সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশলৈ জাহাজত কি আহিছে পাকিস্তানৰ পৰা?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া বৈদেশিক সম্পৰ্ক৷ বাংলাদেশত গ্ৰেপ্তাৰ হোৱা ইস্কনৰ সন্ত চিন্ময়কৃষ্ণ দাসে মঙলবাৰেও লাভ নকৰিলে জামিন৷ আনকি হিন্দু সন্যাসীগৰাকীৰ হৈ আদালতত কোনো এজন অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি নাহিল৷ ইয়াৰ পৰাই ওলাই পৰিছে কিদৰে কট্টৰ মৌলবাদীয়ে বাংলাদেশৰ প্ৰশাসন যন্ত্ৰক গ্ৰাস কৰি আনিছে৷ এগৰাকী স্থানীয় বি এন পি নেতাৰ অভিযোগৰ ভিত্তিত বিগত ২৫ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল সনাতনী জাগৰণ মঞ্চৰ নেতা চিন্ময়কৃষ্ণ দাস৷ বাংলাদেশৰ একাধিক ধৰ্মীয় সংখ্যালঘু সংগঠন মিলি গঠন কৰা হৈছিল এই মঞ্চ৷ কিন্তু বাংলাদেশৰ জাতীয় পতাকাৰ ওপৰত ধৰ্মীয় পতাকা উত্তোলনৰ অভিযোগত ৰাষ্ট্ৰদ্ৰোহী হিচাপে অভিহিত কৰি চিন্ময়কৃষ্ণ দাসক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়৷ তাৰ পাছৰে পৰাই বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ প্ৰতিবাদ৷ ভাৰতো বাংলাদেশৰ সংখ্যালঘুৰ নিৰাপত্তাক লৈ উদ্বিগ্ন৷ ভাৰতৰ বাবে শংকাৰ কাৰণ ইয়াতেই শেষ হোৱা নাই৷ বিগত ১৩ নৱেম্বৰত পাকিস্তানৰ এখন কাৰ্গো জাহাজ পোনপটীয়াকৈ চট্টগ্ৰাম (পূৰ্বৰ চিটাগং) বন্দৰত প্ৰৱেশ কৰিছে৷ বাংলাদেশ স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এইদৰে পাকিস্তানী জাহাজ পোনপটীয়াকৈ বাংলাদেশত প্ৰৱেশ কৰিছে৷ ইয়াৰ আগলৈকে পাকিস্তানৰ পৰা সামগ্ৰী পৰিবহণ কৰা কোনো জাহাজ বাংলাদেশলৈ পোনপটীয়াকৈ যোৱাৰ উদাহৰণ নাই৷ বাংলাদেশ–পাকিস্তানৰ মাজত ব্যৱসায় সম্পন্ন হৈছিল মালয়েছিয়া নাইবা শ্ৰীলংকাৰ মাধ্যমেৰে৷ ১৯৭১ৰ যুদ্ধৰ সময়ত পাকিস্তানে বাংলাদেশৰ ওপৰত যি বৰ্বৰ আচৰণ দেখুৱাইছিল, সেয়া বাংলাদেশে সুদীৰ্ঘ ৫ টা দশক পাহৰিব পৰা নাছিল৷ কিন্তু শ্বেখ হাছিনাৰ পলায়নৰ পাছত বাংলাদেশ- পাকিস্তান পোনপটীয়া ব্যৱসায়িক বন্ধু হৈ পৰিল৷ পাকিস্তানৰ মতে এয়া ‘দ্বিপাক্ষিক ব্যৱসায়ৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ৷’ কিন্তু ভাৰতৰ বাবে পাকিস্তান–বাংলাদেশৰ এই পোনপটীয়া ব্যৱসায় মুঠেও ভাল খবৰ নহয়৷ যি চিটাগং বন্দৰত পাকিস্তানী জাহাজ পোনপটীয়াকৈ প্ৰৱেশ কৰিছে, সেই চিটাগঙতেই ২০০৪ চনত উদ্ধাৰ হৈছিল এক বৃহৎ অস্ত্ৰ ভাণ্ডাৰ৷ যি অস্ত্ৰ প্ৰেৰণ কৰিবলৈ লোৱা হৈছিল উত্তৰ পূৱৰ সীমাৰে ভাৰতলৈ৷ দক্ষিণ পূৱ এছিয়াৰ চোৰাং অস্ত্ৰ ব্যৱসায়ৰ সৰ্ববৃহৎ ঘটনা আছিল সেয়া৷ অস্ত্ৰ সৰবৰাহত জৰিত আছিল আলফা৷ কোৱা হয়, আই এছ আইৰ সহযোগতে ভাৰতলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছিল ৪.৫ মিলিয়ন ডলাৰৰ পৰা ৭ মিলিয়ন ডলাৰৰ সেই অস্ত্ৰ ভাণ্ডাৰ৷ এই ঘটনাই ভাৰতক শংকিত কৰি তুলিছিল৷ কিন্তু তাৰ পাছৰ বছৰতেই বাংলাদেশৰ মংগলা বন্দৰ পৰিচালনাৰ দায়িত্ব ভাৰতে নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল৷ যিটো ভাৰতৰ বাবে আছিল এটা ডাঙৰ কূটনৈতিক সফলতা৷ কিন্তু চিটাগঙত পাকিস্তানী জাহাজৰ প্ৰৱেশ ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিফলতা৷ কাৰণ, এই বন্দৰ এই বন্দৰ ম্যানমাৰৰ নিচেই কাষতে অৱস্থিত৷ চিটাগঙৰ পৰা মিজোৰামৰ দূৰত্ব হ’ল মাত্ৰ ৭৫ কিলোমিটাৰ৷ আগৰতলাৰ পৰা ২২৫ কিলোমিটাৰ৷ চিটাগং বন্দৰ কেনেদৰে আলফা আৰু এন এছ চি এনে ব্যৱহাৰ কৰিছিল, সেয়া ২০০৪ চনতেই স্পষ্ট হৈ পৰিছিল৷ এইবাৰ আকৌ পাকিস্তানী জাহাজৰ চিটাগঙত নিৰ্বিবাদ প্ৰৱেশ ভাৰত, বিশেষকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে৷ বাংলাদেশত ইছলামিক মৌলবাদীৰ তৎপৰতা আৰু পাকিস্তানৰ গতিবিধি ভাৰতৰ বাবে চিন্তাৰ কাৰণেই নহয়, এক কূটনৈতিক বিফলতা হিচাপেও বিবেচিত হৈছে ৷এহাতে যদি অনুপ্ৰৱেশৰ আশংকা, আনহাতে অসমত বিদেশী শক্তিৰ তৎপৰতাৰো সম্ভাৱনা৷ ক’ব পাৰি আকৌ এবাৰ অসমলৈ এক অশান্ত সময়ৰ আগজাননী কঢ়িয়াই আনিছে বাংলাদেশৰ শেহতীয়া অস্থিৰ পৰিস্থিতিয়ে৷

Leave A Reply

Your email address will not be published.