সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰত আমি চৰকাৰক সমৰ্থনহে কৰিছো ৷ তাত আমি নীতি নিৰ্ধাৰক নহয় ৷ গতিকে মহাৰাষ্ট্ৰৰ বিষয়টো আমি পৃথকে ৰাখিবলৈ চেষ্টা কৰিছো ৷ চৰকাৰ চলোৱা আৰু সমৰ্থন কৰাৰ মাজত পাৰ্থক্য থাকে ৷ তেওঁ লগতে পঞ্জাৱ , ছট্টিছগড় , ৰাজস্থান আৰু পণ্ডিচেৰীত নিজৰ চৰকাৰ চলি থকা বুলিও উল্লেখ কৰে ৷ ৰাহুল গান্ধীৰ এই মন্তব্যই কংগ্ৰেছ আৰু এন চি পিৰ সমৰ্থনত চলি থকা শিৱসেনা চৰকাৰলৈ বিপদ সংকেট কঢ়িয়াই আনিছে ৷ তাৰ আগতে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও ৰাজ্যপালক সাক্ষাৎ কৰা ঘটনাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত চলি থকা শীতল উত্তেজনাক নতুন মাত্ৰা দিছিল ৷ খবৰ ওলাইছিল যে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰে সহযোগী দলসমূহক উচিত গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ বাবে আন দলৰ বিধায়কসকল অসন্তুষ্ট হৈ পৰিছে ৷ এনে পৰিস্থিতিৰ মাজতে কালি মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ লগত প্ৰায় এঘন্টা সময় ধৰি আলোচনাত মিলিত হয় ৷আজি তেওঁ সহযোগী দলসমূহৰে বৈঠকৰ আহ্বান জনাইছে ৷ইফালে, শাৰদ পাৱাৰে সংবাদমাধ্যমৰ আগত চৰকাৰ সুৰক্ষিত আছে বুলি মন্তব্য কৰি কয়,’ মহাৰাষ্ট্ৰ চৰকাৰৰ সন্মুখত কোনো বিপদ নাই ৷ সকলো বিধায়ক একত্ৰিত হৈ আছে ৷ কোনোবাই যদি চৰকাৰ ভাঙিবলৈ চেষ্টা কৰে তেনেহ’লে ঘাতক পৰিণাম ভোগ কৰিব লাগিব ৷’ ক’ভিড-১৯ৰ বিৰুদ্ধে যুজিবলৈ শাসকীয় তিনিওটা দলৰ ঐক্যবদ্ধ হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে ক’ৰোনাৰ সংক্ৰমনত মহাৰাষ্ট্ৰৰ পৰিস্থিতি আটাইতকৈ শোচনীয় হৈ পৰিছে ৷ তাৰ মাজত ৰাজ্যখনত আন এক ৰাজনৈতিক অস্থিৰতাইও বিৰাজ কৰিছে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.