সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিৰ্বাচন ২০২১ : প্ৰফুল্ল মহন্তক বঢ়মপুৰতে ঘেৰিছে বিজেপিয়ে

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে এইবাৰ ৰণচালি সাজিছে মিত্ৰদল বিজেপিয়ে ৷ ৰাজ্যত এতিয়া অগপ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ চলি থাকিলেও প্ৰফুল্ল কুমাৰ মহন্ত নিজ দলতে একাষৰীয়া হৈ পৰিছে ৷ সততে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷ ইয়াৰ বাবে অগপ সভাপতি অতুল বৰাৰ সকীয়ণিৰো সন্মুখীন হৈছে ৷ তাৰ পাছতো প্ৰফুল্ল কুমাৰ মহন্তই বাৰাম্বাৰ চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ যাৰ বাবে অগপ -বিজেপি নেতৃত্ব অস্বস্তিত পৰিবলগীয়া হয় ৷ এনে পৰিস্থিতিত প্ৰফুল্ল কুমাৰ মহন্তক নিজ ঘৰতে ঘেৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে ৷ য’ত বৰ্তমানৰ অগপ নেতৃত্বইও হাত উজান দিয়াৰ খবৰ ওলাইছে ৷ ইয়াৰ অংশ হিচাপে মহন্তৰ গৃহ সমষ্টি বঢ়মপুৰত ইতিমধ্যে বিজেপি দলে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ বহু আগৰে পৰা বঢ়মপুৰত বিজেপিৰ ধনাঢ্য প্ৰাৰ্থী জিতু গোস্বামীক প্ৰক্ষেপ কৰা হৈছে ৷ সেইমতেই সমষ্টিটোত সক্ৰিয় হৈ আছে জিতু গোস্বামী ৷

জিতু গোস্বামী

একে সময়তে বাৰম্বাৰ এটা খবৰ উলিয়াই দিয়া হৈছে যে ২০২১ চনৰ নিৰ্বাচনত সমষ্টিৰ ভাগ বতোৱাৰাৰ ক্ষেত্ৰত কিছু সালসলনি হ’ব আৰু বঢ়মপুৰ অগপৰ হাতত নাথাকিবও পাৰে ৷ একোটা সময়ত এনে এটা ধাৰণাৰ সৃষ্টি কৰা হয় যে অগপই আচলতে এইবাৰ বঢ়মপুৰ বিচৰাই নাই ৷ সমষ্টিতো বিজেপিক এৰি দিবলৈ ৰাজি হৈছে ৷এই খবৰ সন্দৰ্ভত অগপ নেতৃত্বইও ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে ৷ ইয়াৰ ফলত অগপৰ পুৰণি ভোটবেংক লাহে লাহে বিজেপি অভিমুখে ধাৱমান হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ ইপিনে যোৱাবাৰ অগপ – বিজেপিৰ মিত্ৰতা থকা সত্বেও বঢ়মপুৰত কোনোমতেহে জিকি আহিবলৈ সক্ষম হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত ৷ ২০১৬ চনৰ নিৰ্বাচনত ৰাজ্যজুৰি অগপ- বিজেপি মিত্ৰজোঁটৰ পক্ষত একপক্ষীয় বতাহ বলাৰ পাছতো বঢ়মপুৰত প্ৰফুল্ল কুমাৰ মহন্তই জয়লাভ কৰিছিল মাত্ৰ ৫,১৬৯ টা ভোটৰ ব্যৱধানত ৷ বিগত নিৰ্বাচনত মহন্তই ৬৫,৭৬৮ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ সুৰেশ বৰাই লাভ কৰিছিল ৬০,৫৯৯ টা ভোট ৷ এয়া আছিল ২০১৬ চনৰ নিৰ্বাচনী ফলাফল ৷ইয়াৰ পূৰ্বে ২০১১ চনত কংগ্ৰেছে সমগ্ৰ ৰাজ্যত ক্লীন ছুইপ কৰাৰ সময়তো প্ৰফুল্ল কুমাৰ মহন্তই ১৫,৯৫৬ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ৷ অৰ্থাৎ মিত্ৰজোঁটৰ সপক্ষে ঢৌ থকাৰ পাছতো বঢ়মপুৰত মহন্তৰ বিজয়ৰ ব্যৱধান প্ৰায় ১০ হাজাৰ হ্ৰাস পালে ৷ নিৰ্বাচনৰ পাছত প্ৰফুল্ল মহন্তই অভিযোগ উত্থাপন কৰে যে যোৱা নিৰ্বাচনত বিজেপিয়ে তেওঁক হৰুৱাবহে বিচাৰিছিল ৷ এই অভিযোগ নিৰ্বাচনী ফলাফলে সঁচা বুলিয়ে প্ৰতিপন্ন কৰে ৷ সেয়া আছিল এখন ছায়াযুঁজ ৷ এইবাৰ মহন্তৰ বিৰুদ্ধে প্ৰত্যক্ষ ৰণত নামিছে বিজেপি ৷ মহন্তক বঢ়মপুৰতে ঘেৰাৰ পৰিকল্পনা লৈ অহৰ্নিশে তৎপৰ হৈ আছে জিতু গোস্বামী সহ বহু কেইগৰাকী বিজেপি নেতা ৷ যদি মিত্ৰতাৰ জৰিয়তে আকৌ এবাৰ অগপ দলকে বঢ়মপুৰ এৰিও দিয়া হয় , তেন্তে মহন্তৰ ভোটবেংকত খহনীয়া আনি তেওঁক পৰাজয়ৰ মুখলৈ ঠেলি দিবলৈ এতিয়াৰ পৰাই সাজু বিজেপি ৷ বিজেপিৰ এই কৌশলক আঁৰৰ পৰাই সমৰ্থন জনাব বৰ্তমানৰ অগপ নেতৃত্বই ৷ সেইবাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক কেৰিয়াৰৰ এক অগ্নিপৰীক্ষা ৷

Leave A Reply

Your email address will not be published.