ৰাজ্যৰ নিৰ্বাচন হয় , তেনেহ’লে তাক লৈ প্ৰধানমন্ত্ৰী মোদী কিমান চিৰিয়াছ হ’ব পাৰে , সেয়া সহজেই অনুমেয় ৷ সেইবাবেই নিৰ্বাচনৰ দিন ঘোষণাৰ আগতেই উত্তৰ প্ৰদেশত প্ৰায় এক ডজন জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী অধিসূচনা প্ৰকাশৰ পাছতো তেও ভাৰ্ছুয়েল মাধ্যমযোগে সভা সম্বোধন কৰি আছে ৷ কিন্তু আজি উত্তৰ প্ৰদেশৰ বিজনোৰত অনুষ্ঠিত হ’বলগীয়া জনসভাখন তেও বেয়া বতৰৰ অজুহাত দেখুৱাই বাতিল কৰিলে ৷ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ জনতাৰ ওচৰত ক্ষমা বিচাৰে আৰু ভাৰ্ছুয়েল মাধ্যমযোগেই সভাখন সম্বোধন কৰে ৷ কিন্তু বিজনোৰৰ বতৰ আজি সঁচাকৈয়ে বেয়া আছিলনে ? নে অন্য কোনো কাৰণত বাতিল কৰা হ’ল প্ৰধানমন্ত্ৰীৰ জনসভা ? ইয়াকে লৈ বিৰোধী দলসমূহে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণৰ ৰাজনীতি ৷ ৰাষ্ট্ৰীয় লোক দলৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে দুখন ফটোপ শ্বেয়াৰ কৰি বিজেপিক তীব্ৰ কটাক্ষ কৰে ৷ প্ৰথমখন ফটো আছিল প্ৰধানমন্ত্ৰীৰ জনসভা বাতিল সন্দৰ্ভত প্ৰকাশিত বাতৰি ৷ য’ত কোৱা হৈছে যে বেয়া বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে সভা বাতিল কৰিছে ৷ দ্বিতীয়খন ফটো হ’ল গুগ’লৰ ৱেডাৰ আপডেটৰ ৷ যাৰ জড়িয়তে কোৱা হৈছে যে বিজনোৰৰ বতৰ আজি ফৰকাল ৷ এই ফটোদুখন শ্বেয়াৰ কৰি জয়ন্ত চৌধুৰীয়ে লিখিছে যে বিজনোৰত আজি ৰ’দ বিয়পি আছে কিন্তু বিজেপিৰ বতৰ বেয়া ৷ একেসময়তে সুহলদেৱ ভাৰতীয় সমাজ পাৰ্টীৰ মুখপাত্ৰ পীয়ূষ মিশ্ৰই কৈছে যে ৰাষ্ট্ৰীয় লো দলৰ প্ৰচণ্ড প্ৰভাৱ দেখি বিজেপিৰ বতৰ বেয়া হৈ পৰিল ৷ আনহাতে , সাংবাদিক সঞ্জয় শৰ্মাই টুইটাৰত উল্লেখ কৰে যে তেও দুদিন আগতে ভৱিষ্যতবাণী কৰিছিল যে মোদীয়ে উত্তৰ প্ৰদেশৰ ঐতিহাসিক পৰাজয়ৰ দায়িত্ব মূৰ পাতি ল’ব নিবিচাৰে ৷ আজি তেও বিজনোৰলৈ অহাৰ কথা আছিল , কিন্তু কালি যি ৰিপোৰ্ট আহিল , তাৰ পৰা স্পষ্ট হৈ পৰিল যে পশ্চিম উত্তৰ প্ৰদেশত হোৱাইট ৱাছ হ’বলৈ গৈ আছে ৷ যাৰ বাবে মোদী নাহিল ৷ ইয়াৰ বাহিৰেও টুইটাৰত অসংখ্য লোকে লিখিছে যে পৰাজয়ৰ শংকাৰ বাবেই মোদীয়ে উত্তৰ প্ৰদেশৰ জনসভা বাতিল কৰিলে ৷ সঁচাকৈয়ে পশ্চিম উত্তৰ প্ৰদেশত বিজেপি এইবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নে নাই , সেয়া ভোটগ্ৰহণৰ দিনটোতে স্পষ্ট হৈ পৰিব বুলি পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.