ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অর্ণৱ গোস্বামীক এক মানহানি গোচৰত যোৱা মাহত মাৰাথান জেৰা চলাইছিল মুম্বাই আৰক্ষীয়ে৷ অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ৷ আজি এই কথা উচ্চতম ন্যায়ালয়ত জনাই সাংবাদিকগৰাকীৰ অধিবক্তা হৰিশ চালভেই৷
মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনত লকডাউনৰ সময়ত প্ৰবাসী শ্ৰমিকৰ ভিৰকলৈ সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ অভিযাগত সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা এক এজাহাৰ খাৰিজৰ আবেদনেৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অর্ণৱ গোস্বামী৷ আজি শুনানিত অধিবক্তা হৰিশ চালভেই অন্য প্ৰসংগৰ লগতে অর্ণৱ গোস্বামীক জেৰা কৰা বিষয়া দুজনৰ এজন ক’ভিড -১৯ পজিটিভ, এই বিষয়টোও উত্থাপন কৰে৷
অধিবক্তা হৰিশ চালভেই অর্ণৱ গোস্বামীৰ বিৰুদ্ধে চলাই থকা গোচৰটো চিবিআই লৈ হস্তান্তৰ কৰাৰ অবেদন জনায়৷ ন্যায়ালয়ে দুদিনৰ পাছত বিষয়টোৰ ওপৰত ৰায় প্ৰদান কৰিব৷
পালঘৰ ম’বলিন্সিঙৰ ঘটনাকলৈ ৰিপাব্লিক টিভিত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ প্ৰতি অশালীন ভাষা প্ৰয়োগ কৰাৰ অভিযোগত সাংবাদিকগৰাকীৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ৰুজু হৈছিল শতাধিক এজাহাৰ৷ এই সম্পর্কে অর্ণৱ গোস্বামীৰ অন্য এক আবেদনৰো আজি একেলগে শুনানি গ্ৰহন কৰে উচ্চতম ন্যায়ালয়ে৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.