সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাজেট অধিৱেশনত চৰকাৰে বাজেট দাখিল কৰিব নে ‘পেগাছাছ’ কাণ্ডৰ পৰা নিজকে বচাব

অবৈধ বেদখলকাৰীবোৰ ক’ৰ পৰা আহে?চৰকাৰী ভূমি বেদখলকাৰী কৰিবলৈ মানুহবোৰ ক’ৰ পৰা আহে?বহুতৰ মতে তেওলোক লুঙী টুপী পৰিহিত বাংলাদেশী,তেওলোক বাংলাদেশৰ পৰা আহে৷কিন্তু আজি আমি আলোচনা কৰিম,সচাকৈ চৰকাৰী ভূমি দখল কৰিবলৈ ক’ৰ পৰা আহে বেদখলকাৰী৷ অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰতেই কেৱল পার্গত নহয় অসমৰ প্ৰশাসন ব্যবস্থা৷সমান্তৰালভাবে পার্গত বেদখলকাৰীক উচ্চেদত৷তাৰেই উদাহৰণ কাজিৰঙাৰ,আমচাংৰ পৰা আৰম্ভ কৰি গৰুখুটিৰ উচ্চেদলৈ৷আজি প্ৰশাসনৰ উচ্চেদ অভিযান চলিল কার্বি আংলংত৷প্ৰায় ১৩৪ টা পৰিল ঘৰ উচ্চেদ কৰিবলৈ যাওতে ৰাইজৰে সৈতে সংঘাতৰ সৃষ্টি হয় প্ৰশাসনৰ৷আৰক্ষীলৈ ৰাইজৰ শিলাবর্ষণৰ বিপৰীতে আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়৷অসমৰ উচ্চেদৰ অভিযানৰ ইতিহাসত ই এটা সৰু উদাহৰণহে৷কিন্তু প্ৰশ্ন উত্থাপন হব,বাৰে বাৰে যে প্ৰশাসনে উচ্চেদ অভিযান চলাবলগীয়া হয়,তাৰবাবে ক’ৰ পৰা আহে এই অবৈধ বেদখলকাৰীসকল৷২০১৬ চনত কাজিৰঙাত অবৈধ বেদখলকাৰী বুলি অমানবীয় ভাবে উচ্চেদ কৰা হৈছিল তিনিশৰো অধিক পৰিয়ালক৷এচামে মতে,তেওলোক আছিল বেদখলকাৰী,তেওলোক আছিল বাংলাদেশী৷কিন্তু বিধানসভাত পৰবর্তী সময়ত চৰকাৰে ডাঙি ধৰা তথ্য অনুসৰি,অসম চৰকাৰেই তেওলোকৰ সংস্থাপনৰ বাবে আবন্টন কৰিছিল ২২ কোটি টকা৷অর্থাৎ তেওলোক কোনো কাৰণতে বাংলাদেশী অথবা বিদেশী নাছিল৷তেওলোক আছিল ভাৰতীয়৷
২০২০ চনত হিমন্ত বিশ্ব শর্মাই প্ৰদান কৰা এক বক্তব্য অনুসৰি বিজেপি চৰকাৰৰ দিনত অসমৰ ১৩ হাজাৰ বিঘা ভূমিৰ পৰা উচ্চেদ কৰা হল বাংলাদেশীক৷শুনি লওক কি কৈছিল হিমন্ত বিশ্ব শর্মাই?
হয়,বিজেপি চৰকাৰৰ দিনত অসমৰ ১৩ হাজাৰ বিঘা ভূমিৰ পৰা উচ্চেদ কৰা হল বাংলাদেশীক৷কিন্ত কিমান বাংলাদেশীয়ে বেদখল কৰি আছিল ১৩ হাজাৰ বিঘা ভূমি?এজন অবৈধ বাংলাদেশীয়ে যদি এবিঘাকৈ হলেও ভূমি বেদখল কৰি আছিল,তেন্তে ১৩ হাজাৰ বিঘা ভূমি বেদখল কৰি আছিল প্ৰায় ১৩ হাজাৰ বাংলাদেশীয়ে৷এইয়া আমি মাত্ৰ এটা ধৰি লোৱা হিচাপ৷কিন্তু কলৈ গল এই তেৰ হাজাৰ বাংলাদেশী?বাংলাদেশলৈ বিতাড়ন কৰা হলনে এই ১৩ হাজাৰ বাংলাদেশীক?
২০২০ চনত অসম চৰকাৰে বিধান সভাত ডাঙি ধৰা তথ্য অনুসৰি সাত বছৰত অসমৰ পৰা বিতাৰন কৰা হল মাত্ৰ ২২৭ গৰাকী বিদেশী৷তেতিয়াৰ বিৰোধী বিধায়ক ৰুপজ্যোতি কুর্মীয়ে উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত,মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ডাঙি ধৰা তথ্য অনুসৰি, ২০১৩ চনৰ পৰা ২০২০ চনলৈ অসমৰ পৰা বহিস্কাৰ কৰা হৈছে মাত্ৰ ২২৭ গৰাকী বাংলাদেশী৷হিমন্ত বিশ্ব শর্মাৰ বক্তব্য অনুসৰি,২০১৬ চনৰ পৰা ২০২০ চনলৈ অসমত ১৩ হাজাৰ বিঘা ভূমি বাংলাদেশীৰ পৰা দখলমুক্ত কৰা হৈছিল৷কিন্তু ২০১৩ চনৰ পৰা ২০২০ চনলৈ অসমৰ পৰা বিতাৰণ কৰা হৈছিল মাত্ৰ ২২৭ গৰাকী বিদেশী৷হিমন্ত বিশ্ব শর্মাই কোৱা সেই ১৩ হাজাৰ বিঘা ভূমি কেৱল ২২৭ গৰাকী বিদেশীয়েহে বেদখল কৰি ৰাখিছিল নেকি?এই কথাৰ পৰাই ষ্পষ্ট হয়,যে চৰকাৰী মাটি বেদখল কৰা সকলো লোকেই বাংলাদেশী নহয়,বিদেশী নহয়৷তেওলোক হয়তু এই দেশৰেই নাগৰিক,তেওলোক এই ৰাজ্যৰে খিলঞ্জীয়া৷কাৰোবাৰ ভূমি হয়তু খহনীয়াত জাহ গ’ল,কোনোবাই বানত বিধস্ত হৈ চৰকাৰী ভূমিত আশ্ৰয় ললে৷তেন্তে তেওলোকৰ বিৰুদ্ধে এই অমানবীয় উচ্ছেদ কিয় চলে?

- Donation -

Leave A Reply

Your email address will not be published.