Investigative reporting with dedication.

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।ফাঁচী বজাৰৰ ৰাজ হংস হোটেলৰ কোঠাত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ।স্বামীয়ে নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ পত্নী তাজলিমা খাতুনক।তৃতীয় মহলাৰ ২০৬নং বন্ধ কোঠাত উদ্ধাৰ হৈছে মৃতদেহটো।ৰক্তাক্ত মৃতদেহৰ অৱস্থিতি চাই আৰক্ষীৰ সন্দেহ এয়া পৰিকল্পিত হত্যাকাণ্ড।১৪ জানুৱাৰীৰ পৰা হোটেলৰ কোঠা ভাড়া লৈ লৈছিল স্বামী ফাইজুদ্দিনে।অভিযুক্ত স্বামী ফাইজুদ্দিন পেছাত PWD বিভাগৰ মহৰী।পত্নীক হত্যা কৰি তলা বন্ধ কৰি পলায়ন স্বামী ফাইজুদ্দিনৰ।গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আছিল পৰিয়ালটো।পূৰ্বেও গুৱাহাটীৰ এইখন হোটেলতে ভাড়া লৈছিল হোটেলৰ কোঠা।ঘটনাস্থলীত উপস্থিত আৰক্ষী, চিআইডি, ফৰেনচিকৰ দল।উল্লেখযোগ্য যে, হোটেলৰ কোঠা বুক কৰি পৰিয়ালটোৱে জমা দিয়া নাছিল কোনো নথি।




