সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷
• যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী লোকৰ ৷ ভাৰতত ক’ৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে ২,৮৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷
• ভাৰতত সুস্থ হৈ উঠিছে ৩৪,১০৮ গৰাকী লোক৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ৫৩,৯৪৬ গৰাকী৷
• মুম্বাই ,দিল্লী, আহমেদাবাদ,চেন্নাই,পুনে আদি ডাঙৰ চহৰৰ অৱস্থা অতি শোচনীয়৷
• মহাৰাষ্ট্ৰত ৩০,৭০৬ গৰাকী ক’ৰনাত আক্ৰান্ত হোৱাৰ বিপৰীতে গুজৰাটত ১০,৯৮৮ গৰাকী ,তামিনাডুত ১০,৫৮৫ গৰাকী ,দিল্লীত ৯,৩৩৩ গৰাকী ,ৰাজস্থানত ৪,৯৬০ গৰাকী আৰু মধ্যপ্ৰদেশত ৪,৭৮৯ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷অসমতো কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পালে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.