সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব,হতাশ বিজেপি !

ৰাজস্থানত বিজেপিৰ হৈছে নগুৰনাগতি  । বিজেপিক কেৱল লাগে উপযুক্ত প্ৰাৰ্থী । তেওঁলোকে বিচাৰিছে কেৱল জয়ী হ’বলগীয়া প্ৰাৰ্থী । ৰাজস্থানত বিজেপিয়ে নিৰ্দিষ্ট কৰি দিছে কেইটামান চৰ্ত । প্ৰাৰ্থিত্ব দিয়াত আপত্তি নাই কিন্তু জয়ী হ’ব লাগিব প্ৰাৰ্থী গৰাকী । অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী,আন দলৰ পৰা অহা নেতাকো প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সাজু বিজেপি । কিন্তু বিজেপিৰ চৰ্ত মাথোন এটাই । প্ৰাৰ্থিত্বৰ বিপৰীতে দিব লাগিব ৰাজস্থান বিধানসভাৰ এখন আসন ।ইফালে ৰাজস্থান বিজেপিৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । ধনৰ বিনিময়তহে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে । ফতেহপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচৰা আনন্দ কুন্দাই কয় যে তেওঁক ৰাজস্থানৰ প্ৰভাৰী চন্দ্ৰশেখৰ আৰু সোমকান্তৰ নামত ধন বিচাৰিছে । ইতিমধ্যে তেওঁ ১৫ লাখ টকা দিছে ।আনহাতে,প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কিষানগঞ্জৰ বিকাশ চৌধুৰীয়েও তেওঁ প্ৰাৰ্থিত্ব লাভ নকৰা সম্পৰ্কত কয় যে তেওঁ দলটোৰ বাবে যথেষ্ট কষ্ট কৰিছিল কিন্তু প্ৰাৰ্থিত্ব লাভ নকৰিলে৷ইয়াৰ কাৰণ হ’ল তেওঁৰ সিমান টকা নাই ।ৰাজস্থান বিজেপিত চলি আছে তীব্ৰ সংঘাত । প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু আন মোডী সমৰ্থিত বিজেপি নেতৃত্বক লৈ তীব্ৰ অন্তঃকন্দল আৰম্ভ হৈছে বিজেপিত । বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ এগৰাকী বিধায়কেও লাভ কৰা নাই প্ৰাৰ্থিত্ব । তাৰ বিপৰীতে দললৈ নতুনকৈ অহা সদস্যকো দিছে প্ৰাৰ্থিত্ব ।বসুন্ধৰা ৰাজেৰ নাম এতিয়ালৈকে ঘোষণা নোহোৱাৰ বিপৰীতে বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ সকলৰো নাম ইয়াত সন্নিবিষ্ট হোৱা নাই । বসুন্ধৰা ৰাজেৰ অত্যন্ত ঘনিষ্ঠ ৰাজপাল সিং শেখাৱটৰ পৰিবৰ্তে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোত প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ ৰাজ্যবৰ্ধন সিং ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজেপিয়ে । প্ৰাৰ্থিত্ব হেৰুৱাই মানসিকভাৱে ভাঙি পৰা শেখাৱটে আনকি সামাজিক মাধ্যমত ৰাজ্যবৰ্ধন সিং ৰাথোড় কোনো কামৰ মানুহ নহয় বুলিও উল্লেখ কৰিছে । ঠিক সেইদৰে জয়পুৰ বিধাগাৰ নগৰ আসন খনৰ পৰা দিয়া কুমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে । বিজেপিয়ে ৰাজপৰিয়ালৰ প্ৰতিনিধি দিয়া কুমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰি একপ্ৰকাৰ ৰাজপৰিয়ালৰ আনগৰাকী প্ৰতিনিধি বসুন্ধৰা ৰাজে সিন্ধিয়াক অৱজ্ঞা কৰিছে। বসুন্ধৰা ৰাজেৰ আন এগৰাকী ঘনিষ্ঠ নৰ্পক সিং ৰাজভীক বঞ্চিত কৰি বিজেপিয়ে সেই সমষ্টিত প্ৰাৰ্থিত্ব দিছে দিয়া কুমাৰীক।
মুঠতে নিৰ্বাচনলৈ মাজত মাত্ৰ এটাও মাহ নথকাৰ পিছতো বিজেপিয়ে কোনো সঠিক সিন্ধান্ত ল’ব পৰা নাই ৰাজস্থানত । বসুন্ধৰা ৰাজেক প্ৰাৰ্থিত্ব প্ৰদান নকৰি ৰাজেক দমন কৰিব বিচাৰিছে কেন্দ্ৰীয় নেতৃত্বই । ইফালে বসুন্ধৰা ৰাজেৰ প্ৰতি সমৰ্থন আগবঢ়াই ৰাজেৰ সমাৱেশত অংশ লৈছে ৰাজস্থান বিজেপিৰ গৰিষ্ঠসংখ্যক কৰ্মকৰ্তাই ।২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে ২০০ জনীয়া ৰাজস্থান বিধানসভাত ১০০ খন আসন লাভ কৰিছিল । আনহাতে,২০১৩ চনত বিজেপিয়ে ১৬৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । বসুন্ধৰা ৰাজেৰ ৰাজপুত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰাটোৱে বসুন্ধৰা ৰাজেলৈ যথেষ্ট ধনাত্মক বাৰ্তা কঢ়িয়াই আনিছে । আনহাতে,বসুন্ধৰালৈ যিমানেই ধনাত্মক বাৰ্তা আহিছে বিজেপি সমৰ্থকৰ ফালৰ পৰা সিমানেই শংকিত হৈছে বিজেপি । ইফালে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে যিসকলক স্ক্ৰীণিং কমিটিত ৰাখিছিল তেওঁলোকেও প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কোনো সঠিক সিন্ধান্ত ল’ব পৰা নাই৷মুঠতে ,ৰাজস্থানত পুনৰ গেহলটৰ ভাল দিনৰ ইংগিতেই দিছে বৰ্তমানৰ ৰাজ্যখনৰ সমসাময়িক ৰাজনীতিক প্ৰেক্ষাপটে।

Leave A Reply

Your email address will not be published.