সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নি:সংগ আজমল , চিন্তাত বিজেপি

ৰাহুল গান্ধীৰ এটা মাত্ৰ বাক্যই এতিয়া আউল লগাইছে বিজেপি – এ আই ইউ ডি এফৰ ৰাজনীতিত ।প্ৰতিদিন টাইমৰ দ্য কনক্লেভত অংশগ্ৰহণ কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিলে যে এ আই ইু ডি এফৰ লগত কোনো সম্পৰ্কই নাই কংগ্ৰেছৰ । এক কথাত বদৰুদ্দিন আজমলৰ দলৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নাকচ কৰি দিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই । ইয়াৰ পাছত কংগ্ৰেছ শিবিৰত নহয় , হাহাকাৰ লাগিছে বিজেপি মন্ত্ৰীৰ মাজত।বিজেপি চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই যেন এতিয়াও মানি ল’ব পৰা নাই বিৰোধী শিবিৰে এ আই ইউ ডি এফক বয়কট কৰাৰ বাতৰি । যেন নিজ কানেৰে বিশ্বাসেই কৰিব পৰা নাই ৰাহুল গান্ধীৰ স্পষ্ট ঘোষণা । সেইবাবেই এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা হ’ব বুলি এতিয়াও আশাবাদী হৈ আছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা ।২০১৪ চনৰ পৰাই বদৰুদ্দিন আজমল আছিল বিজেপিৰ ৰাজনীতিৰ মূল উপাদন । কেতিয়াবা আজমল উপ মুখ্যমন্ত্ৰী হ’ব বুলি কৈ , আন কেতিয়াবা দাঢ়ি – টুপীৰ চৰকাৰ হ’ব বলি কৈ অসমীয়া হিন্দু ভোটাৰক আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল বিজেপি দলে। কিন্তু ২০২১ ৰ নিৰ্বাচনৰ পাছৰে পৰাই অসমৰ বিৰোধীয়ে সন্মিলিতভাৱে বয়কট কৰিলে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক।কিন্তু তাৰ পাছতো বিজেপি আৰু এ আই ইউ ডি এফৰ পক্ষৰ এনে এটা ধাৰণা সৃষ্টি কৰা হৈছিল যে নিৰ্বাচনৰ সময়ত আকৌ মিত্ৰতা হ’ব এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ ।আনকি ইন্ডিয়া মিত্ৰজোটত চামিল হ’বলৈ বিহাৰ , মহাৰাষ্ট্ৰলৈও তাতবাতি কাঢ়িছিল বদৰুদ্দিন আজমলে। কিন্তু শেষ পৰ্যন্ত ইণ্ডিয়াৰ সভালৈ নিমন্ত্ৰণ নাপালে এ আই ইউ ডি এফে।তাৰ পাছতো তেওলোকে অসমৰ ৰাইজক মিত্ৰতা হ’বই বুলি ধাৰণা এটা দিবলৈ চেষ্টা চলাই আহিছিল ।ইয়াৰ আধাৰতেই বিজেপিয়েও ৰাজনৈতিক টিপ্পনী কৰি আহিছিল। কিন্তু ৰাহুল গান্ধীৰ এতা মাত্ৰ ঘোষণাই সকলো জল্পনা – কল্পনাৰ যৱনিকা পেলালে। আজমল এইদৰে বয়কত হোৱাৰ পাছতেই চিন্তা আৰম্ভ হৈছে এ আই ইউ ডি এফৰ লগতে বিজেপিৰো। কিয়নো অসমত বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ এপাত শক্তিশালী অস্ত্ৰ বুমেৰাঙ কৰি পেলালে ৰাহুল গান্ধীৰ এটা মাত্ৰ ঘোষণাই ।যাৰ বাবে দুয়োটা শিবিৰতেই আৰম্ভ হৈছে দু:শ্চিন্তা ।আন নালাগে খোদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই যেন এতিয়াও মানি ল’ব পৰা নাই ৰাহুল গান্ধীৰ এই ঘোষণা ।অন্তত: তেওলোকৰ ভাষ্যৰ পৰা এয়াই স্পষ্ট হৈ পৰে।

Leave A Reply

Your email address will not be published.