সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নগাঁৱত বেডমিণ্টন টুৰ্নামেণ্ট

নগাঁও চহৰৰ ইছলামপট্টিত আৰম্ভ হৈছে দুদিনীয়া বেডমিন্টন টুৰ্ণামেণ্ট । অন্যতম সামাজিক অনুষ্ঠান পায়’নিয়াৰ গ্ৰুপৰ উদ্যোগত ৰাজপত্ৰিত বিষয়া তথা সুদক্ষ শ্বাটলাৰ প্ৰয়াত হিমাংশু জ্যোতি নাথৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখনত ৩২ টাকৈ দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । নৈশালোকত অনুষ্ঠিত হোৱা ১৮ বছৰৰ উৰ্দ্ধৰ এই প্ৰাইজমাণি টুৰ্ণামেণ্টখনৰ বিজয়ী দলক ১০,০০১ টকা আৰু বিজিত দলক ৫,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব । এই টুৰ্ণামেণ্টখনৰ মঙলবাৰৰ নিশাৰ উদ্ধোধনী অনুষ্ঠানত অন্যান্য সকলৰ লগতে পায়’নিৰ গ্ৰুপৰ সভাপতি হাদিউল আলম আৰু সম্পাদক শ্বৰফৰাজ হুছেইনো উপস্থিত থাকে । বিদূষী মহিলা ধণ্টিপ্ৰভা দেৱীয়ে উদ্ধোধন কৰা টুৰ্ণামেণ্টখনৰ প্ৰথমটো নিশাৰ খেল পৰিচালনা কৰে জয়ন্ত দাস আৰু শ্বৰফৰাজ হুছেইনে।

Leave A Reply

Your email address will not be published.