সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লকডাউন : বঞ্চিত ৫০% শিশু

ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ সময়ত ভয়ানক চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে শিশু আৰু অভিভাৱকসকল৷ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫০ % শিশু টীকাকৰণৰ পৰা বঞ্চিত হ’ল৷ মাক -দেউতাকে শিশুসকলক টীকা প্ৰদানৰ বাবে সময়মতে স্বাস্থ্যকেন্দ্ৰলৈ নিব নোৱাৰিলে৷ বেচৰকাৰী সংস্থা Child Rights and You চমুকৈ ক্ৰায়ে চলোৱা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়ত এই সংস্থাটোৱে এক অনলাইন সমীক্ষা চলাইছিল৷ অনলাইন সমীক্ষাত ভাগ লোৱা ৫১ শতাংশ অভিভাৱকেহে তেওঁলোকৰ ৫ বছৰৰ তলৰ সন্তানক টীকা প্ৰদান সময়মতে কৰোৱা বুলি উল্লেখ কৰে৷ আনহাতে, দেশৰ উত্তৰ দিশৰ ৰাজ্যসমূহত ৬৩% লোকেই সন্তানক এই সময়ছোৱাত টীকা প্ৰদান কৰিব নোৱাৰিলে৷ ক্ৰায়ৰ সমীক্ষাত পোহৰলৈ অহা মতে ২৭ শতাংশ অভিভাৱকে লকডাউনৰ বাবে উপযুক্ত স্বাস্থ্য সুবিধা লাভ নকৰাৰ কথা অৱগত কৰে৷ ক্ৰায়ৰ কাৰ্যবাহী বিষয়া পূজা মাৰবাহে কয় যে ক’ৰোনা মহামাৰীৰ পৰা দেশৰ শিশুসকল কিছু পৰিমানে সুৰক্ষিত হৈ থাকিলেও অন্য শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হোৱা বিষয়টো সমীক্ষাত ওলাই পৰিছে৷ লকডাউনৰ বাবে দেশৰ টীকাকৰণ অভিযান ব্যাহত হৈ পৰাৰ তথ্যও প্ৰকাশ কৰিছে ক্ৰায়ৰ এই সমীক্ষাই৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.