সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতীয় ৰাজনীতিত ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ কিমান?

যদিহে সংসদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকল চৰিত্ৰৱান ,সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল হয় , তেন্তে এখন দুৰ্বল সংবিধান থাকিলেও সংসদে দেশসেৱাৰ প্ৰতি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিব।’’ –এই কথাষাৰ কৈছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে।ৰত্নাকৰ বাল্মিকী হ’ব পাৰে। হোৱাতো  সম্ভৱ। এই আপ্তবাক্যশাৰী নজহা – নপমা ৰূপত সংযোজিত হৈ আছে ভাৰতীয় ৰাজনীতিত।কিন্তু ভাৰতীয় ৰাজনীতিত আজিলৈকে কিমানজন ৰত্নাকৰ বাল্মীকি হৈছে?ৰত্নাকৰ বাল্মীকি হোৱাৰ বিপৰীতে ভাৰতীয় ৰাজনীতিত দিনে দিনে ৰত্নাকৰৰ সংখ্যাহে বৃদ্ধি পাই গৈছে নেকি?বিভিন্ন অভিযোগত অভিযুক্ত – হত্যা,বলৎকাৰ,অপহৰণকে আৰম্ভ কৰি বোমা বিষ্ফোৰণ তথা কুটাঘাতমূলক কাৰ্যত লিপ্ত,সন্ত্ৰাসবাদ,ৰাষ্ট্ৰদোহৰ দৰে অপৰাধত অভিযুক্ত একাংশৰ বাবে ৰাজনীতিয়েই হৈ পৰিছে নেকি সোণৰ কণী পৰা হাঁহৰ বিচৰণ থলী ?
ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ পৱিত্ৰ সংসদৰ সদস্য হ’বলৈ যেন এতিয়া উচ্চ শিক্ষা,সংস্কৃতিবান গুণী-জ্ঞানী ব্যক্তিৰ প্ৰয়োজনীয়তাতকৈ ধনবল,বাহুবলেৰে ঐশ্চৰ্যশালী,গুৰুতৰ অপৰাধত অপৰাধী বা ভ্ৰষ্টাচাৰী  যোগ্যতাৰ মাপকাঠী।১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন।কিন্তু এই নিৰ্বাচনত স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে কবৰ দৰে কিমানজন চৰিত্ৰৱান,সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল লোকে জনতাৰ সেৱা কৰিবলৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে?আচৰিত হব লগীয়া কথা যে উত্তৰাখণ্ডত অহা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া ৭০ টা সমষ্টিৰ এটা পৰ্যায়ৰ ভোটগ্ৰহণত অৱতীৰ্ণ হোৱা ৬৩২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬২৬ গৰাকী প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰি দেখা পোৱা গৈছে যে ইয়াৰে ১৭ শতাংশৰ বিৰুদ্ধে আছে বিভিন্ন ফৌজদাৰী গোচৰ।২০১৭ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত ৬৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৪ শতাংশৰ বিৰুদ্ধে চলি আছিল বিভিন্ন অপৰাধমূলক গোচৰ।এইবাৰ ৬২৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬১ জনৰ বিৰুদ্ধে আছে গুৰুতৰ ফৌজদাৰী গোচৰ।২০১৭ চনত এই সংখ্যা আছিল ৮ শতাংশ।এইবাৰৰ নিৰ্বাচনত বিজেপিৰ তুলনাত কংগ্ৰেছৰ সৰ্বাধিক সংখ্যক প্ৰাৰ্থীৰ বিৰুদ্ধে চলি আছে বিভিন্ন ফৌজদাৰী গোচৰ।কংগ্ৰেছৰ ৭০ প্ৰাৰ্থীৰ ভিতৰত ৩৩ শতাংশ আৰু বিজেপিৰ ১৯ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে চলি আছে নানানটা অপৰাধমূলক গোচৰ।
ইফালে পঞ্জাৱৰ ১৭৩ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।অহা ২০ ফেব্ৰুৱাৰীত পঞ্জাৱত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ৪৬৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৭৩ গৰাকীয়েই অপৰাধী।তথ্য অনুসৰি ৪ টা আগশাৰীৰ ৰাজনৈতিক দলৰ প্ৰতি ৩ জন প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।তেওঁলোকৰ বিৰুদ্ধে বলাত্কাৰ,হত্যা,হত্যাৰ প্ৰচেষ্টা,বুথ দখল আৰু অবৈধ বালি খননৰ গোচৰ ৰুজু হৈ আছে।
ইফালে উত্তৰ প্ৰদেশত ১৪ ফেব্ৰুৱাৰীত ৯ খন জিলাৰ ৫৫ টা সমষ্টিত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।এই ভোটগ্ৰহনত অৱতীৰ্ণ কমেও ২৫ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে বিভিন্ন ধৰণৰ ফৌজদাৰী গোচৰ। এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফৰ্মৰ্ছ নামৰ সংস্থাটোৱে দাখিল কৰা প্ৰতিবেদন অনুসৰি নিৰ্বাচনত অৱতীৰ্ণ ১৪৭ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ৷ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৫৮৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫৮৪ গৰাকী প্ৰাৰ্থীৰ শপতনামা পৰীক্ষা কৰোতে এই তথ্য পোহৰলৈ আহিছে। দ্বিতীয় পর্যায়ৰ নির্বাচনত সমাজবাদী পাৰ্টিৰ ৫২ৰ ভিতৰত ৩৫ গৰাকী প্রার্থী, কংগ্ৰেছৰ ৫৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৩ গৰাকী,বি এছ পিৰ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২০ গৰাকী, বিজেপিৰ ৫৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৮ গৰাকী,আৰ এল ডিৰ ৩ প্ৰাৰ্থীৰ ভিতৰত ১ গৰাকী আৰু আপৰ ৪৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ফৌজদাৰী গোচৰ চলি আছে। ইয়াৰে ভিতৰত সৰ্বাধিক ফৌফদাৰী গোচৰ চলি আছে সমাজবাদী পার্টিৰ ২৫, কংগ্রেছৰ ১৬, বি এছ পিৰ ১৫, বিজেপিৰ ১১, আৰ এল ডিৰ ১ জন আৰু আপৰ ৬ জনৰ বিৰুদ্ধে। ইয়াৰে আকৌ ৬ জনৰ মহিলাৰ বিৰুদ্ধে গোচৰ চলি থকা বুলি উল্লেখ কৰিছে।এজনৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ।এতিয়া প্ৰশ্ন হয় যে অভিযুক্তক জনপ্ৰতিনিধিৰ ৰূপত নিৰ্বাচিত কৰাত আগভাগ লোৱা কাৰ্য গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি নহয় নে?প্ৰশ্ন হয় জনপ্ৰতিনিধি হ’বলৈ যোৱা মানুহেই যদি এনে দাগী অপৰাধী হয় তেন্তে তেওঁলোকৰ পৰা দেশ সেৱা কেনেকৈ আশা কৰিব পাৰি?

- Donation -

Leave A Reply

Your email address will not be published.