প্ৰধানমন্ত্ৰীৰ ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছক আক্ৰমণ

Share This Article

সলনি হৈছে দেশৰ ৰাজনৈতিক পৰিভাষা । এফালে সনাতন বনাম জাতিগত জনগণনা । আনফালে বিশ্বকৰ্মা যোজনা বনাম গৌতম আদানি । বিৰোধীয়ে সৃষ্টি কৰা নতুন ৰাজনৈতিক পৰিভাষাই এতিয়া বাৰুকৈয়ে বিব্ৰত কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ পৰা উত্থাপণ কৰিলে সনাতন ধৰ্মৰ প্ৰসংগ। বিৰোধীৰ বিৰুদ্ধে আনিলে সনাতন ধৰ্ম ধ্বংস কৰাৰ অভিযোগ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ধৰ্মীয় অভিযোগৰ বিপৰীতে ছট্টিছগড়ত ৰাহুল গান্ধীৰ প্ৰত্যাহ্বান – প্ৰধানমন্ত্ৰীয়ে মুকলি কৰক জাতিগত জনগণনাৰ তথ্য । জাতিগত জনগণনাৰ তথ্য ৰাজহুৱা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ ভয় কিয় ? এইদৰে প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ বিপৰীত মেৰুত বিৰোধীয়ে গঢ়িছে নিজৰ সুকীয়া ৰাজনৈতিক পৰিভাষা ।প্ৰধানমন্ত্ৰীয়ে যিমানেই হিন্দুত্বৰ পিটছত খেলিবলৈ বিৰোধীক প্ৰৰোচিত কৰিছে সিমানেই বিৰোধীয়ে সামাজিক ন্যায়ৰ প্ৰসংগ সজোৰে উত্থাপণ কৰিছে । বিৰোধীক প্ৰত্যুত্তৰ দিবলৈকে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশ্বকৰ্মা আচনি ।যাৰ লক্ষ্য সমাজৰ পাছপৰা শ্ৰেনীৰ বিভিন্ন বৃত্তিধাৰী লোকসকল । কিন্তু তাক বাজিমাত কৰিবলৈ বিৰোধীয়ে জনতাৰ সন্মুখত ৰাখিছে আদানিৰ প্ৰসংগ ।চট্টিছগড়ত ৰাহুল গান্ধীৰ মুখত আকৌ ওলাল প্ৰধানমন্ত্ৰীৰ বন্ধু গৌতম আদানিৰ নাম ।ৰাহুল গান্ধীয়ে ক’লে কংগ্ৰেছে চৰকাৰ চলায় দুখীয়া , দলিত , আদিবাসীৰ বাবে। বিজেপিয়ে চৰকাৰ চলায় গৌতম আদানিৰ লাভৰ বাবে ।প্ৰধানমন্ত্ৰীৰ হিন্দুত্বৰ ৰাজনীতিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে এইদৰেই মোদী চৰকাৰ যে পুঁজিপতিৰ চৰকাৰ সেয়া প্ৰতিষ্ঠা কৰিব বিচাৰিছে ।যাৰ বাবে বাৰকৈয়ে বিব্ৰত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সেইবাবেই মধ্যপ্ৰদেশৰ সভাত ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছৰ নাম লৈ আক্ৰমণ কৰিলে ।অথচ মধ্যপ্ৰদেশত ১৯ বছৰ ধৰি চলি আছে বিজেপি চৰকাৰ ।আকৌ কংগ্ৰেছ নেতৃত্বই আকৌ সামাজিক ন্যায়ৰ প্ৰসংগ টানি আনি ক’লে নতুন সংসদ ভৱনলৈ চিনেমা অভিনেত্ৰীক নিমন্ত্ৰণ জনোৱা হয় কিন্তু নিমন্ত্ৰণ জনোৱা নহয় ৰাষ্ট্ৰপতিক ।তীক্ষ্ন আক্ৰমণ কৰি কংগ্ৰেছৰ প্ৰশ্ন – ৰাষ্ট্ৰপতিগৰাকী আদিবাসী হোৱা বাবেই সংসদ ভৱনলৈ নিমন্ত্ৰণ জনোৱা নহ’ল নেকি ?এইদৰেই বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিৰ বিপৰীতে বিৰোধীয়ে গঢ়িছে নিজৰ সুকীয়া ৰাজনৈতিক নেৰেটিভ , যাৰ সন্মুখত বাৰুকৈয়ে বিব্ৰত হৈ পৰা দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.