সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুলৱামাত কিদৰে ব্যৰ্থ হ’ল হিজবুলৰ ষড়যন্ত্ৰ?

জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ এক বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ আজি নিৰাপত্তাবাহিনীৰ এক অভিযানত এখন গাড়ীত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ আই ই ডি৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ,ভুৱা পঞ্জীয়ন নম্বৰৰ এখন গাড়ীত বিস্ফোৰক সামগ্ৰী পৰিবহন কৰাৰ কথা জানিব পাৰি তালাচী কটকটীয়া কৰি তোলা হৈছিল ৷ কিন্তু পুৱা চেকপোষ্ট ওফৰাই তীব্ৰ গতিত গাড়ীখন পলাই যায় ৷ তাৰ পাছত পুলৱামাৰ ৰাজপোৰাত সেনা ,চি আৰ পি এফ আৰু জন্মু -কাশ্মীৰ আৰক্ষীয়ে পথৰ দাতিত পৰিত্যক্ত অৱস্থাত চেন্ট্ৰো গাড়ীখন উদ্ধাৰ কৰে ৷ গাড়ীখনত থকা ২০ কেজি আ ই ডি নষ্ট কৰি পেলোৱাত এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে পুলৱামা ৷ বিস্ফোৰক সামগ্ৰীখিনি হিজবুল মুজাহিদীন নামৰ সংগঠনটোৱে কঢ়িয়াই অনা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.