সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোৱাৰেন্টাইন হ’ব নেকি প্ৰধানমন্ত্ৰী মোদী ?

বিগত কেবামাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱন বা কাৰ্যালয়ত ক’ৰোনাকেন্দ্ৰিক সতৰ্কতাৰ কোনো সুৰুঙা নাছিল ৷ শৰীৰ তাপমাত্ৰা পৰীক্ষা নকৰাকৈ কোনো মন্ত্ৰী – আমোলাক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল ৷ কিন্তু কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো আৰম্ভ হৈছে দু:শ্চিন্তা ৷ কিয়নো যোৱা বুধবাৰে নতুন দিল্লীৰ লোক কল্যান মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত আন আন মন্ত্ৰীসকলৰ লগতে উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শ্বাহো ৷

কালি অমিত শ্বাহ ক’ৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত আন আন মন্ত্ৰী- আমোলাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ো চিন্তিত হৈ পৰিছে ৷ প্ৰশ্ন হৈছে – প্ৰধানমন্ত্ৰী মোদীয়ো কোৱাৰেন্টাইনলৈ যাবলগীয়া হ’ব নেকি ? অৱশ্যে বিষয়টো লৈ এতিয়াও কোনো মন্তব্য কৰা নাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ সততে টুইটাৰত সক্ৰিয় প্ৰধানমন্ত্ৰী মোদীয়ে এই পৰ্যন্ত অমিত শ্বাহৰ আৰোগ্য কামনা কৰি টুইট কৰাও পৰিলক্ষিত হোৱা নাই ৷দেওবাৰে টুইটাৰত তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ লগত বন্ধুত্ব দিৱসৰ শুভেচ্ছা বিনিময় কৰাৰ উপৰিও উত্তৰপ্ৰদেশৰ মন্ত্ৰী কমলাৰাণী বৰুণৰ মৃত্যুতো শোকবাৰ্তা প্ৰেৰণ কৰিছে ৷ কিন্তু অমিত শ্বাহৰ অসুস্থতাক লৈ এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ সেইবাবেই প্ৰধানমন্ত্ৰীগৰাকীৰ কোৱেৰেন্টাইনক লৈ ব্যাপক চৰ্চা চলিছে ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিয়মীয়াকৈ অমিত শ্বাহৰ স্বাস্থ্যৰ বুজ লৈ আছে বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে ৷

Leave A Reply

Your email address will not be published.